নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ২৪ ঘণ্টাত ওলাল ৭৩ জনৰ দেহত ক’ভিড

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল: গোলাঘাট জিলাত ক’ভিড১৯ৰ দ্বিতীয়টো লহৰত আক্ৰান্তৰ সংখ্যা ৫৪৭ জনলৈ বৃদ্ধি পায় । আজিৰ দিনটোতে নতুনকৈ ৭৩ জন লোকৰ দেহত কভিড-19ৰ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । জিলাখনত বৰ্তমান সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ৪১৫ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ৩৫৬ জনৰ ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ৫৯ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন হৈ থকা লোক সকল বৰ্তমান ৪৫ জন গোলাঘাট কভিড হাস্পতালত, ১২ জন ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত, যোৰহাট মেডিকেল কলেজত ১ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এজন ৰোগী চিকিৎসাধীন হৈ আছে । আজিৰ দিনটোতে ২৮ জন লোক সম্পূৰ্ণ সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিছে চিকিৎসকে ।

আজি ধৰা পৰা ৭৩ জন আক্ৰান্তৰ ভিতৰত কমাৰবন্ধাৰ ৬ , বোকাখাটৰ ১৮, সৰুপথাৰৰ ২১, মিছামৰাৰ ৯, কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৩, চাৰিঙীয়া ১১, মৰঙী ২ জন আৰু গোলাঘাট নগৰ এলেকাত ৩ জন লোক আক্ৰান্ত হোৱা বুলি চিহ্নিত হৈছে ।

You might also like