নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত কভিডে লৈছে ভয়ংকৰ ৰূপঃ ২৪ ঘণ্টাতে প্ৰাণ গ’ল দুজনৰঃ আক্ৰান্তৰ সংখ্যা ৯৪

২৪ ঘণ্টাতে প্ৰাণ গ'ল দুজনৰ :: আক্ৰান্তৰ সংখ্যা ৯৪

নিয়মীয়া বাৰ্তা ৩ মেঃ  মাৰত্মক কৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গোলাঘাট জিলাত । মাত্ৰ ২৪ ঘণ্টাতে দুজন লোকৰ প্ৰাণ কাঢ়িলে মহামাৰী কভিডে । কৰোনা ভাইৰাছৰ দ্বিতীয়টো লহৰত মহাসংক্ৰমণৰ ফলত গোলাঘাট জিলা খনিত ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । যোৱা ২৪ ঘণ্টাত জিলাখনৰ ঢেকিয়াল আৰু বোকাখাট অঞ্চলৰ দুজনকৈ লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে ।

জানিব পৰা মতে, ঢেকিয়ালৰ ৰাজকুমাৰ শইকীয়া নামৰ ৫৯ বছৰীয়া লোক জন যোৱা ২৮ এপ্ৰিলত গোলাঘাট কভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে চিকিৎসকে যোৰহাট মেডিকেল কলেজৰ কভিড হাস্পতাললৈ প্ৰেৰণ কৰে আৰু চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোঁৱালি লয় ।

আনহাতে বোকাখাটৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত আজি শাৰীৰিক অসুস্থতা আৰু উশাহ-নিশাহত কষ্ট অনুভৱ কৰি চিনেশ্বৰ মৰাং নামৰ ৫২ বছৰীয়া লোক জনক ভৰ্তি কৰে যদিও কভিডত আক্ৰান্ত হোৱা লোক জনৰ শৰীৰত অক্সিজেনৰ পৰিমাণ অত্যন্ত কম হোৱাৰ ফলত চিকিৎসাধীন অৱস্থাতে আজি মৃত্যু হয় বুলি জানিব পৰা গৈছে । আনহাতে ২৪ ঘণ্টাত দুজন কৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৯৪ জন লোকৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । বৰ্তমানলৈকে জিলাখনত ৫ জনকৈ লোক এই ভাইৰাছৰ ফলত মৃত্যু ঘটিছে ।

You might also like