নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰীত্ব গেলামাল দোকানৰ সামগ্ৰী নহয়- বিধায়ক মৃণাল শইকীয়া

 নিয়মীয়া বাৰ্তা ৩ মেঃ উৎকণ্ঠাৰ অন্ত পেলাই ঘোষিত হল অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল । জয়-পৰাজয় হোৱা সকলো প্ৰাৰ্থীয়েই হয়তো যুগুত কৰিছে নিজা নিজা পৰিকল্পনা । সম্প্ৰতি বিজয়ী জনপ্ৰতিনিধিক অভূতপূৰ্ব সাদৰ সম্ভাষণ জনাইছে সমষ্টিয়ে সমষ্টিয়ে । ইয়াৰ মাজতে কিছু হ’লেও পৃথক ৰূপত দৃশ্য দেখা গ’ল খুমটাই বিধান সভা সমষ্টিত । সমষ্টিটোৰ পৰা দ্বিতীয় বাৰলৈ নিৰ্বাচিত হোৱা বিধায়ক মৃণাল শইকীয়াই আজি পুৱাৰে পৰা দেখা গ’ল অনন্য ৰূপত । পুৱাৰ ভাগত এমজিএনৰেগা কৰ্মীৰ লগত একেলগে শ্ৰমদান কৰি সময় কটোৱাৰ পিছতে কালি ঘোষিত হোৱা ফলাফলত সমষ্টিটোৰ সৰ্বাধিক ভোট লাভ কৰা ৩নং ভোলাগুৰি অঞ্চলৰ ৰাইজৰ কাষত গৈ অনাগত দিনৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে ।

নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক গৰাকীয়ে সমষ্টিটোৰ সৰ্বাধিক ভোট লাভ কৰা গাঁও খনক সকলো দিশৰ পৰা সৰ্বাংগসুন্দৰ গাঁও গঢ়ি তুলি বিধায়কৰ আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব বুলি প্ৰকাশ কৰিছিল । সেই অনুসৰি হাবিছোৱা গাঁও পঞ্চায়তৰ ৩ নং ভোলাগুৰি গাঁৱত উপস্থিত হৈ নিৰ্বাচনৰ সময়ত প্ৰকাশ কৰ প্ৰতিটো কথা কামৰ জৰিয়তে ৰাইজক উপহাৰ দিয়াৰ উদ্দেশ্য গাঁও খনক ” বিধায়কৰ আদৰ্শ গাঁও” হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে । বানপীড়িত গাঁও খনৰ পথ, উপ পথ, খোৱা পানী, দলং আদিকে ধৰি কৃষিজীৱি গাওঁ খনক সমষ্টিটোৰ আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিব বুলি প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ লগতে বুথ সভানেত্ৰীক বিধায়ক গৰাকীয়ে সম্বৰ্ধনা জনায় ।

উল্লেখ্য যে, তিনি নং ভোলাগুৰি গাঁৱৰ ভোট কেন্দ্ৰত ৩৭৮ টা পুলিং ভোটৰ ৩২৮টা ভোট মৃণাল শইকীয়াৰ সপক্ষে ৰাইজে প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছৰ পক্ষে ১৬ টা, অজাপৰ পক্ষে ১৬ টা ভোট প্ৰদান কৰি বিজেপিৰ সপক্ষে প্ৰদান কৰিছিল। ইয়াৰ পাছতে সংখ্যালঘু অধ্যুষিত এলেকা মূদৈ পথাৰত উপস্থিত হৈ বিধায়ক গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে । উক্ত অঞ্চলত নিৰ্বাচনৰ সময়ত বিজেপিৰ বাহিৰে অন্য ৰাজনৈতিক দলক প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰি ৰাজপথৰ ওপৰত বেনাৰ লগাই দিছিল আৰু সেই অনুসৰি উক্ত অঞ্চলবাসীয়ে ৪১৬ টা ভোট মৃণাল শইকীয়াৰ সপক্ষে প্ৰদান কৰিছিল ।

সমষ্টিটোৰ বিজেপিৰ সপক্ষে সৰ্বাধিক ভোট দান কৰে হাবিছোৱা গাঁও পঞ্চায়তে বুলি জানিব পৰা গৈছে। ইফালে বিধায়ক মৃণাল শইকীয়াৰ সৈতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীত্বৰ সম্পৰ্কত কৰা প্ৰশ্নত বিধায়ক গৰাকীয়ে কয় যে, তেনে কোনো আশা মনত পুহি ৰখা নাই । মন্ত্ৰীত্ব গেলামাল দোকানৰ সামগ্ৰী নহয় । লাক্স চাবোনৰ দৰে মন্ত্ৰীত্ব ক্ৰয় কৰিব নোৱাৰি । তেনে কোনো আশাও নাই সপোনো নাই বুলি প্ৰকাশ কৰি ৰাইজৰ সেৱক হিচাপে ৰাইজৰ লগৰে এজন হিচাপে থকাৰ হে মন বুলি মন্তব্য কৰে ।

You might also like