নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুজনৰ প্ৰাণ কাঢ়িলে মহামাৰী কভিডে; গোলাঘাটত ২৪ ঘণ্টাত ওলাল ১৫৯ জনৰ দেহত ক’ভিডৰ অৱস্থিতি

নিয়মীয়া বাৰ্তা, ৭মে: ক’ভিড-১৯ৰ দ্বিতীয়টো লহৰত গোলাঘাট জিলাখনিত প্ৰতিমূহুৰ্তত বৃদ্ধি পাইছে আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা। যোৱা ২৪ঘণ্টাত জিলাখনিত ১৫৯জনৰ শৰীৰত মহামাৰী ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। এই লৈ জিলাখনিত আক্ৰান্তৰ সংখ্যা ১৫৪৪ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান সক্ৰিয় আক্ৰান্তৰ ৮৪৭জনৰ ভিতৰত ৭০৯জনক হোম আইচ’লেশ্বনত ৰখাৰ বিপৰীতে ১৩৮জন লোক সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৯৩জন গোলাঘাট ক’ভিড হস্পিটেল, ৪০জন ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত আৰু পাঁচজন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আজিৰ দিনটোত আক্ৰান্তৰ ১০৪ জন লোক সম্পূৰ্ণ সুস্থ হৈ উঠাত চিকিৎসকে ঘৰলৈ যোৱাৰ অনুমতি দিছে। আজিৰ দিনটোত সংক্ৰমিত ১৫৯জনৰ ভিতৰত ১৪জন কমাৰবন্ধাৰ, ২৭জন বোকাখাতৰ, ৪২জন সৰুপথাৰ, ২১জন মিছামাছ, ১৮জন শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ, ২২জন চাৰিঙীয়াৰ, ১৪জন মৰঙীৰ আৰু ১জন গোলাঘাট নগৰ এলেকাত ধৰা পৰিছে।

আজিৰ দিনটোত এই ৰোগত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হৈছে। গোলাঘাট জিলাৰ বেঙেনাখোৱাৰ দেৱীমায়া প্ৰধান নামৰ ৫৮ বছৰীয়া মহিলাগৰাকীৰ ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু ঘটে। আনহাতে জিলাখনৰ মহিমা চাহ বাগিছাৰ সহকাৰী পৰিচালক আনন্দ কুমাৰ শ্ৰীবাস্তৱ নামৰ ৪০ বছৰীয়া লোকজন ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে।

You might also like