নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত নতুনকৈ ক’ৰোণাত আক্ৰান্ত ১৭ জন

নিয়মীয়া বাৰ্তা, ৭ মে’: আমচৈ ৰাজ্যিক চিকিৎসালয় সূত্ৰে জানিব পৰা মতে আমচৈ অঞ্চলত নতুনকৈ ১৭জনৰ শৰীৰত ক’ৰোণা সংক্ৰমণ থকা পৰীক্ষা কৰি পোৱা গৈছে । ইয়াৰ ৮ জনে গুৱাহাটীৰ এখন বিয়াত উপস্থিত হৈ ক’ৰোণা সংক্ৰমণ কঢ়িয়াই আনিছে । ইয়াকে লৈ আমচৈ অঞ্চলত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৪৫ জনলৈ বৃদ্ধি পালে । যোৱা চাৰি দিনত অঞ্চলটোত এজনো ক’ৰোণা আক্ৰান্ত নোলোৱাত এই ৰোগৰ সংক্ৰমণ আমচৈ অঞ্চলত স্থিৰ হোৱা বুলি অনুমান কৰা হৈছিল । ইফালে পূৰ্বতে আক্ৰান্ত হোৱা তিনিজনক পুনৰ পৰীক্ষা কৰাত দুজনৰ শৰীৰত এতিয়াও ক’ৰোণাৰ সংক্ৰমণ থকাৰ প্ৰমাণ পোৱা গৈছে । এই আটাইবোৰ ক’ৰোনা সংক্ৰমিতক হোম কৰেইন্টাইনত থকাৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে ।

You might also like