নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ কানিকুছি নিজ বড়িগোগ হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা , ৪ ডিচেম্বৰ:-ৰঙিয়াৰ কানিকুছিত পাঠদান এৰি ধৰ্নাত বহিল ছাত্র-ছাত্ৰী । ৰঙিয়াৰ কানিকুছি নিজ বড়িগোগ হাইস্কুলৰ এশ এবুৰি সমস্যাকলৈ অতিষ্ঠ ছাত্ৰ-ছাত্ৰী সকলে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তি , সময়মতে শিক্ষকৰ উপস্থিতি , বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা , উন্নত প্ৰস্ৰাৱগাৰ নিৰ্মাণ , ভগ্ন ডেস্ক-বেঞ্চ মেৰামতি কৰা , মধ্যাহ্ন ভোজনত পুষ্টিকৰ খাদ্য যোগদান ধৰাকে আদি কৰি বিভিন্ন দাবীত এইসকল ছাত্র-ছাত্ৰীয়ে বিদ্যালয় চৌহদত ধৰ্না প্ৰদৰ্শন কৰে । দীৰ্ঘদিন ধৰি বিদ্যালয়খনত শিক্ষাৰ্থী সকলে শৈক্ষিক অব্যৱস্থাৰ বাবে সমস্যাত ভুগি আহিছে । যাৰ বাবে শিক্ষা গ্ৰহণত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । গণিত আৰু হিন্দী শিক্ষকৰ পদ খালী থকা বাবে এই বিষয় দুটাৰ শিক্ষা গ্ৰহণৰ পৰা ছাত্ৰ-ছাত্ৰী সকল বঞ্চিত হৈ আহিছে । ইয়াৰ উপৰিও বিদ্যালয় গৃহ জহি-খহি যোৱাৰ লগতে ডেস্ক-বেঞ্চ ভাঙি গৈছে । এটুপি বিশুদ্ধ খোৱাপানীৰ দৰে নূন্যতম সুবিধাৰ পৰাও বঞ্চিত হৈছে । মধ্যাহ্ন ভোজনৰ নামত অখাদ্য পৰিবেশন কৰি অহা বুলিও বিদ্যাৰ্থী আৰু অভিভাৱক সকলে অভিযোগ কৰে । শীঘ্ৰে এই চৰকাৰী বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ উন্নত কৰিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনায় ।

You might also like