নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেনেজ নগাঁও পৌৰসভা : চহৰত জধেমধে গঢ়ি উঠিছে পেয়িং গেষ্ট-প্ৰাইভেট হোষ্টেল

বিশেষ বাৰ্তা, ২১ জানুৱাৰীঃ নগাঁও পৌৰসভাৰ একাংশ দুৰ্ণীতিগ্ৰস্ত বিষয়া -কৰ্মচাৰী, পৌৰসভাৰ একাংশ আয়ুক্তৰ অৰ্থলিপ্সাৰ সুযোগ গ্ৰহণ কৰি চহৰখনত অবৈধ নিৰ্মাণ,পাৰ্কিং বিহীন ব্যৱসায়িক প্ৰতিষ্ঠান,নাৰ্ছিংহোম, অবৈধ বাছ ষ্টেণ্ড আদি যধে মধে গঢ়ি তোলা পৰিলক্ষিত হৈছে।এইবোৰ গঢ়ি তোলাৰ প্ৰক্ৰিয়াটোত সংশ্লিষ্ট সকল আৰ্থিক ভাৱে লাভাৱান্বিত হৈছে যদিও ইয়াৰ দুৰ্ভোগ ভুগিব লগা হৈছে চহৰবাসীয়ে। ইপিনে, নগাঁও পৌৰসভাৰে অসাধু মিতিৰালি কৰি চহৰ খনৰ আমোলাপট্টি, পানীগাঁও, হয়বৰগাঁও, উত্তৰ হয়বৰগাঁও,খ্ৰীষ্টান পট্টি, আমিন পট্টি, লাওখোৱা ৰোডকে প্ৰমুখ্যে কৰি বিভিন্ন অঞ্চলত বিভাগীয় অনুমতি অবিহনেই জধে মধে গঢ়ি উঠিছে অসংখ্য প্ৰকাণ্ড প্ৰকাণ্ড ব্যক্তিগত ছাত্ৰাৱাস,ছাত্ৰী নিৱাস আৰু পেয়িং গেষ্ট৷চহৰ খনত দুকুৰি খনৰো অধিক ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজ,পাঁচখন চৰকাৰী স্নাতক কলেজ, এখন পলিটেকনিক আৰু এখন আই টি আই,দুখন বিএড কলেজ আছে।ইপিনে চহৰ খনৰ ৰামানুজন জুনিয়ৰ কলেজ, কনচেপ্ট জুনিয়ৰ কলেজ, মেট্ৰিক্স জুনিয়ৰ কলেজ, গীতাঞ্জলি জুনিয়ৰ কলেজ প্ৰমুখ্যে অধিকাংশ জুনিয়ৰ কলেজৰেই  ফলাফল অতি উন্নত হোৱাত এই শিক্ষানুষ্ঠান সমূহলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সোঁত ববলৈ ধৰিছে৷ চহৰ খনত অৱস্থিত অধিকাংশ জুনিয়ৰ কলেজৰেই ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাস নাই আৰু যি দুখনমান জুনিয়ৰ কলেজৰ ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাস আছে সেই সমূহৰো আসন তেনেই সীমিত। তাৰোপৰি চহৰ খনৰ কে’বাখনো মহাবিদ্যালয়ৰ ছাত্ৰাৱাস-ছাত্ৰী নিৱাস পৰ্যন্ত নাই। যি কেইখন মহাবিদ্যালয়ত ছাত্ৰাৱাস-ছাত্ৰী নিৱাস আছে তাতো আসনৰ সংখ্যা তেনেই সীমিত।সেয়েহে উপায়হীন হৈ দূৰ দূৰণিৰ পৰা নগাঁও চহৰৰ শিক্ষানুষ্ঠানত পঢ়িবলৈ অহা ছাত্র-ছাত্ৰী সকলে থকাৰ সুবিধাৰ বাবেই ব্যক্তিগত ছাত্ৰাৱাস-ছাত্ৰী নিৱাস আৰু পেয়িং গেষ্ট সমূহলৈ ঢাপলি মেলিবলৈ বাধ্য হয়।এনে ধৰণৰ ছাত্র-ছাত্ৰীৰ সংখ্যা হেজাৰ হেজাৰ হোৱাত চহৰ খনত একাংশ লোকে পৌৰসভাৰ অনুমতি অবিহনেই গঢ়ি তুলিছে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকাৰ ব্যক্তিগত ছাত্ৰাৱাস-ছাত্ৰী নিৱাস আৰু পেয়িং গেষ্টৰ।এই ব্যক্তিগত ছাত্ৰাৱাস, ছাত্ৰী নিৱাস, পেয়িং গেষ্ট বোৰ একাংশ লোকৰ বাবে ধন ঘটাৰ আঁহিলাত পৰিণত হৈছে।দূৰ দূৰণিৰ ছাত্ৰ-ছাত্ৰী সকলে যিহেতু নগাঁৱতে থাকিহে অধ্যয়ন কৰিব লাগিব সেয়েহে তেওঁ লোকৰ এই অবস্থাটোৰ সুযোগ গ্ৰহণ কৰি চহৰ খনৰ একাংশ অৰ্থৱান লোকেই নিজৰ খেয়ালখুচি অনুসৰিয়েই প্ৰাইভেটহোষ্টেল, পিজি  ফিজ নিৰ্ধাৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলক শোষণ কৰি অহা পৰিলক্ষিত হৈছে।  জানিব পৰা মতে, চহৰ খনৰ ব্যক্তিগত ছাত্ৰাৱাস-ছাত্ৰী নিৱাস, পেয়িং গেষ্টত থকা-খোৱাৰ খৰচৰ বাবদ আৱাসী সকলে স্বত্বাধীকাৰ সকলক প্ৰতিমাহে সাত হেজাৰ টকাৰ পৰা আঠ-ন হেজাৰ টকা পৰ্যন্ত আদায় দিব লাগে।এই প্ৰাইভেট হোষ্টেল আৰু পেয়িং গেষ্ট সমূহৰ একোটা অত্যন্ত সৰু কোঠাতে তিনি -চাৰি গৰাকী বিদ্যাৰ্থীক থাকিবলৈ দিয়া হয়।সামগ্ৰীৰ ভিতৰত এখন সৰু বিচনা, এখন টেবুলহে যোগান ধৰা হয়।অধিকাংশতে বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্হা নাই।তাৰোপৰি, শৌচাগাৰ,স্নানাগাৰ, প্ৰস্ৰাৱগাৰো আৱাসী বিদ্যাৰ্থীৰ অনুপাতে যথেষ্ট পৰিমাণে কম।কোনো এটা ব্যক্তিগত ছাত্ৰাৱাস-ছাত্ৰী নিৱাসতেই নাই অগ্নি প্ৰতিৰোধক সামগ্ৰী।নিৰাপত্তা ব্যৱস্থাও তেনেই পুতৌলগা।বিশেষকৈ ছাত্ৰী সকলৰ ছাত্ৰী নিৱাস আৰু পেয়িং গেষ্ট সমূহৰ।অধিকাংশতেই নিৰাপদ নহয় আৱাসী ছাত্ৰী সকল।নিৰাপত্তা সুনিশ্চিত নোহোৱা হেতূকেই চহৰ খনৰ ছাত্ৰী নিৱাসত ইতিপূৰ্বে ছাত্ৰীক যূৱকে হত্যা কৰা, ছাত্ৰীয়ে আত্মহত্যা কৰাৰ দ্বৰেও ঘটণা সংঘটিত হৈছে।আনকি চহৰ খনৰ এটা পেয়িং গেষ্টত দিন দুপৰতে তিনি জনীয়া দুৰ্বৃত্তৰ দলে পিজিটোৰ স্বত্বাধীকাৰীক আক্ৰমণ কৰাৰ দৰেও ঘটণা সংঘটিত হৈছে।একাংশ ব্যক্তিগত ছাত্ৰী নিৱাসৰ পকী বেৰা পৰ্যন্ত নাই।ইপিনে, অভিযোগ অনুসৰি, আৱাসী ছাত্ৰ-ছাত্ৰী সকলৰ পৰা হোষ্টেল, পেয়িং গেষ্টৰ স্বত্বাধীকাৰ সকলে প্ৰতিমাহে সাত-আঠ হেজাৰ পৰ্যন্ত টকা আদায় কৰি আহিছে যদিও আৱাসী সকলক অতি নিম্ন মানদণ্ডৰ খাদ্য হে যোগান ধৰা হয় বুলি অভিযোগ উত্থাপিত হৈছে।দাইলৰ নামত দাইল পানী,মাংসৰ নামত ব্ৰয়লাৰ মুৰ্গীৰ মাংস জোল, মাছৰ নামত চালানী মাছহে খুওৱা হয়।প্ৰাইভেট হোষ্টেল আৰু পিজি সমূহৰ নামত চহৰ খনৰ একাংশ লোকে প্ৰতিমাহে লাখ লাখ টকা উপাৰ্জন কৰি আহিছে যদিও ইয়াৰ বাবদ চৰকাৰক এটকাও কৰ আদায় দিয়া নাই।যাৰ ফলত চৰকাৰে লাখ লাখ টকাৰ ৰাজহৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হৈছে।চহৰ খনত পৌৰসভা আৰু প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি অবিহনেই এই ছাত্ৰাৱাস-ছাত্ৰীনিৱাস, পেয়িং গেষ্ট সমূহ চলাই থকা হৈছে যদিও এইবোৰ দেখিও সদায় চকুমুদা কুলিৰ ভাও ধৰি আহিছে নগাঁও পৌৰসভাই।তাৰোপৰি, কৰ্তৃত্বশীল বিভাগ সমূহৰ কোনো বিষয়া-কৰ্মচাৰীয়েই এই ছাত্ৰাৱাস-ছাত্ৰী নিৱাস আৰু পেয়িং গেষ্ট সমূহ পৰিদৰ্শন নকৰে। তাৰোপৰি,চহৰ খনত একাংশ অৰ্থৱান লোকে পৌৰসভা, নগৰ উন্নয়ন প্ৰাধীকৰণৰ অনুমতি অবিহনেই কেইবামহলীয়া অট্টালিকা নিৰ্মাণ কৰি তাত ভাড়া ঘৰৰ এক লাভজনক ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে।জানিব পৰা মতে, চহৰ খনৰ কোনো এজন ভাড়াঘৰৰ মালিকৰেই ভাড়াঘৰ চলোৱাৰ সন্দৰ্ভত বিভাগীয় অনুমতি নাই।ঘৰ ভাড়া দিয়াৰ নামতেই একোজন ভাড়াঘৰৰ মালিকে একোটা পৰিয়ালৰ পৰা প্ৰতিমাহে ৮-১০ হেজাৰ  টকা পৰ্যন্ত আয় কৰি আহিছে।চহৰ খনৰ কেতবোৰ প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকাৰ কক্ষ সমূহ ভাড়ালৈ দি গৰাকীয়ে প্ৰতিমাহে ৭০-৮০হেজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰি আহিছে।কিন্তু এই লাভজনক ব্যৱসায়ৰ বাবদ চৰকাৰে কোনো ৰাজহ লাভ কৰিবলৈ সক্ষম হোৱা নাই। নগাঁও পৌৰসভাৰ এলেকাৰ ভিতৰত একাংশ শ্বপিং মল মুকলি কৰা হৈছে যাৰ পাৰ্কিঙৰ কোনো সু-ব্যৱস্থা নাই। একাংশই সুৰংগ সদৃশ তলৰ মহলাটো পাৰ্কিং স্থান বুলি দেখুৱাইছে যদিও সেই স্থানত কোনো যানবাহন পাৰ্কিং কৰা পৰিলক্ষিত হোৱা নাই।সেই শ্বপিং মল সমূহলৈ বজাৰ কৰিবলৈ অহা লোক সকলে পথৰ ওপৰতে নিজা নিজা বাহন সমূহ পাৰ্কিং কৰাত ভীষণ যানজঁটৰ সৃষ্টি হয়।ঠিক একেদৰে চহৰ খনৰ একাংশ নাৰ্ছিং হোমৰো নাই কোনো ধৰণৰ পাৰ্কিং ব্যৱস্থা।সেই নাৰ্ছিংহোম সমূহৰ এম্বুলেন্সৰ লগতে তালৈ ৰোগী অনা বিভিন্ন লোকৰ বাহন সমূহো দিনৰ নিনটো পথৰ ওপৰতে পাৰ্কিং কৰা পৰিলক্ষিত হয়। ইপিনে, চহৰ খনৰ বিভিন্ন স্হানত, ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত, পৌৰসভাৰ বিভিন্ন পথৰ ওপৰত গঢ়ি উঠা অসংখ্য অবৈধ বাছ,টেক্সী, টেম্পু ষ্টেণ্ড, শ শ অনুঞ্জাপত্ৰ বিহীন টেম্পু, ই-ৰিক্সা, ৰিক্সা, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু গেৰেজৰ পথ-পদপথ বেদখলে ঐতিহ্য মণ্ডিত চহৰ খনক চৰম বিশৃংখল কৰি তুলিছে।যাৰ ফলত যমৰ যন্ত্ৰণা ভূগিব লগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে।নগাঁও পৌৰ এলেকাৰ ভিতৰত সম্প্ৰতি ডেৰ কুৰিৰো অধিক বাছ, টেক্সী, টেম্পু ষ্টেণ্ড আছে যদিও ইয়াৰে একাংশৰহে বিভাগীয় অনুঞ্জাপত্ৰ আছে।পৌৰসভা, পৰিবহন বিভাগ আৰু আৰক্ষীৰ পৰোক্ষ পৃষ্ঠপোষকতাত চহৰ খনত কুৰিটাৰো অধিক এনে ষ্টেণ্ড সম্পূৰ্ণ অবৈধ ভাৱে চলাই থকা বুলি অভিযোগ উঠিছে।এই অবৈধ ষ্টেণ্ড সমূহ চলাই থকাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ একাংশ দুৰ্ণীতিগ্ৰস্ত বিষয়াৰে ধনৰ লেনদেন হোৱা বুলিও বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে নগাঁও পৌৰ এলেকাৰ ভিতৰত অৱস্থিত প্ৰায় আটাইবোৰ বৈধ, অবৈধ বাছ, টেক্সী, টেম্পু ষ্টেণ্ডৰ প্ৰয়োজনীয় ভূমি নাই।মাত্ৰ আধা কঠা, এক-দুই কঠা মাটিত একাংশ ষ্টেণ্ড স্হাপন কৰি আটাইবোৰ বাহনেই ৰাজপথৰ ওপৰত ৰখাই পথৰ ওপৰতেই যাত্ৰী উঠোৱা নমোৱা কৰি থকা দেখা গৈছে।চহৰ খনৰ একুৰিৰো অধিক অবৈধ বাছ, টেক্সী, টেম্পু ষ্টেণ্ড আছে যাৰ এক ইঞ্চিও মাটি নাই।ৰাজপথতেই সেই ষ্টেণ্ড সমূহ বছৰ বছৰ ধৰি চলাই থকা পৰিলক্ষিত হৈছে। মাত্ৰ দুটামান ষ্টেণ্ডৰ বাহিৰে আন কোনো এটা ষ্টেণ্ডতেই যাত্ৰীৰ বাবে শৌচাগাৰ, প্ৰস্ৰাৱগাৰ, খোৱা পানীৰ কোনো ব্যৱস্থা নাই।
You might also like