নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেঞ্চাৰ শিক্ষানুষ্ঠানলৈ সুখবৰ: ১৯৭ হাইস্কুল–৯ উচ্চতৰ মাধ্যমিক–১৪৯ জুনিয়ৰ কলেজ–৩০ কলেজৰ ৪,২৯০টা পদ হ’ব প্রাদেশিকীকৰণ

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কর্মৰত শিক্ষক–শিক্ষয়িত্রী– বাবে সুখবৰ৷ আর্থিক দীনতাৰ মাজতো নির্বাচনী প্রতিশ্রুতি পূৰণ কৰি ভেঞ্চাৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ বাবে পদক্ষেপ গ্রহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ অহা ১৫ আগষ্টৰ ভিতৰত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ ক্ষেত্রত পদক্ষেপ গ্রহণৰ বাবে শিক্ষা বিভাগে যি প্রতিশ্রুতি দিছিল, সেয়া এতিয়া কার্যকৰী কৰিবলৈ অগ্রসৰ হৈছে৷ আজি জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অহা ১৫ আগষ্টত প্রাদেশিকীকৰণৰ প্রথমখন তালিকা প্রকাশ পাব৷ অৱশ্যে ক’ৰোনাৰ বাবে প্রাথমিক পর্যায়ৰ শিক্ষানুষ্ঠানসমূহ ক্ষেত্রভিত্তিক পৰিদর্শন কৰাৰ অৱস্থা যিহেতু এতিয়া নাই, সেয়ে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ প্রাদেশিকীকৰণৰ তালিকা অহা অক্টোবৰ মাহতহে প্রকাশ পাব৷ ১৫ আগষ্টত মাধ্যমিক শিক্ষা বিভাগৰ প্রাদেশিকীকৰণৰ তালিকা প্রকাশ পাব যদিও আটাইকে একেলগে প্রাদেশিকীকৰণ কৰাৰ লক্ষ্য আগত ৰাখি অহা বছৰৰ ১ জানুৱাৰীৰ পৰাহে সেই প্রাদেশিকীকৰণ কার্যকৰী হ’ব৷

সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে প্রথম তালিকাত ১৯৭খন হাইস্কুল, ৯খন উচ্চতৰ মাধ্যমিক, ১৪৯খন জুনিয়ৰ কলেজ প্রাদেশিকীকৰণ হ’ব৷ সেইদৰে যোৱাবাৰ বাদ পৰি যোৱা মাধ্যমিক শিক্ষা বিভাগৰ ৪১৪গৰাকী শিক্ষক আৰু ৯৭গৰাকী জুনিয়ৰ কলেজ শিক্ষকৰ পদ প্রাদেশিকীকৰণ হ’ব৷ প্রথম পর্যায়ত মুঠ ৩,৩৫৯গৰাকী মাধ্যমিক শিক্ষাৰ শিক্ষক–শিক্ষয়িত্রীৰ পদ প্রাদেশিকীকৰণ হ’ব৷ সেইদৰে পূর্বতে অর্হতা নথকা আৰু ইতিমধ্যে অর্হতা অর্জন কৰা মুঠ ৬৯০গৰাকী কলেজ শিক্ষকৰো পদ প্রাদেশিকীকৰণ হ’ব৷ অনুৰূপ ধৰণে নতুনকৈ ৩০খন কলেজৰ ২৪১ পদ প্রাদেশিকীকৰণ হ’ব৷ প্রথম পর্যায়ত সকলো মিলি মুঠ ৪,২৯০টা পদ প্রাদেশিকীকৰণ হ’ব৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ প্রাদেশিকীকৰণৰ তালিকাখন অহা অক্টোবৰ মাহত প্রকাশ পাব৷ সম্প্রতি প্রাথমিক শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ পৰিপ্রেক্ষিতত প্রকৃততে সেই বিদ্যালয়ৰ অস্তিত্ব সম্পর্কত ক্ষেত্রভিত্তিক পৰিদর্শন কৰিব পৰা হোৱা নাই বাবেই এতিয়াই সেই তালিকা প্রকাশ কৰিব পৰা হোৱা নাই৷ প্রাদেশিকীকৰণৰ বাবে আবেদন কৰা ৫ হাজাৰ প্রাথমিক শিক্ষানুষ্ঠানৰ পৰাই মূলতঃ দ্বিতীয়খন তালিকা প্রকাশ কৰা হ’ব৷

মন্ত্রী ড০ শর্মাই কয় যে শিক্ষা বিভাগ সম্পর্কত চৰকাৰে দিয়া প্রতিটো সমস্যাৰে ইতিমধ্যে সমাধান কৰিছে৷ বর্তমান কেৱল অনিয়মিত আৰু অবৈধ শিক্ষকৰ সমস্যাটো সমাধান হ’বলৈ বাকী আছে৷ অহা এক–ডেৰ মাহৰ ভিতৰত সেই সমস্যাও সমাধানৰ ব্যৱস্থা কৰা হ’ব৷ আর্থিক দীনতাৰ মাজতো চৰকাৰে প্রতিশ্রুতিসমূহ পূৰণৰ ব্যৱস্থা কৰিছে৷ ইপিনে, আজিৰ সংবাদ মেলখনতে স্বাস্থ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনৰ ১৬খনকৈ কলেজত নতুনকৈ বিজ্ঞান শাখা প্রৱর্তন কৰাৰ বিষয়ে ঘোষণা কৰে৷ এই শিক্ষাবর্ষৰ পৰাই বিজ্ঞান শাখা প্রৱর্তন হ’বলগীয়া উক্ত কলেজকেইখন হৈছে– বৰপেটাৰ জি এল চি কলেজ, বিশ্বনাথৰ বিহালী কলেজ, ধেমাজিৰ চিলাপথাৰ কলেজ, চাবুৱাৰ ডিডিআৰ কলেজ, গোলাঘাটৰ জয়া কলেজ, গুৱাহাটীৰ এছ বি দেওৰা কলেজ, হাজোৰ সুৰেন দাস কলেজ, কার্বি আংলঙৰ ইষ্ট কার্বি আংলং কলেজ, ডিমা হাছাওৰ মাইবং কলেজ, কৰিমগঞ্জৰ পাথাৰকান্দি কলেজ, মাজুলীৰ জেংৰাইমুখ কলেজ, নগাঁৱৰ নগাঁও কলেজ, নলবাৰীৰ বৰক্ষেত্রী কলেজ, শোণিতপুৰৰ ৰঙাপৰা কলেজ, তিনিচুকীয়াৰ শদিয়া কলেজ আৰু টুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় কলেজ৷ উক্ত কলেজকেইখনত ২৪০ অধ্যাপক–ধ্যাপিকা আৰু ৮০ তৃতীয়–চতুর্থবর্গৰ্ পদসহ মুঠ ৩২০টা নতুন পদ সৃষ্টি কৰা হৈছে৷ উক্ত কলেজৰ গৱর্নিং কমিটীয়ে সেই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব আৰু ডেৰ মাহৰ ভিতৰত নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিব৷ এইবাৰ ক’ৰোনাৰ বাবে বহু ছাত্র–ছাত্রী যিহেতু বাহিৰত অধ্যয়নৰ বাবে নাযাব, সেয়ে এই শিক্ষাবর্ষতেই উক্ত কলেজকেইখনত বিজ্ঞান শাখাৰ শিক্ষাদান আৰম্ভ কৰাৰ ব্যৱস্থা লোৱা হৈছে৷

You might also like