নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনলক–৩: কার্যালয়ত উপস্থিত থাকিব লাগিব ১০০ শতাংশ কর্মচাৰী

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: সমগ্র দেশত আৰম্ভ হৈছে আনলক–৩৷ অসমতো ক’ৰোনাজনিত পৰিস্থিতি ক্রমাৎ ভাললৈ অহাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে বাহাল থকা বাধা নিষেধৰ ক্ষেত্রতো নতুনকৈ কিছু শিথিলতা আনিছে৷

এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে এতিয়াৰে পৰা প্রতি সপ্তাহৰ সোম আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত কৰিব পাৰিব৷ উক্ত দুটা দিনত আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত অনুমতি প্রদান কৰা হৈছে৷ সেইদৰে কার্যালয়ত এতিয়াৰে পৰা এশ শতাংশ কর্মচাৰীৰ উপস্থিতিত অনুমতি প্রদান কৰা হৈছে৷ দোকান–পোহাৰ খোলাৰ ক্ষেত্রত বর্তমান বাহাল থকা এদিন ৰাস্তাৰ এফালৰ, আনদিনা অন্য দিশৰ দোকান খোলাৰ নীতি বাহাল থাকিব৷ পথৰ এটা ফালে যিদিনা দোকান খোলা থাকিব, সেইফালে থকা শ্বপিং মল, জীম, চেলুন আদি সকলো খোলা ৰাখিব পাৰিব৷

কেৱল এদিন এটা দিশৰ, আন এদিন এটা দিশৰ নীতিৰ অধীনত দোকান–পোহাৰ খোলা ৰাখিব লাগিব৷ আনহাতে প্রতিদিনে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ৰাজ্যখনত সান্ধ্য আইন বাহাল থাকিব৷ একেদৰে প্রতিসপ্তাহত শনি আৰু দেওবাৰে চহৰাঞ্চলত সম্পূর্ণ লকডাউন বাহাল থাকিব৷ সংবাদ মেলখনত তেওঁ অহা ৩০ আগষ্টৰ ভিতৰত ৰাজ্যখনৰ পৰিস্থিতি ভাললৈ অহাৰ আশা ব্যক্ত কৰি কয় যে এইক্ষেত্রত ৰাইজে সম্পূর্ণ সহযোগ কৰিব লাগিব৷ জনসাধাৰণে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব৷

You might also like