নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ দিল্লীত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কেবিনেট বৈঠক

বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰঃ চলিত বর্ষৰ অন্তিমখন কেবিনেট বৈঠক কাইলৈ দিল্লীত অনুষ্ঠিত হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ এইখন হ’ব দিল্লীত দ্বিতীয়খন কেবিনেট বৈঠক৷ উল্লেখ্য যে ২৩ নৱেম্বৰত দিল্লীত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল৷ কাইলৈৰ কেবিনেট বৈঠকৰ বাবে মুখ্যমন্ত্রীয়ে জৰুৰীভাৱে ৰাজ্যৰ সকলো বিভাগৰ মন্ত্রীক দিল্লীলৈ তলব কৰিছে৷ ইতিমধ্যে কেইবাগৰাকী মন্ত্রী দিল্লীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে৷ কাইলৈ দিনৰ ১০.৩০ বজাত দিল্লীস্থিত আছাম হাউছত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব৷ মন্ত্রী কেশৱ মহন্তই আজি সদৰী কৰা অনুসৰি সমষ্টি পুনৰ নির্ধাৰণ, আগন্তুক সময়ত ক’ভিড বিধি আদিকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত এই কেবিনেট বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, দিল্লীলৈ ৰাওনা হোৱাৰ পূর্বে মন্ত্রী জয়ন্তমল্ল বৰুৱাই কয় যে সকলো মন্ত্রীক দিল্লীলৈ মাতি পঠিওৱা হৈছে যদিও কোনো মন্ত্রী যদি উপস্থিত থাকিব নোৱাৰে তেন্তে তেওঁ ভার্চুৱেলী কেবিনেট বৈঠকত অংশগ্রহণ কৰিব পাৰিব৷

You might also like