নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙানদীৰ চাপৰিত সেউজ সপোনে মেলিছে পোখা: খেতি কৰিয়েই দুলেন-বিপুল-সান্তনা-সদাৰ  বছৰি লক্ষাধিক টকা উপাৰ্জন  

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: নদীৰ দেশ অসম।নদী অসমৰ বিপদো ,সম্পদো। বাৰিষাৰ কালৰূপ ধৰি নৈয়ে যদি কন্দুৱাই,খৰালি তাৰ পলসুৱা চাপৰিত লহপহকৈ বাঢ়ি অহা ৰবি শস্যই কৃষকৰ মুখত হাঁহি বিৰিঙাই। ঠিক সেইদৰে  বাৰিষাত সংহাৰী ৰূপ ধাৰণ কৰা ৰঙানদীয়ে পেলাই থৈ যোৱা পলসুৱা বালিময় চাপৰিত সপোন ৰচিছে দুলেন ,সান্তনা,বিপুল আৰু সদাহতে। যি ৰঙানদী বাৰিষা কাল হৈ পৰে তাৰেই চাপৰিত লহপহকৈ বাঢ়িছে এই চাৰি যুৱকৰ সেউজীয়া সপোন। প্ৰায় এটা দশকেই হল নাওবৈচা ৰঙানদী পাৰৰ এই বালিময় চাপৰিত যুৱককেইজনে কৰি আহিছে ৰবি শস্যৰ খেতি।  লখিমপুৰৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰা এই  বালি চাপৰিটোতেই চাৰি যুৱকে বিগত ১০-১১ বছৰে প্ৰায় ৩০ বিঘা মাটিত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি নিজেই বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম   হোৱাৰ লগতে অঞ্চলটোৰ আন দহ জন ব্যক্তিক উপাৰ্জনৰ পথ দেখুৱাইছে ৷

তদুপৰি  চাৰি যুৱকে ব্যৱসায় ভিত্তিত জাতি লাও,বন্ধাকবি,ফুলকবি,জলকীয়া,বিলাহী,আলু-মাটিমাহৰ খেতি কৰি আহিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ৷ লক্ষণীয়ভাৱে শিক্ষিত যুৱক চাৰিজনে খেতিসমূহত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কেৱল কেঁচুসাৰ প্ৰয়োগ কৰিয়েই  লখিমপুৰৰ ভিতৰতেই অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷  এই চাৰি যুৱকৰ উৎপাদিত শাক-পাচলি নিবলৈ জিলাখনৰ লগতে ধেমাজি, শোণিতপূৰ আৰু বহিঃৰাজ্য অৰুণাচল প্ৰদেশৰ বেপাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। কিন্তু মিছিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা চাৰিগৰাকী উদ্যমী যুৱ কৃষকে মিছিং যুৱক হোৱাৰ পিছতো আজিপৰ্যন্ত সামান্যতমো সুবিধা পোৱা নাই বুলি মন্তব্য কৰে ৷ অসম চৰকাৰৰ কৃষি বিভাগ অথবা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা অঞ্চলটোত অৰ্থনৈতিক দিশত সবল ভূমিকা গ্ৰহণ কৰি অহা যুৱক দুজনক চৰকাৰী ভাৱে সাহাৰ্য আগবঢ়ালে ভবিষ্যতে হয়তো অঞ্চলটোত বহু শিক্ষিত যুৱক কৃষিৰ জৰিয়তে স্বাৱলম্বী হবলৈ ওলাই আহি ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰি তুলিব বুলি তেওঁলোকে মন্তব্য কৰে।

You might also like