নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিচাত বন্য হস্তীৰ আক্ৰমণত নিহত দুই যুৱক

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিচাত শোকাৱহ ঘটনা।নিশা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল দুজনকৈ যুৱকৰ।দেওবাৰে নিশা বৰদিন উদযাপন কৰি ঘৰলৈ উভতি অহাৰ সময়তে মঞ্জুশ্ৰী বাগিচাৰ ১০ নং লাইনত বনৰীয়া হাতীৰ আক্ৰমণ নিহত হয় বিকাশ তাঁতী(১৯) আৰু গোবিন তাঁতী(১৮)নামৰ দুই যুৱক।বনৰীয়া হাতীৰ আক্ৰমণত দুই যুৱকৰ মৃত্যু ঘটাৰ পাছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।হাতী মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ হোৱা বন বিভাগক জবাবদিহি কৰে ক্ষোভিত ৰাইজে।মৃতকৰ পৰিয়ালক উচিত ক্ষতি পূৰণ আৰু হাতী মানুহৰ সংঘাতৰ সমস্যা সমাধানৰ দাবীত ক্ষোভিত ৰাইজে ঘেৰাও কৰে জবাবদিহি কৰে বন বিষয়া ধীমাংশু শইকীয়াক।অৱশ্যে অৱশেষত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রশাসনক গতালে মঞ্জুশ্ৰীবাসী ৰাইজে।ৰাইজৰ দাবী সমূহ আৰু নিহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাস বন বিভাগ আৰু চৰাইদেউ জিলা প্রশাসনৰ।

দীপাংকৰ পাল, সোণাৰি।

You might also like