নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মদনপুৰ টোলগেটৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ সকলো নীতি–নিয়ম জলাঞ্জলি দি এটি ঘন জনবসতিপূর্ণ বৃহত্তৰ অঞ্চলত ৰাজহ সংগ্রহৰ স্বার্থত প্রতিষ্ঠা কৰা মদনপুৰ টোলগেটৰ বিৰুদ্ধে অৱশেষত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল দুগৰাকী সচেতন নাগৰিক৷

প্রাপ্ত তথ্য অনুসৰি,  চহিদুল ইছলাম আৰু দিলীপ ডেকা নামৰ দুগৰাকী সমাজকর্মীয়ে উচ্চ ন্যায়ালয়ত তৰা ৭৯/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজডিত আবেদনখনৰ ভিত্তিত মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ যুটীয়া খণ্ডপীঠে ইতিমধ্যে চৰকাৰ তথা ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণলৈ জাননী জাৰি কৰিছে৷ আবেদনকাৰী চহিদুল ইছলামে জানিবলৈ দিয়া মতে, আদালতে কেন্দ্রৰ     লগতে অসমৰ মুখ্য সচিব, ৰাজ্যিক পৰিবহণ বিভাগৰ আয়ুক্ত সচিব, ৰাজ্যিক গডকাপ্ঢানী বিভাগৰ মুখ্য অভিযন্তা, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ উত্তৰ–পূর্বাঞ্চলৰ সঞ্চালক আৰু কামৰূপ জিলাৰ উপায়ুক্তলৈ জাননী জাৰি কৰি অহা ২৬ মার্চ পৰৱর্তী শুনানিৰ দিন ধার্য কৰিছে৷ নিয়ম বহির্ভূতভাৱে স্থাপন কৰা মদনপুৰ টোলগেটৰ বিসংগতিপূর্ণ দিশসমূহ আবেদনত প্রতিফলিত কৰা বুলি প্রকাশ কৰি অন্যতম আবেদনকাৰী চহিদুল ইছলামে এই প্রতিবেদকক জানিবলৈ দিয়ে যে ২৪ ঘণ্টাই ব্যস্ত ৰাষ্ট্রীয় পথত মাত্র ছয়টা কাউণ্টাৰেৰে ৰাজহ সংগ্রহৰ কাম চলি আছে৷ ফলত দিনে–নিশাই যান–জঁটে ৰাইজক হাৰাশাস্তি কৰিছে৷

ৰাজহ লোৱাৰ ক্ষেত্রত তিনি মিনিটতকৈ অধিক সময় গাডী ৰখাই থ’ব নোৱাৰে যদিও সম্প্রতি ৩০ মিনিটৰ পৰা ৪৫ মিনিটপর্যন্ত বিভিন্ন বাহন যান–জঁটত আবদ্ধ হৈ থাকে৷ এই টোলগেটৰ শব্দ–বায়ু প্রদূষণ তথা যান–জঁটৰ বাবে ৫০ মিটাৰ দূৰত্বত অৱস্থিত  মদাৰতলা বিদ্যাপীঠ হাইস্কুল নামৰ এখন চৰকাৰী বিদ্যালয় বন্ধ হৈ পৰাৰ উপক্রম হৈছে৷ ২০–৩০ মিটাৰ দূৰৈৰ পৰা অৱস্থিত পৰিয়ালসমূহৰ শব্দ প্রদূষণ, বায়ু প্রদূষণ, নিশাৰ ভাগত ফ্লাড লাইটৰ পোহৰে শান্তিৰ নিদ্রা হৰণ কৰিছে৷  টোলগেট স্থানান্তৰ কৰি উচ্চ ন্যায়ালয়ে এই বৃহত্তৰ অঞ্চলৰ ৰাইজক ন্যায় প্রদান কৰিব বুলি আবেদনকাৰীয়ে আশা ব্যক্ত কৰিছে৷

You might also like