নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অক্লান্ত প্রহৰী সাহসিকতা বঁটা প্রদান

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ বিগত ২০২০ বর্ষত অতি মহামাৰীৰ ৰূপত প্রাদুর্ভাৱ ঘটা ক’ভিড–১৯ৰ ভয়াৱহতাৰ সময়ছোৱাত জনসাধাৰণৰ মাজত সজাগতা, স্বাস্থ্যকর্মী, আৰক্ষী আৰু সংবাদকর্মীক উৎসাহ আৰু মনোবল বৃদ্ধি কৰাত অগ্রণী ভূমিকা পালন কৰা শিক্ষা, স্বাস্থ্য, লোকনির্মাণ আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কালি চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ৰজাপুখুৰীত অনুষ্ঠিত এখন বৃহৎ ৰাজহুৱা সভাত ‘চৰাইদেউ বাতৰি’ কাকতৰ তৰফৰ পৰা অক্লান্ত প্রহৰী সাহসিকতাৰ বঁটা প্রদান কৰে কাকত কর্তৃপক্ষই৷

উল্লেখ্য যে ‘চৰাইদেউ বাতৰি’ৰ একাদশ বর্ষপূর্তিৰ লগত সংগতি ৰাখি প্রদান কৰিবলগীয়া সাহসিকতাৰ বঁটা ঘোষণা কৰিছিল যদিও মন্ত্রীগৰাকীয়ে বঁটা গ্রহণৰ বাবে সময় দিব পৰা নাছিল৷ সেয়ে কালি চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পূজনৰ নিমিত্তে উপস্থিত হোৱা ৰাজহুৱা সভাত স্বাস্থ্যমন্ত্রীগৰাকীয়ে ক’ভিড যোদ্ধাৰূপে নিজক উছর্গা কৰা বাবে কাকতখনে প্রদান কৰা ‘অক্লান্ত প্রহৰী’ সাহসিকতাৰ বঁটা গ্রহণ কৰে৷ বঁটা প্রদান অনুষ্ঠানত যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, ৰাজ্যিক লোকনির্মাণ তথা ৰাজহ মন্ত্রী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ উপস্থিতিত মন্ত্রীগৰাকীক বঁটা প্রদান কৰে ‘চৰাইদেউ বাতৰি’ৰ মুখ্য উপদেষ্টা ধর্মেশ্বৰ কোঁৱৰ আৰু মুখ্য সম্পাদক মৃদুল কুমাৰ চাহুৱে৷ এখন পাটৰ চেলেং চাদৰ, স্মাৰক ফলকৰ উপৰি তাম্রপত্র মন্ত্রীগৰাকীক প্রদান কৰা হয়৷ বঁটা প্রদানৰ ক্ষেত্রত সহযোগ কৰে কাকতখনৰ হৈ সন্দীপ নেওগ আৰু পংকজ ৰাজখোৱাই৷

You might also like