নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২৬ সমষ্টিত প্রার্থী দিব এন আৰ চি দলে

নিয়মীয়া বাৰ্তা, ২৮ ফেব্রুৱাৰীঃ সমাগত বিধানসভা নির্বাচনত অসমৰ ১২৬টা বিধানসভা সমষ্টিতেই প্রতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য স্থিৰ কৰিছে নেচনেল ৰিপাব্লিকান কংগ্রেছ চমুকৈ এন আৰ চি দলে৷

বিজেপি মিত্রজোঁট চৰকাৰৰ অপশাসনৰ অৱসানৰ হকে ৰাজ্যবাসীক নির্বাচনত সঠিক সিদ্ধান্ত গ্রহণ কৰিবলৈ দলৰ কেন্দ্রীয় সভাপতি গোলাপ মজুমদাৰ আৰু সাধাৰণ সম্পাদক ভদ্রেশ্বৰ বর্মনে এক বিবৃতিত আহ্বান জনায়৷

বিবৃতিটোত উল্লেখ কৰা মতে, এন আৰ চি দলৰ কেন্দ্রীয় কমিটীৰ বৈঠকত গৃহীত সিদ্ধান্ত মর্মে দুর্নীতি–ভ্রষ্টাচাৰ, ছিণ্ডিকেটৰাজ তথা চৰকাৰৰ গণতন্ত্রবিৰোধী তথা স্বৈৰতান্ত্রিক নীতিৰ বিৰুদ্ধে দলে ১২৬টা সমষ্টিতেই প্রার্থী প্রক্ষেপ কৰিব৷

মূল্যবৃদ্ধি ৰোধ, বৃহৎ নদীবান্ধ নির্মাণ বন্ধ কৰা, অত্যাৱশ্যকীয় ঔষধত অবাধ মূল্যবৃদ্ধিত বিশ্ব স্বাস্থ্য সংস্থাই হস্তক্ষেপ কৰা, কেন্দ্রীয় চৰকাৰৰ কৃষি আইন প্রত্যাহাৰ কৰা, ৰাষ্ট্রীয় সম্পদ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ বন্ধ কৰা, ভূমিৰ অধিকাৰত শ্রেণীবৈষম্য ৰোধ কৰা, কৃষিৰ অনুপযোগী চৰ–চাপৰিৰ মাটিৰ খাজনা ৰেহাই দিয়াৰ লগতে শ্রেণীবৈষম্যহীনেৰে মাটিৰ পট্টা প্রদান কৰা, ৰাজ্যখনত ব্যাপক কর্মসংস্থাপনৰ সৃষ্টিৰ লক্ষ্যৰে আৰু ৰাজ্যখনত শিক্ষাখণ্ডৰ নতুন শিক্ষানীতিৰ ঘোৰ বিৰোধিতাৰে এন আৰ চি দলে জনসাধাৰণৰ কাষ চাপিব৷

You might also like