নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মাৰ শপতগ্রহণ অনুষ্ঠান টিভিত চাই আত্মহাৰা কাঞ্চন

নিয়মীয়া বাৰ্তা ১১ মেঃ ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ৰূপে শপত ল’লে জননেতা ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাৰ শপত গ্রহণ অনুষ্ঠান টিভিত চাই আনন্দত আত্মহাৰা হৈ পৰিল ওদালগুৰিৰ এটি শিশু৷ ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হিচাপে শপত লোৱাত আনন্দত আত্মহাৰা হৈ তেওঁৰ শপত গ্রহণ অনুষ্ঠান একেৰাহে উপভোগ কৰা এই শিশুটি হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ফেচবুক আৰু ইনষ্টাগ্রামৰ প্র’ফাইল ফটোত তেওঁ কোলাত লৈ থকা শিশুটি৷ এই শিশুটি হ’ল ওদালগুৰি জিলাৰ অতি পিছপৰা গাঁৱৰ দৰিদ্র পৰিয়ালৰ চাৰি বছৰীয়া কন্যা কাঞ্চন বিষ্ট৷

কাঞ্চন ওদালগুৰি জিলাৰ অতি পিছপৰা কচুৰাবাৰী হাবি নামৰ এখন গাঁৱৰ দৰিদ্র পৰিয়ালৰ মাইলা বিষ্ট নামৰ লোকজনৰ এগৰাকী চাৰি বছৰীয়া কন্যা সন্তান৷ যিখন গাঁৱত আজিলৈকে উন্নয়নে স্পর্শ কৰিব পৰা নাই, যিখন গাঁৱত আজিলৈ ম’বাইল নেটৱর্ক নাপায় আৰু যাতায়াতৰ কোনো ব্যৱস্থা নাই সেই গাঁওখনত এবাৰ নির্বাচনী প্রচাৰ চলাবলৈ যোৱাৰ সময়ত কাঞ্চনক কোলাত তুলি নির্বাচনী গীতত নৃত্য কৰিছিল মুখ্যমন্ত্রী ড০ শর্মাই৷ ড০ শর্মাৰ লগত একেলগে নৃত্য কৰিছিল অঞ্চলটোৰ বহু যুৱক–যুৱতীয়ে৷

সোমবাৰে তেওঁ মুখ্যমন্ত্রী হিচাপে শপত লোৱাত ওদালগুৰিৰ এই কচুৰাবাৰী হাবি নামৰ অতি ভিতৰুৱা অঞ্চলতো আনন্দৰ লহৰ বিৰাজ কৰাৰ লগতে তেওঁৰ লগতে একেলগে নৃত্য কৰা যুৱতীসকলো আনন্দত উৎফুল্লিত হৈ পৰিছে৷ ড০ শর্মাই কোলাত লৈ নির্বাচনী গীতত নৃত্য কৰা কণমানি কাঞ্চন অতি উৎফুল্লিত হৈ পুৱাৰ পৰাই টিভিৰ সন্মুখত থাকি মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ শপতগ্রহণ অনুষ্ঠান উপভোগ কৰিছে৷ কোনো এটা ম’বাইল কোম্পানীৰ নেটৱর্ক নোপোৱা উক্ত গাঁওখনত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ প্রতিশ্রুতিৰ পাছতেই গাঁওখনত ম’বাইল টাৱাৰ নির্মাণ কৰি ম’বাইল সেৱা সুচল কৰি তোলা হয়৷

ড০ শর্মাই এই পিছপৰা শিশুৰ সৈতে তোলা ফটো এখন নিজৰ প্র’ফাইল ফটো হিচাপে ফেচবুক আৰু ইনষ্টাগ্রামত ব্যৱহাৰ কৰাত কাঞ্চনৰ লগতে তেওঁৰ পৰিয়াল আৰু সমগ্র অঞ্চলবাসী গৌৰৱান্বিত৷ সোমবাৰে জননেতা ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে ওদালগুৰিৰ এই পিছপৰা অঞ্চলতো উন্নয়নৰ নতুন জোৱাৰ আনিব বুলি আশাবাদী হৈ ৰৈছে কাঞ্চনৰ পৰিয়ালৰ লগতে অঞ্চলবাসী৷

You might also like