নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমবাসীয়ে হিয়া উজাৰি ভাল পোৱা মানুহজন

- চন্দন কুমাৰ নাথ

অসম বিধানসভাৰ ফলাফল ঘোষণা হ’ল আৰু সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই অসমবাসীয়ে পুনৰবাৰ বিজেপিকে জয়যুক্ত কৰোৱাই নিজৰ নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিলে৷ তাৰ পাছত আহিল মুখ্যমন্ত্রী পদৰ বাবে নতুন মুখ দেখা পোৱাৰ হেঁপাহ৷ সংবাদ মাধ্যমত যেতিয়াই খবৰটো পালোঁ যে ড০ হিমন্ত বিশ্ব শর্মা অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হ’ব, তেতিয়াই মনলৈ এটা কথা আহিছিল যে নিঃসন্দেহে তেওঁ এই পদটোৰ বাবে উপযুক্ত প্রার্থী৷ কিয়নো, বর্তমান সময়ত চাবলৈ গ’লে বিজেপিৰ তেৱেঁই একমাত্র শক্তিশালী নেতা, যাৰ শক্তিশালী তথা বলিষ্ঠ নেতৃত্বৰ ফলস্বৰূপে ৰাজ্যত আকৌ এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল৷ আজিৰ তাৰিখত চাবলৈ গ’লে অকল ময়েই নহয়, গোটেই অসমবাসীয়ে বহু অপেক্ষাৰে ৰৈ আছিল অসমৰ পৰৱর্তী মুখ্যমন্ত্রীৰ নাম শুনিবলৈ৷ কিন্তু প্রতিদিনে সংবাদ মাধ্যমত দেখিবলৈ পাওঁ যে কাইলৈ হ’ব মুখ্যমন্ত্রীৰ নাম ঘোষণা৷ কাইলৈ কাইলৈ কৰি থাকোঁতেই এসপ্তাহ ধৰি দলটোৰ শীর্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈ অৱশেষত শুভ বার্তা আমাৰ মাজলৈ আহিল যে ড০ হিমন্ত বিশ্ব শর্মা হ’ব অসমৰ পৰৱর্তী মুখ্যমন্ত্রী৷ এইটো খবৰে এতিয়া ৰাজ্যৰ চাৰিওফালে যেন সুখৰ জোৱাৰ তুলিবলৈ সক্ষম হ’ল৷ কিয়নো তেওঁৰ দৰে এজন দক্ষ নেতাৰ বর্তমান অসমৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত অত্যন্ত জৰুৰী বুলি মই অনুভৱ কৰোঁ৷ তেওঁৰ প্রতিটো কার্যৰ লগত অসমবাসীৰ মৰম আৰু আদৰ জডিত হৈ আছে৷ স্বাস্থ্য, বিত্ত আৰু শিক্ষা এইকেইটা বিভাগ তেওঁৰ সবল নেতৃত্বত পুনৰ জীৱিত হৈ উঠিছে৷ তেওঁৰ হাতত থকা বিভাগত অসমৰ লাখ লাখ নিবনুৱাই যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ লক্ষ্য কৰিবলগীয়া বিষয় এইটোৱেই যে তেওঁৰ কার্যকালত আমি কেতিয়াও কেলেংকাৰি দেখিবলৈ নাই পোৱা৷ ক’ভিড–১৯ৰ জটিল সময়ছোৱাত তেওঁ যিদৰে পিপিই কিট পিন্ধি ক’ভিড ৰোগীৰ কাষলৈ গৈ বার্তালাপ কৰিছিল, সেয়া আমি অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰোঁ৷ অসমত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণ কৰি ৰখাৰ ক্ষেত্রত তেওঁৰ অৰিহণা সঁচাই লেখত ল’বলগীয়া৷ শিক্ষা বিভাগত লাখ লাখ শিক্ষিত যুৱক–যুৱতীক নিযুক্তি প্রদান কৰি ৰাজ্যৰ শিক্ষা বিভাগ মজবুত কৰা অসমৰ তেৱেঁই প্রথমজন শিক্ষামন্ত্রী৷ অসমৰ ৰাস্তা–ঘাট, পদূলি, বাট–পথ আটকধুনীয়াকৈ নির্মাণ কৰি ৰাজ্যত বিকাশৰ যাত্রা আগবঢ়াই নিয়াৰ বাবে তেওঁ যে আমাৰ মনত সদায় ভোটাতৰাৰ নিচিনা জিলিকি থাকিব, তাত কোনো সন্দেহ নাই৷ এইবেলিৰ বিধানসভা নির্বাচনত ড০ হিমন্ত বিশ্ব শর্মাই শদিয়াৰ পৰা ধুবুৰীলৈকে নির্বাচনী প্রচাৰ সভাৰ পৰা আৰম্ভ কৰি পদযাত্রা, চাইকেল ৰেলীৰ জৰিয়তে অসমৰ কোটি কোটি জনতাৰ হূদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সফল হৈছিল৷ ফলস্বৰূপে অসমে পুনৰবাৰ বিজেপি চৰকাৰ পাবলৈ সক্ষম হ’ল৷ আপোনালোক সকলোৰে হয়তো মনত আছে যে মাজুলীৰ এদল ছাত্রৰ লগত তেওঁৰ হাতে হাত লগাই তথা কান্ধত হাত লগাই খোজকাঢ়ি বার্তালাপ কৰা সেই মধুৰ দৃশ্য৷ অসমৰ সৰুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে তেওঁ নয়নৰ মণি হৈ পৰিছে৷ নির্বাচনৰ সময়ছোৱাত ৰাজ্যৰ ডেকাসকলৰ বাবে তেওঁ হৈ পৰিল মৰমৰ ‘মামা’৷ আমি দেখিবলৈ পাইছিলোঁ যে যেতিয়াই তেওঁ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিবলৈ যায়, তেতিয়াই মৰমৰ ভাগিনহঁতে তেওঁক দূৰৰ পৰাই মাত লগায় মামা মামা বুলি৷ কোনোবাই চিঞৰি কয় ‘মামা বুলেট লাগিব’ বুলি, কোনোবাই আকৌ মামা ‘আমাৰ পৰীক্ষা অনুষ্ঠিত হ’ব নে নাই’ বুলি, কোনোবাই মামাৰ লগত ছেল্ফি উঠিবলৈ হেতাওপৰা লগায়৷ বৃদ্ধ আই–মাতৃ তথা আইতাসকলে তেওঁক গামোচা পিন্ধাই মৰমতে গালত চুমা যাচে৷ এনে দৃশ্যাৱলীয়ে প্রমাণ কৰি তুলিছে যে অসমবাসীয়ে তেওঁক হিয়া উজাৰি ভাল পায়৷ এতিয়া আমি বিচাৰোঁ, আমাৰ আপোন ৰাজ্যখনে যেন আন ৰাজ্যৰ দৰেই উন্নয়ন, বিকাশ আৰু প্রগতিশীল ৰাজ্য হিচাপে আগবাঢ়ে আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ শক্তিশালী নেতৃত্বই ৰাজ্যত নতুন দিগন্তৰ সূচনা কৰে৷

You might also like