নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বৃহত পৰিমানৰ ড্ৰাগছসহ চাৰিজনক গ্ৰেপ্তাৰ

: আৰক্ষীক মেনেজ কৰিবলৈ অহা তিনিজন আটক

নিয়মীয়া বার্তা, ২৪ জুন: আজি হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পূৰকায়স্থৰ এক গোপন তথ্যৰ আধাৰত ডবকাত আৰক্ষীয়ে বৃহত পৰিমানৰ ড্ৰাগছসসহ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে৷ ইফালে এই ঘটনাক আৰক্ষীক মেনেজ কৰিবলৈ আহি আৰু তিনিজন লোক আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আটক কৰে ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ মাষ্টাৰ মাইণ্ড ধৃত মহিলা গৰাকীৰ নাম চুলেমা খাতুন ,ঘৰ নগাওঁৰ ভকত ৷ আন তিনিজন ক্ৰমে ৰপহীৰ বাটাবাৰীৰ জিয়াবুৰ ৰহমান,ৰূপহীৰ তামুলিটুপৰ আজিবুৰ ৰহমান আৰু ডবকাৰ সৰুপথাৰৰ মুকতাজুল আলী৷তেওঁলোকৰ কৱলৰ পৰা সাতটা চাবোনৰ বাকচত ভৰ্তি সন্দেহজনক হেৰইন জব্দ কৰাৰ লগতে তেওঁলোকৰ কৱলৰ পৰা AS02 L 0223 নম্বৰৰ এখন আই-টেন বাহনো জব্দ কৰে৷ ইয়াৰ উপৰিও আৰক্ষীয়ে তিনিটা মোবাইল ফোন কিছু পৰিমানে নগদ ধনো জব্দ কৰে ৷ ডবকা আৰক্ষী আৰু হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ যৌথ অভিযানত হোজাইৰ মদাৰতলিৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ৷ সম্প্ৰতি চাৰিওকে ডবকা আৰক্ষী থানাত মাৰাথান জেৰা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ৷আনহাতে এই ড্ৰাগছ সৰবৰাহকাৰী চুলেমা খাতুনক মুকলি কৰিবলৈ আৰক্ষীক উৎকোচ দিবলৈ আহি সন্ধিয়া দুগৰাকী মহিলা সহ তিনিজন লোক আৰক্ষীৰ জালত পৰে৷ আৰক্ষীক মেনেজ কৰিহলৈ অহা মহিলা দুগৰাকী হল ক্ৰমে ৰুচনাৰা বেগম আৰু চাহিদা বেগম ৷ পুৰুষ জনৰ নাম হল আব্দুল কালাম ৷তিনিওঁৰ কৱলৰ পৰা লক্ষ্যাধিক টকা আৰক্ষীয়ে জব্দ কৰে ৷

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like