নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন

কেলি গোপাল নাটকে ধৰি তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰুৱাতো ৫৮ তম গেৰুৱা আঞ্চলিক ৰাস পৰিচালনা সমিতিয়ে হাতত লৈছে তিনিদিনীয়া কাৰ্যসূচী। আজি গানিকা পৰিবেশনেৰে শুভাৰম্ভ হোৱা গেৰুৱা আঞ্চলিক ৰাস মহোৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীত আছে বিভিন্ন ধৰণৰ আকৰ্শনীয় অনুষ্ঠান। কাৰ্যসূচী অনুসৰি ১৯ মৱেম্বৰত গেৰুৱা আঞ্চলিক ৫৮ তম ৰাস মহোৎসৱৰ দ্বাৰ উন্মোচন কৰিব মৰিগাওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৱে। মূল ধ্বজা উত্তোলন কৰিব পৰিচালনা সমিতিৰ সভাপতি শুক্লেশ্বৰ ডেকাই, স্মৃতি তৰ্পণ কৰিব নিজগেৰুৱা জিলা পৰিষদৰ সদস্য সঞ্জয় ব্ৰহ্মই, বৃন্দাবনৰ দ্বাৰ মুকলি কৰিব নিজগেৰুৱা পঞ্চায়তৰ সভানেত্ৰী বুদ্ধেশ্বৰী বৰদলৈয়ে । সন্ধিয়া গেৰুৱা অঞ্চলৰ মহিলাসকলৰ দ্বাৰা পৰিবেশন হ’ব লগা খেলি গোপাল নাট উদ্বোধন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য বিপিন চন্দ্ৰ বৰদলৈয়ে। ২০ নৱেম্বৰত স্হানীয় শিল্পী সকলৰ দ্বাৰা অজিত বৰদলৈৰ পৰিচালনাত মঞ্চস্হ হ’ব লগা অসমীয়া ভাওনা শুভ উদ্বোধন কৰিব প্ৰাক্তন সাংসদ তথা অসামৰিক যোগান বিভাগৰ অধ্যক্ষ ৰাজেন গোঁহায়ে। ২১ নৱেম্বৰত গেৰুৱা যুৱ নাট্য মঞ্চৰ উদ্যোগত যুৱ শিল্পী সকলৰ দ্বাৰা নয়ন গোস্বামী আৰু প্ৰণৱ মহন্তৰ যুটীয়া পৰিচাননা মঞ্চস্হ হ’ব লগা সামাজিক নাট খন শুভ উদ্বোধন কৰিব লাহৰীঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মনিকা দাস ৰংহাঙে। উদ্বোধনী অনুষ্ঠানত উপস্হিত থাকিব লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা: আছিফ মহম্মদ নাজাৰ । পৰিচালনা সমিতিৰ হৈ বংকুৰ ডেকাই সংবাদ জনোৱা মতে প্ৰতি দিনেই নিশা ১১ বজাৰ ভিতৰত সকলো কাৰ্যসূচী সামৰা হব। তদুপৰি অনুষ্ঠান সমূহ সুন্দৰ ভাৱে সঠিক সময়সূচী মতে পৰিচালনা সুবিধাৰ্থে শুক্লেশ্বৰ ডেকাৰ সভাপতি আৰু ক্ৰমে ৰাতুল শইকীয়া, জিতু বৰা আৰু অংকুৰ ডেকাক সম্পাদক হিচাবে লৈ এখনি ৫১ জনীয়া বলিষ্ঠ সমিতি গঠন কৰি দিয়া হৈছে।

You might also like