নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তপা হৈছে নেকি? চিন্তাৰ কাৰণ নাই, গৱেষকে উদ্ভাৱন কৰিছে ঔষধ

বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই ঔষধটো অতি শীঘ্রে বজাৰত উপলব্ধ হ’ব বুলি দাবী কৰা হৈছে৷ অস্বাভাৱিকভাৱে চুলি সৰাক চিকিৎসা বিজ্ঞানৰ ভাষাত এলোপেচিয়া বোলে৷ সাধাৰণতে দেখা যায় যে এণ্ড্র’জেন ডাই হাইড্র’ টেষ্ট’ষ্টেৰন হৰম’নৰ তাৰতম্যৰ ফলত মানুহৰ চুলি সৰিবলৈ লয়৷

মূৰৰ ভৰা চুলিখিনিয়ে মানুহৰ মুখখনৰ সৌন্দর্য বঢ়াই তোলে৷ কিন্তু এই চুলিখিনি সৰি তপা হৈ পৰিলে বহুতেই হীনমন্যতাত ভোগা দেখা যায়৷ এই সমস্যাৰে সমাধান উলিয়াইছে বিজ্ঞানীসকলে৷

মূৰৰ সৰি যোৱা চুলি পুনৰ গজোৱাৰ বাবে বহুতেই আজিকালি ইণ্টাৰনেটত ছার্চ কৰি বিভিন্ন উপায় গ্রহণ কৰে৷ কিন্তু সেইবোৰৰো থাকে পার্শ্বক্রিয়া৷ সেইবাবে বিজ্ঞানীসকলে এনে এটি ঔষধৰ গৱেষণা আৰম্ভ কৰিছে যাৰ দ্বাৰা চুলি গজাব পৰা যায়৷

বিজ্ঞানীসকলে উদ্ভাৱন কৰা এই ঔষধটো অতি শীঘ্রে বজাৰত উপলব্ধ হ’ব বুলি দাবী কৰা হৈছে৷ অস্বাভাৱিকভাৱে চুলি সৰাক চিকিৎসা বিজ্ঞানৰ ভাষাত এলোপেচিয়া বোলে৷ সাধাৰণতে দেখা যায় যে এণ্ড্র’জেন ডাই হাইড্র’ টেষ্ট’ষ্টেৰন হৰম’নৰ তাৰতম্যৰ ফলত মানুহৰ চুলি সৰিবলৈ লয়৷

আয়াৰলেণ্ডৰ এটা ঔষধ নির্মাতা প্রতিষ্ঠান কস্মো ফার্মাচিউটিকেলছে জনোৱা মতে ব্র’নৰ পৰা নিৰাময় লাভৰ ঔষধ ক্লেছকোটেৰনে চুলি পকাৰ সমস্যা বা এলোপেছিয়া নির্মূল কৰাত বিশেষ ভূমিকা গ্রহণ কৰিব পাৰে৷ এই ঔষধবিধ সন্দর্ভত ইতিমধ্যে ক্লিনিকেল ট্রায়েল সফলভাৱে সম্পন্ন কৰা হৈছে বুলি প্রতিষ্ঠানটোৱে দাবী কৰিছে৷

গৱেষকসকলে জনোৱা মতে এই ঔষধটোৱে ছালৰ সমস্যাৰ সমাধান যিদৰে কৰিব পাৰিছে তেনেদৰেই তপামূৰীয়া হোৱাৰ সমস্যাও কমাব পাৰিছে৷ ফুড এণ্ড ড্রাগ এডমিনিষ্ট্রেচনে অনুমোদন দিলেই তপা মূৰৰ সমস্যা ৰোধ কৰাত ইয়াৰ প্রয়োগ আৰম্ভ কৰিব পৰা যাব৷

ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ

You might also like