নগৰবেৰাৰ মন্দিৰাত অঘটন
কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ আৰু মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। মৃত যুৱকজন বকোৰ চন্দ্ৰাৰ ৩২ বছৰীয়া নয়ন ৰাভা।
জানিব পৰা মতে মন্দিৰা নিৱাসী নিগমানন্দ ঠাকুৰীয়াৰ ঘৰৰ চৌহদৰ গছ কাটি থকাৰ সময়তে হঠাতে ওপৰৰ পৰা বৃহৎ আকাৰৰ গছৰ ডাল এটা ভাঙি নয়ন ৰাভাৰ মূৰত পৰে।
লগে লগে তললৈ সৰি পৰে আৰু অত্যধিক ৰক্তক্ষৰণ হ’বলৈ ধৰা নয়ন ৰাভাক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
অৱশেষত ঘটনাস্থলীত মন্দিৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ দিহা কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৮ মে’