নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সলনি হ’ব পাৰে আইপিএলৰ সময়, কিন্তু কিয়…

ডিজিটেল ডেস্ক, ২৮ মে’ : আইপিএলৰ সময় সলনি হ’ব পাৰে৷ দীর্ঘদিন ধৰি মার্চ মাহৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখন ছমাহৰ বাবে পিছুৱাই দিয়া হ’ব পাৰে৷ দুটা কাৰণত এই সিদ্ধান্ত ল’ব পাৰে বিচিচিআয়ে৷- এই মন্তব্য আইপিএলৰ অধ্যক্ষ অৰুণ ধুমালৰ৷ সম্প্রতি অনুমতিৰ বাবে অপেক্ষা কৰি আছে৷ আইপিএলৰ আৰম্ভণিৰে পৰা মার্চৰ পৰা মে’ মাহলৈকে প্রতিযোগিতাখন আয়োজন কৰি অহা হৈছে৷ ২০২০ চনৰ পৰা ২০২১ চনৰ ভিতৰত ক’ৰোনাৰ বাবে ছেপ্টেম্বৰ–অক্টোবৰ মাহত আইপিএল অনুষ্ঠিত হৈছিল৷ অৱশ্যে সকলো ঠিকে থাকিলে সেই সময়ত আইপিএল আয়োজন কৰিব পৰা যায়৷

ভাৰতৰ বিভিন্ন ৰাজ্যৰ তীব্র উত্তাপ আৰু ক্রিকেটাৰসকলৰ ভাগৰুৱা অৱস্থাৰ বাবেই এই সিদ্ধান্ত লোৱা হ’ব পাৰে৷ ধুমালৰ মতে, প্রতিযোগিতাৰ সময় পিছুৱাই দিয়াৰ কোনো হেঁচা নাই৷ ইয়াৰ উপৰি সম্প্রচাৰ চেনেল আৰু আইচিচিৰ পৰা অনুমতি ল’ব লাগিব৷ ছেপ্টেম্বৰ–অক্টোবৰত আইপিএল আয়োজন কৰিলে উৎসৱমুখৰ আমেজত থকা অনুৰাগীক অধিক আকর্ষণ কৰিব বুলি ব’ৰ্ডৰ বিশ্বাস৷ সেই সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত দুর্গাপূজা, দশেৰা, দীপাৱলী উদযাপন কৰা হয়৷

ধুমালে লগতে কয় যে আমি সম্প্রচাৰ চেনেলৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ মতামত জানিব লাগিব যে প্রতিযোগিতাখন অলপ পিছুৱাই দিব পাৰি নে নাই৷ এটা পৰামর্শ অনুসৰি আইপিএল ছেপ্টেম্বৰ–অক্টোবৰ মাহত অনুষ্ঠিত হ’ব পাৰে৷ বিজ্ঞাপনদাতাৰ বাবে সময় অতি ভাল৷ কাৰণ দীপাৱলীৰ ঠিক আগতে অনুষ্ঠিত হ’ব আইপিএল৷ তাৰ পিছত আমি দ্বিপাক্ষিক সূচী চাব লাগিব৷ সেই সময়ত আইপিএল অনুষ্ঠিত হ’ব পাৰে নে নহয় আমি বুজিব লাগিব৷

মন কৰিবলগীয়া যে আইপিএলৰ সময়ত আইচিচিয়ে কোনো ক্রিকেট মেচ অনুষ্ঠিত নকৰে, যাতে সকলো দেশৰ ক্রিকেটাৰে অংশগ্রহণ কৰিব পাৰে৷ আইপিএলৰ সময় সলনি হ’লে আইচিচিয়েও সূচী সলনি কৰিব লাগিব৷

You might also like