নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–বাংলা সীমান্তত বিএছএফৰ গুলীত দুই বাংলাদেশী দুষ্কৃতিকাৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ কৈমাৰী সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ গুলীত দুগৰাকীকৈ বাংলাদেশী দুষ্কৃতিকাৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ‘‘বিএছএফ গুৱাহাটী’’য়ে আজি বিয়লিৰ ফালে এক টুইটযোগে সদৰী কৰানুসৰি, ভাৰতৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ প্ৰচেষ্টা চলোৱা দুষ্কৃতিকাৰীৰ এটি দলে অঞ্চলটোৰ কৈমাৰী সীমান্ত নীৰিক্ষণ চকী (বিঅ’পি)ত কৰ্তব্যৰত বিএছএফৰ জোৱানৰ ওপৰত এক আক্ৰমণ কৰিছিল। তেতিয়া উপায়হীন হৈ আত্মৰক্ষাৰ বাবে বিএছএফে সেই দলটোৰ ওপৰত গুলীচালনা কৰিবলৈ বাধ্য হয়। সেই ঘটনাত গুলীবিদ্ধ হোৱা দুজন দুষ্কৃতিকাৰীৰ পিছত বাংলাদেশত মৃত্যু হোৱা বুলি জানিব পৰা বুলি সদৰি কৰিছে বিএছএফে। ঘটনাটোত এগৰাকী বিএছএফ জোৱান আহত হোৱা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like