নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মেডিকেল কলেজত ইতিহাসঃ স্থাপনৰ পাছত জৰুৰীকালীন বিভাগত প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন

নিয়মীয়া বাৰ্তা,  ১৫ ফেব্ৰুৱাৰী: উজনিৰ ইতিহাস প্ৰসিদ্ধ অসম চিকিৎসা মহাবিদ্যালয়ে এক চমকপ্ৰদ কাৰ্ষৰে সকলোৰে দৃষ্টি নিবন্ধ কৰিবলৈ সক্ষম হোৱাই নহয়;ঐতিহ্য গৰিমাৰে মণ্ডিত চিকিৎসালয়খনৰ ইতিসাহত সদায়ে সোণালী আখৰৰে লিখা ৰব।চিকিৎসা মহাবিদ্যালয়খনি স্থাপিত হোৱাৰে পৰা ৰোগীৰ জৰুৰী কালীন বিভাগত কোনো অস্ত্ৰোপচাৰ সম্ভৱ হোৱা নাছিল।উক্ত বিভাগত জন্ম লগ্নৰে পৰা কোনো অস্ত্ৰোপচাৰ কক্ষ নাছিল।যাৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন বিভাগত দূঘটনাজনিত ৰোগী আহিলে তাৎক্ষণিকভাবে অস্ত্ৰোপচাৰ কৰিব পৰা নহৈছিল।যদিও এতিয়া সেয়া সম্ভৱ হৈ উঠিছে অসম চিকিৎসা মহাবিদ্যালয় কতৃপক্ষৰ ঐকান্তিক প্ৰচেষ্টাত।এতিয়াৰে পৰা অসম  চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগ প্ৰয়োজন সাপেক্ষে ততালিকে অস্ত্ৰোপচাৰ কৰিব পৰা যাব।ডিব্ৰুগড়ৰ লেপেটকটাস্থিত বিচিপিএল প্ৰকল্পৰ চিএচআৰ পুঁজিৰ সহযোগত অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ জৰুৰীকালীন বিভাগত এটি অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ নিৰ্মান কৰি উলিওৱা হয় আৰু উক্ত জৰুৰীকালীন অস্ত্ৰোপচাৰ কক্ষত সফলতাৰে এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।

চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ক্ৰমে ডাঃ ডেভিদ পেগু আৰু ডাঃ ৰাজভি দাসৰ নেতৃত্বত এনাস্থেচিয়ালজীৰ সহকাৰী অধ্যাপক ডাঃ মঞ্জিত শ্যামৰ সহযোগত এটা দলে সফলতাৰে দূৰ্ঘটনাজনিত   এক জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয়।স্বাধীনোত্তৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত এইটোৱেই আছিল প্ৰথমটো অস্ত্ৰোপচাৰ।আলট্ৰা চাউণ্ড মেচিনসহ আনুষংগিক প্ৰায়বিলাক যাৱতীয় সঁজুলিৰে সমৃদ্ধিশালী হৈ পৰিছে এই নৱনিৰ্মিত জৰুৰীকালীন অস্ত্ৰোপচাৰ কক্ষ।অসম চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন সেৱাৰ এক নতুন যুগৰ সূত্ৰপাত আৰম্ভ হৈছে বুলি অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে জানিবলৈ দি অস্ত্ৰোপচাৰ কৰা সমগ্ৰ দলটোলৈও অভিনন্দন জনোৱাৰ লগতে অস্ত্ৰোপচাৰ আৰু এনাস্থেচিয়া বিভাগ দুয়োটাকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।লগতে বিচিপিএল কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে মহৎ উদ্যোগ আৰু সহযোগিতাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰি অসম মেডিকেল কলেজৰ ইতিহাসত সোণালী আখৰৰে লিখা ৰব বুলিও মত প্ৰকাশ কৰে।স্বাভাৱিকতে এনে প্ৰচেষ্টাই জৰুৰীকালীন ৰোগীৰ বাবে বহু আশাৰ সঞ্চাৰ কৰিয়াই আনিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like