নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্রত মিঞাৰ বাবে মিউজিয়ামৰ প্রস্তাৱ ভয়ংকৰ দিশৰ আগজাননী

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: মিঞা মিউজিয়ামৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র মিউজিয়ামৰ প্রস্তাৱ অসমীয়াৰ বাবে ভয়ংকৰ দিশৰ আগজাননী৷ শনিবাৰে নিশা নলবাৰী জিলাৰ বাঁহজানীৰ চান্দকুছি মল্ল বুজৰবৰুৱা চুবুৰিৰ দুর্গাপূজাত সেৱা আগবঢ়াই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি জয়ন্ত মল্ল বৰুৱাই৷ তেওঁ লগতে কয় যে অসম বিধানসভাৰ এগৰাকী কংগ্রেছী বিধায়ক শ্বেৰমান আলীৰ এই প্রস্তাৱে অসম ধ্বংসৰ ইংগিত বুলি বিবেচিত হৈছে৷ আব্দুল মহিম মজুমদাৰৰ গ্রন্থৰ আলম লৈ আৰু তথ্য বিকৃত কৰি ইতিমধ্যে কিছু দাবী আৰম্ভ কৰিছেই৷ এয়া কেনে কথা৷ অসমীয়া জাতি নিঃশেষ কৰাৰ এয়া পৰিকল্পিত ষডযন্ত্র৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মুকলি মিত্রতাৰ পিছতে মিঞা মুছলমান বা পূর্ব বংগীয় বাংলাদেশী মুছলমানে সহজে এনেদৰে মিউজিয়াম দাবী কৰিবলৈ সক্ষম হ’ল৷ এতিয়া মিঞাই নিজৰ সভ্যতা সংস্কৃতিৰ কথা ক’বলৈ আৰম্ভ কৰিলে৷

উল্লেখ্য যে সিদিনা জয়ন্ত মল্ল বৰুৱাই জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, সম্পাদক অঞ্জন ডেকা, মিডিয়া আহ্বায়ক ক্ষিতীশ বর্মন, আই টি চেলৰ আহ্বায়ক মৃগাংক দাস, মিণ্টু তামুলীসহ ভালেসংখ্যক কর্মীক লৈ বাঁহজানীৰ ঘিল্লা চ’ক, জিলাখনৰ বিল্বেশ্বৰ দেৱালয়, খাৰজাৰা আশ্রম, মধ্য নলবাৰী, আল্লিয়া, নাহেৰবাৰী, নমাটি, উত্তৰ নলবাৰী দুর্গা পূজাৰ মণ্ডপত সেৱা আগবঢ়াই সকলোৰে মংগল কামনা কৰে৷ ইফালে বাঁহজানীৰ ঘিল্লা চ’কৰ দুর্গাপূজাকে ধৰি নলবাৰীৰ গোপালবজাৰ, খাৰজাৰা আশ্রমৰ দুর্গা পূজা আদি পূজাত হিন্দু সুৰক্ষা সেনাৰ ৰাজ্যিক সভাপতি জয়দ্বীপ হাজৰিকা, হিন্দুত্ববাদী নেতা ধর্মেশ্বৰ হালৈ (ভাইটি)ক লগত লৈ দেৱীক সেৱা আগবঢ়ায় হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাই৷

You might also like