নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিয়াৰ পৰা ওভতোৱা হৈছে ৩,৬০০ কোটি; এতিয়াও আদায় দিবলৈ বাকী ১১ হাজাৰ কোটি টকা

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: দেশৰ পৰা পলায়ন কৰি ব্রিটেইনত আশ্রয় লৈ থকা সুৰা সম্রাট বিজয় মালিয়াৰ বিভিন্ন কোম্পানীৰ পৰা ৩,৬০০ কোটি টকা ইতিমধ্যে ওভতোৱা হৈছে৷ এছ বি আইকে ধৰি কেইবাটাও বেংকৰ পৰা ঋণ হিচাপে লোৱা ১১ হাজাৰ কোটি টকা এতিয়াও বিজয় মালিয়াৰ পৰা আদায় কৰিবলৈ বাকী আছে বুলি  উচ্চতম ন্যায়ালয়ত জনাইছে বেংকসমূহক প্রতিনিধিত্ব কৰা মুকুল ৰোহটগীয়ে৷ মালিয়া তথা সুৰা সম্রাটগৰাকীৰ কোম্পানী ইউ বি এইচ এলৰ পৰা এতিয়াও এই বৃহৎ অংকৰ ধনৰাশি আদায় কৰিবলৈ বাকী আছে বুলি অধিবক্তাগৰাকীয়ে শীর্ষ আদালতখনত সদৰী কৰিছে৷

স্মর্তব্য যে ইউ বি এইচ এলে কর্ণাটক উচ্চ ন্যায়ালয়ৰ এক ৰায়ক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷ কিংফিছাৰ এয়াৰলাইনছ লিমিটেডে দিবলগীয়া ধন ইউ বি এইচ এলৰ পৰা আদায় কৰিব লাগে বুলি কর্ণাটক উচ্চ ন্যায়ালয়ে ৰায়দান কৰিছিল৷ এই ৰায়ৰ প্রত্যাহ্বান জনাইছিল মালিয়াৰ কোম্পানীটোৱে৷ কিন্তু আজি ন্যায়াধীশ ইউ ইউ ললিতৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্রহণ কৰা নহ’ব বুলি ঘোষণা কৰিছিল৷

You might also like