নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত এয়া কি

অকল প্রতিৱেশী ৰাষ্ট্র হিচাপেই নহয়, আন বহু কাৰণত পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনীতি, অর্থনীতি আদিৰ বিষয়ে ভাৰতবর্ষৰ বহু লোকে খবৰ ৰাখে৷ তাত সৃষ্টি হোৱা যিকোনো পৰিৱেশৰ প্রভাৱ কোনো নহয় কোনো ৰূপত ভাৰতত পৰে নতুবা পৰাৰ সম্ভাৱনা থাকে৷ যেনে– ধৰা হ’ল পাকিস্তানত শাসক দল প্রবল ৰাজনৈতিক সংকটত পৰিল, তেতিয়া সেই সংকটৰ পৰা উদ্ধাৰ পাবলৈ শাসক দলৰ প্রথম লক্ষ্য হৈ পৰে ভাৰত৷ আন একো নহ’লেও সন্ত্রাসবাদী প্রেৰণ কৰি ভাৰতত কূটাঘাতমূলক কার্য সংঘটিত কৰিবলৈ চেষ্টা চলোৱা হয়৷ তাৰ জৰিয়তে নিজৰ দেশত এটা পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক সংকট আঁতৰোৱাৰ চেষ্টা চলে৷ আমাৰ দেশখনৰ চৰকাৰেও পাকিস্তানৰ আভ্যন্তৰীণ পৰিৱেশ–পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখে৷ শেহতীয়াকৈ পাকিস্তানত ঘটনা প্রৱাহ এনে এটা দিশে গতি কৰিছে, যাক যথার্থতে অভূতপূর্ব বুলি ক’ব পাৰি৷ ঘটনালানিৰ গভীৰতালৈ যোৱাৰ পূর্বে এটা কথা উল্লেখ কৰি থোৱা ভাল হ’ব৷ পাকিস্তানত সেনাৰ অনুমতি অবিহনে হেনো গছৰ পাত এখিলাও নসৰে৷ কিন্তু এইবাৰ ঘডীৰ কাঁটা ওলোটা দিশে ঘূৰিবলৈ ধৰিছে৷ দেশখনত সকলোৰে লক্ষ্য এটাই হৈ পৰিছে– সেনা, সেনা আৰু মাথোঁ সেনা৷ আনকি আৰক্ষী প্রশাসনো সেনাৰ বিৰুদ্ধে মুকলি বিদ্রোহত নামি পৰিছে৷ ৰাজনৈতিক দলৰো প্রধান আক্রমণৰ লক্ষ্য হৈ পৰিছে সেনা৷ অথচ দেশখনত শাসন ক্ষমতা লাভৰ বাবে প্রতিটো দলেই গোপনে হওক নাইবা মুকলিকৈ, সেনাৰ আশিস বিচাৰি ফুৰে৷ আনহাতে, পাকিস্তানৰ ইতিহাসত এইবাৰেই প্রথমবাৰৰ বাবে সেনাৰ বিৰুদ্ধে তদন্ত আয়োগ গঠন কৰিবলগীয়া হৈছে৷ চৌদিশৰ পৰা আৰম্ভ হোৱা আক্রমণত বিতত সেনাপ্রধান কমৰ বাজৱাই নিজেই সেনাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আয়োগ গঠন কৰি দিছে৷ অর্থাৎ ইমান দিনে গঢ় লৈ অহংকাৰ আৰু ক্ষমতাৰ ভেটিটো যেন লাহে লাহে খহিবলৈ ধৰিছে৷ ইয়াৰ আৰম্ভণি প্রায় দুবছৰ পূর্বেই ঘটিছিল৷ প্রধানমন্ত্রীৰ চকীত অধিষ্ঠিত হোৱা ইমৰান খানক অভিনন্দন জনোৱাৰ ছলেৰে পাকিস্তান পিপ্লছ পার্টীৰ অধ্যক্ষ বিলাৱল ভুট্টো জর্দাৰীয়ে সংসদৰ প্রথমখন অধিৱেশনতে ইমৰান খানক ছিলেক্টেড প্রাইম মিনিষ্টাৰ আখ্যা দিছিল৷ তেওঁ ছিলেক্টৰৰ নাম মুখেৰে উচ্চাৰণ নকৰিলেও বুজাই বুজি পাইছিল, ভুট্টোৱে ইয়াৰ দ্বাৰা আঙুলিটো ক’লৈ টোঁৱাইছিল৷ তেতিয়াৰ পৰা আজিলৈকে দেশখনৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে ইমৰান খানক নির্বাচিত নহয়, বাছনিকৃত প্রধানমন্ত্রী বুলিয়েই বিশ্বাস কৰি আহিছে৷ সেনাৰ বিৰুদ্ধে সংসদত উচচাৰিত শব্দ দুটাই এতিয়া পাকিস্তানত সেনাৰ বিৰুদ্ধে ক্ষোভ–খং আৰু জনজাগৰণৰ নতুন দিন আনি দিছে৷ প্রকাশৰ বাট বিচাৰি ফুৰা জনসাধাৰণৰ ক্ষোভক প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফ তথা এঘাৰটা বিৰোধী ৰাজনৈতিক দলক লৈ গঠন হয় পাকিস্তান ডেম’ক্রেটিক মুভমেণ্ট (পিডিএম)৷ এই মঞ্চখনে ইমৰান খান চৰকাৰক শাসনৰ গাদীৰ পৰা ওফৰাই পেলোৱাৰ বাবে জনসাধাৰণক ৰাজপথলৈ উলিয়াই আনিব বুলি ঘোষণা কৰিছে৷ ইতিমধ্যে যোৱা ১৬ অক্টোবৰত প্রথমখন সমাৱেশ নৱাজ শ্বৰীফৰ দুর্গ পঞ্জাবৰ গুজৰানৱালাত, ১৮ অক্টোবৰত কৰাচীত, ২৫ অক্টোবৰত কোৱেটাত অনুষ্ঠিত হয়৷ গুজৰানৱালাত আয়োজিত সমাৱেশত নৱাজ শ্বৰীফে দিয়া ভাষণত পাকিস্তানবাসীয়ে ৰাজৈনতিক দলৰ এটা নতুন ৰূপ প্রত্যক্ষ কৰে৷ এই লেখাৰ পাতনিতে উল্লেখ কৰিছোঁ যে পাকিস্তানত ৰাজনৈতিক দলে ক্ষমতাৰ স্বার্থত সেনাৰ আশিস লাভৰ সুযোগ বিচাৰি ফুৰে৷ সেইবাবে দেশখনত সঁচা অর্থত কেতিয়াও বিৰোধী ঐক্য গঢ় লৈ নুঠে৷ প্রায় এবছৰ পূর্বে জমিয়ত–উলেমা–ই–ইছ নেতা মৌলানা ফজলুৰ ৰহমানে চৰকাৰৰ বিৰুদ্ধে দেশজুৰি সমাৱেশ উলিয়াইছিল৷ কিন্তু বিৰোধী একতাৰ অভাৱত সেই প্রয়াস অথলে যায়৷ এইবাৰো আশা কৰা হৈছিল যে দেখাত একতাৰ কথা কৈ ভিতৰি ভিতৰি সেনাৰ সৈতে মিত্রতা গঢ়াৰ সুযোগ বিচাৰি ফুৰিব বিৰোধী ঐক্যৰ অংশীদাৰে৷ কিন্তু গুজৰানৱালাৰ সমাৱেশে সেই ধাৰণাক ধূলিসাৎ কৰি দিয়ে৷ সমাৱেশখনত শ্বৰীফে সেনাপ্রধান বাজৱা আৰু আইএছআইৰ প্রধান লেফটেনেণ্ট জেনেৰেল ফেইজৰ নাম ধৰি আক্রমণাত্মক ভাষণ দিয়ে৷ ভাষণত শ্বৰীফে স্পষ্টকৈয়ে কয় যে তেওঁৰ সংগ্রাম ইমৰান খানৰ বিৰুদ্ধে নহয়, ইমৰান খানক ছিলেক্ট কৰাসকলৰ বিৰুদ্ধেহে৷ এতিয়ালৈকে দেশখনত ইমৰান খানক ছিলেক্টেড প্রধানমন্ত্রী আখ্যা দি অহা হ’লেও ছিলেক্টৰসকলৰ নাম মুখেৰে স্পষ্টকৈ কোনেও লোৱা নাছিল৷ নৱাজ শ্বৰীফে প্রথমবাৰৰ বাবে সেই নাম লোৱাই নহয়, সমাৱেশত ভাগ লোৱা জনসাধাৰণকো ইয়াৰ সৈতে সংযুক্ত কৰে৷ তেওঁ সকলোকে প্রশ্ণ কৰি সোধে– তেওঁৰ চৰকাৰখনক কোনে আঁতৰাইছিল আৰু ছিলেক্টেড প্রাইম মিনিষ্টাৰক কোনে বাছনি কৰিছিল? ৰাইজৰ ফালৰ পৰা প্রথমে নৰম সুৰত সেনা–আইএছআইৰ নাম লোৱা হৈছিল যদিও নৱাজ শ্বৰীফে যেতিয়া নিজেই উদাত্ত কণ্ঠে সেই নাম ল’বলৈ আৰম্ভ কৰে, তেতিয়া জনসাধাৰণৰ কণ্ঠও শক্তিশালী হ’বলৈ ধৰে৷ কোৱাটাতো নৱাজ শ্বৰীফে সেনা আৰু আইএছআইক গণতন্ত্রৰ হত্যা, দুর্নীতি আদি কেইবাটাও বিষয় সামৰি আক্রমণাত্মক ভাষণ দিয়ে৷ সমাৱেশকেইখনত আন আন অংশীদাৰ দলৰ নেতায়ো সমানে সেনা–আইএছআইৰ বিৰুদ্ধে গর্জন কৰি উঠে৷ পাকিস্তানত ঐক্যবদ্ধ বিৰোধী শক্তিয়ে এইদৰে সেনাৰ বিৰুদ্ধে গর্জন কৰি উঠা নজিৰ পাবলৈ নাই, বৰং গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ এখন ওফৰাবলৈ সেনাৰ উদ্যোগত বিৰোধী ঐক্য গঠন কৰা হয়৷ সেনাই নির্ধাৰণ কৰি দিয়া শ্লোগান আওৰাই ৰাজপথ মুখৰ কৰি তোলা হয়৷ সর্বশেষত সেনা আৰু ন্যায়পালিকাই চৰকাৰখনক প্রায় পংগু কৰি পেলায় আৰু অৱশেষত সেনাই চৰকাৰখন বর্খাস্ত কৰে৷ জুলফিকৰ আলী ভুট্টো, নৱাজ শ্বৰীফ, বেনজিৰ ভুট্টোলৈকে চৰকাৰসমূহে এই চক্রান্তৰে সন্মুখীন হৈ আহিছে৷ কিন্তু এইবাৰ ওলোটামুখে ঘডীৰ কাঁটা ঘূৰিবলৈ ধৰিছে৷
ঘটনাপ্রৱাহ সেনাৰ প্রতিকূলে বৈ থকা সময়তে সিন্ধ প্রদেশত এটা তাৎপর্যপূর্ণ ঘটনা ঘটে৷ কৰাচীত অনুষ্ঠিত গণসমাৱেশখনৰ সমাৱেশৰ পৰৱর্তী দিনাটোতে প্রধানমন্ত্রী ইমৰান খানে নৱাজ শ্বৰীফৰ জোঁৱায়েক তথা মৰিয়ম নৱাজৰ পতি কেপ্ঢেইন মহম্মদ ছফদৰক গ্রেপ্তাৰ কৰিবলৈ সিন্ধপ্রদেশৰ মুখ্যমন্ত্রীক হেঁচা প্রয়োগ কৰে৷ কিন্তু তেওঁ মান্তি নোহোৱাত পাকিস্তানী ৰেঞ্জার্ছক (সেনা) সিন্ধ আৰক্ষীৰ জৰিয়তে ছফদৰৰ গ্রেপ্তাৰ নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷ সেনাই আই জি স্তৰৰ বিষয়া এজনক অপহৰণ কৰি তেওঁৰ পৰা বলপূর্বক গ্রেপ্তাৰী পৰোৱানাত স্বাক্ষৰ লৈ ছফদৰক গ্রেপ্তাৰ কৰে৷ সিন্ধ আৰক্ষী প্রশাসনে পিছদিনা কথাটো ৰাজহুৱা কৰাৰ লগতে সেনাৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে৷ প্রদেশখনৰ শীর্ষ আৰক্ষী বিষয়াই দীর্ঘকালীন ছুটীৰ আবেদন কৰে৷ পাকিস্তানৰ ইতিহাসত সেনাৰ বিৰুদ্ধে এনে ধৰণে নোহোৱা–নোপোজা ঘটনা এটা সংঘটিত হয়৷ ইফালে, নৱাজ শ্বৰীফৰ জোঁৱায়েকক চক্রান্ত কৰি গ্রেপ্তাৰ কৰা বাবে চোদিশে সমালোচনাৰ জোৱাৰ উঠাত ইমৰান খানে তেওঁক মুকলি কৰি দিবলৈ বাধ্য হয়৷ সেনাৰ বিৰুদ্ধে গণআক্রোশ বৃদ্ধি পোৱাত সেনাপ্রধান বাজৱাই ঘটনাটোৰ তদন্তৰ অর্থে আয়োগ গঠন কৰিবলগীয়া হয়৷ তিলকে তাল কৰি অনবৰতে গৰিমা বৃদ্ধি কৰি থকা সেনাৰ বিষয়াৰ বিৰুদ্ধে তদন্ত আয়োগ গঠন দেশখনত কল্পনাৰো অগোচৰ বুলি ক’ব পাৰি৷ তদুপৰি, লক্ষণীয় কথাটো হৈছে সেনাৰ জৰিয়তে নৱাজ শ্বৰীফক গ্রেপ্তাৰৰ বাবে প্রধানমন্ত্রী ইমৰান খানে ৰচনা কৰা চক্রান্তৰ বিষয়ে এক বিন্দুও গম পোৱা নাছিল সেনাপ্রধান বাজৱাই৷ এইটো ইমৰান খানৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয়৷
পাকিস্তানত সেনাৰ বিৰুদ্ধে এইদৰে গঢ় লৈ উঠা জনজাগৰণে দেশখনক এতিয়াই সেনাৰ কর্তৃত্ববাদী শাসনৰ পৰা মুক্ত কৰিব, সেইটো কোৱাৰ সঠিক সময় এতিয়াও উপস্থিত হোৱা নাই৷ সেনাই নিজৰ স্থিতি বাহাল ৰখাৰ বাবে ইমৰান খান নেতৃত্বাধীন চৰকাৰখনক বর্খাস্ত কৰি বিৰোধী ঐক্যমঞ্চৰ পৰা কোনো দলক নিজৰফলীয়া কৰি ইমৰান খানৰ দৰে ছিলেক্টেড প্রধানমন্ত্রী পাতিব পাৰে৷ অৱশ্যে এইবাৰ বিৰোধী ঐক্যমঞ্চৰ মতি–গতি দেখি তেনেকুৱা কিবা এটা ঘটাৰ সম্ভাৱনা কম৷ ইফালে, বিশ্বস্ত মিত্র নাপালে সেনায়ো ইমৰান খানৰ সংগ এৰিব নোৱাৰিব৷ চৰকাৰ বর্খাস্ত কৰিব নোৱাৰিব৷ কিন্তু ইমৰান খান চৰকাৰখনৰ কার্যকাল যিমানেই দীঘলীয়া হ’ব, দেশখনত সিমানেই গভীৰ আৰু শক্তিশালী হৈ পৰিব সেনাবিৰোধী মনোভাব৷ইয়ে দেশখনত ইমানদিনে ভোগ কৰি অহা ক্ষমতা–ধিকাৰৰ পৰা সেনাক দূৰলৈ ঠেলি দিব পাৰে৷ নখ–দন্তহীন কৰি তুলিব পাৰে আইএছআইক৷ যদি তেনেকুৱা কিবা এটা ঘটে, তাৰ সুফল ভাৰতেও লাভ কৰিব৷ ভাৰতৰ বিৰুদ্ধে সন্ত্রাসবাদৰ মূল পৃষ্ঠপোষকেই হৈছে সেনা আৰু আইএছআই৷ দেশখনত গণতন্ত্র প্রতিষ্ঠা হ’লে পাকিস্তানক সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰ পৰা আঁতৰাই পঠিয়াবলৈ সহজ হ’ব৷

You might also like