নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত নিশা দূৰ্বৃত্তই গুলীয়াই আহত কৰিলে এজন ব্যৱসায়ীক

নিয়মীয়া বাৰ্তা,১২ মে: জোনাই আৰক্ষী থানাৰ অন্তৰ্গত ১ নং চিৰামপুৰীয়া গাঁৱত যোৱা নিশা দূৰ্বৃত্তই গুলীয়াই আহত কৰে এজন ব্যৱসায়ীক৷ আহত ব্যৱসায়ীজনৰ নাম সুভাষ চাহু৷ সুভাষ চাহুৰ দেহৰ বিভিন্ন অংশত তিনিজাই গুলী চালনা কৰি পলাতক চাৰিজনীয়া দুৰ্বৃত্তৰ দল৷ সুভাষ চাহু নামৰ ব্যৱসায়ী জনক অচিনাকি দুৰ্বৃত্তই সোমবাৰে নিশা গুলীয়াই আহত কৰা ঘটনাই জোনাই মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে যোৱা নিশা প্ৰায় ৯.৩০ বজাত ব্যৱসায়ী সুভাষ চাহুৰ ঘৰলৈ চাৰিজনীয়া দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চিগাৰেট বিচাৰি দোকান খুলিব কয়। চিগাৰেট নাই বুলি কোৱাত বলপূৰ্বক বাবে দৰ্জা খুলিব দি বাহিৰলৈ মাতি আনি টকা বিচাৰে যদিও ব্যৱ্যসায়ী জনে দিবলৈ অপৰাগ হোৱাত দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ী সুভাষ চাহুক নিচেই কাষৰ পৰা ভৰি, পেটত গুলীয়াই আহত কৰে৷

গুলীৰ শব্দত ঘৰৰ আন আন মানুহে চিঞৰ বাখৰ কৰাত চাৰিজনীয়া দূৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলিৰ পৰা গাড়ীৰে পলায়ন কৰে৷ ইপিনে পৰিয়ালৰ লোকে আহত ব্যৱসায়ী সুভাষ চাহুক নিশাই জৰুৰীকালীন সেৱাৰ সহায়ত জোনাই সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিও সংকটজনক হোৱাৰ বাবে ব্যক্তিজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

আনহাতে মঙলবাৰে পুৱাই জোনাই আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে৷ ক্ষুদ্ৰ ব্যৱসায়ী তথা সহজ সৰল সুভাষ চাহুক এনেদৰে কোনে কিয় গুলীয়াই আহত কৰিলে তাক লৈ গাওঁৰ স্থানীয় ৰাইজে গাঁৱত সংঘটিত এনে ঘটনাত চিন্তিত হৈ পৰিছে৷ ঘটনাৰ সন্দৰ্ভত জোনাই আৰক্ষী থানাই ভাৰতীয় দণ্ড বিধি আইনৰ অধিনত U/S 387/447/307/34ipc আৰু R/W-25(1)(A)/27Arms act. ধাৰা অধীনত 83/2021 নম্বৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like