নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰী শৈক্ষিক ন্যাসৰ উদ্যোগত ঝাৰগাঁৱত শৈক্ষিক জাগৰণ সমাৰোহ

  • যুগমণি শৰণীয়া সোঁৱৰণী শৈক্ষিক বঁটা
  • সাংবাদিক, সাংস্কৃতিক কৰ্মীসহ তিনি শতাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা

 

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰী শৈক্ষিক ন্যাসৰ উদ্যোগত ওদালগুৰি জিলাৰ ঝাৰগাঁৱত আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শৈক্ষিক জাগৰণ সমাৰোহ অনুষ্ঠিত হয় । ঝাৰগাঁও আঞ্চলিক প্ৰেক্ষাগৃহত ঝাৰগাঁৱৰ বিশিষ্ট নাগৰিক জয়দেৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সমাৰোহত প্ৰদান কৰা হয় এই বৰ্ষৰ যুগমণি সোঁৱৰণী শৈক্ষিক বঁটা । হাই স্কুল শিক্ষান্ত পৰীক্ষাত জিলা (ওদালগুৰি) খনৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱা শৰণীয়া কছাৰী জনগোষ্ঠীৰ ছাত্ৰ শুভ্ৰজিৎ শৰণীয়াই নগদ পাঁচ হাজাৰ ধন সহ মানপত্ৰ আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ মুকচাৰ সৈতে প্ৰয়াত যুগমণি শৰণীয়াৰ পিতৃ বংশী ধৰ দাসৰ হাতৰ পৰা আজি আনুষ্ঠানিকভাৱে এই বঁটা গ্ৰহণ কৰে । উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিভিন্ন শিক্ষানুষ্ঠানত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা জিলা খনৰ তিনি শতাধিক শিক্ষাৰ্থীকো প্ৰেৰণা মূলক সম্বৰ্ধনা জ্ঞাপন কৰে শৈক্ষিক ন্যাসে । শৰণীয়া কছাৰী গীত – মাত, লোক নৃত্যৰে জীপাল হৈ পৰা এই অনুষ্ঠানত সংবাদ কৰ্মী ধীৰেন মহলীয়া (নিয়মীয়া বাৰ্তা), দ্বীপেন ডেকা(আমাৰ অসম) আৰু নীল শৰণীয়াৰ লগতে উদীয়মান সাংস্কৃতিক কৰ্মী ৰূপম শৰণীয়া, হিমাক্ষী শৰণীয়া আৰু যুৱ ব্যৱসায়ী নিকুঞ্জ শৰণীয়া, যোগেন শৰণীয়া আৰু সহন শৰণীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শৰণীয়া কছাৰী জনগোষ্ঠীৰ এটি ভিডিঅ’ গীত উন্মোচন কৰে এবছুৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ সভাপতি হেম কূমাৰ বসুমতাৰীয়ে । ভিডিঅ’গীতটি উন্মোচন কৰি ছাত্ৰ নেতা বসুমতাৰীয়ে কয় যে সংস্কৃতি হৈছে জাতি এটাৰ দাপোন , সংস্কৃতিয়েই জাতি এটাৰ পৰিচয় । সমাজত বেয়া প্ৰভাৱ পেলোৱা কাৰ্যকলাপ সমূহৰ পৰা দূৰত থাকি একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হৈ এটা সুন্দৰ ভৱিষ্যত গঢ়াত মনোনিবেশ কৰিবলৈয়ো ছাত্ৰ-ছাত্ৰী সকলক তেওঁ আহ্বান জনায় । শৰণীয়া কছাৰী ছাত্ৰ-ছাত্ৰী শৈক্ষিক ন্যাসৰ সম্পাদক প্ৰবীণ সিং শৰণীয়াই আঁত ধৰা এই অনুষ্ঠানত খৈৰাবাৰী টাউন হাই স্কুলৰ প্ৰধান শিক্ষক কৰ্ণ ৰাম বড়োৱে অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশ লৈ কয় যে সাম্প্ৰতিক সময়ৰ প্ৰতিযোগিতামূলক আধুনিক সমাজ ব্যৱস্থাত সফলতাৰ জখলা বগাবলৈ ছাত্ৰ-ছাত্ৰী সকলৰ হাতত কঠোৰ শ্ৰম , অধ্যৱসায়ৰ বিকল্প নাই । অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ৰত্নেশ্বৰ ডেকাই উদ্বোধন কৰা এই গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখক ড°বাবু ৰাভা হাকাচাম, ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ শৰ্মা, সমাজ কৰ্মী জয়মতী ডেকা, অনুসূচীত জাতি ছাত্ৰ সন্থাৰ নেতা সুশীল সূত্ৰধৰ, অভিনেত্ৰী এনিশা ডেকাকে ধৰি ভালে কেই গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ধীৰেন মহলীয়া: খৈৰাবাৰী, ওদালগুৰি

You might also like