নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই প্ৰেছ ক্লাৱৰ ‘এই মাহৰ অতিথি’ অনুষ্ঠান

বিশিষ্ট নাগৰিক দুৰ্গা ৰেগনৰ সৈতে অন্তৰংগ আলাপ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: জোনাই প্ৰেছ ক্লাৱৰ ‘এই মাহৰ অতিথি’ শীৰ্ষক অন্তৰংগ বাৰ্তালাপ অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত থাকে মিচিং সমাজৰ বৰেণ্য ব্যক্তি, শিল্পী পেঞ্চনাৰ দুৰ্গা ৰেগনে। উল্লেখ্য যে জ্যেষ্ঠ তথা বিশিষ্ট নাগৰিক দুৰ্গা ৰেগনে তাহানিৰ ব্ৰিটিছৰ দিনৰ নেফাৰ অন্তৰ্গত মুৰ্কংচেলেক এলেকা আৰু স্বাধীনতাৰ পৰবৰ্তী কালৰ আধুনিক জোনাই নিৰ্মাণলৈকে অনবদ্য অৱদান আগবঢ়াই আহিছে।

জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে আঁত ধৰা অন্তৰংগ আলাপত অতিথি দুৰ্গা ৰেগনে কয়- নেফাৰ অন্তৰ্গত তাহানিৰ জোনাই মুৰ্কংচেলেক অঞ্চলৰটো ব্ৰিটিছ দিনত শদিয়া ফ্ৰন্টিয়াৰ ট্ৰেকৰ পৰা সহকাৰী পলিটিকেল অফিছৰ এজনৰ দ্বাৰা শাসন কাৰ্য চলিছিল। ইপিনে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈৰ দিনত নেফাৰ পৰা মুৰ্কংচেলেক অঞ্চলক অসমলৈ স্থানান্তৰিত কৰা হয়। আৰু এই স্থানান্তৰিত এলেকাক 1953 চনত ‘মুৰ্কংচেলেক জনজাতি আবেষ্টনি’ এলেকা হিচাপে চৰকাৰে ঘোষণা কৰে।

ইপিনে মুৰ্কংচেলেক স্থানান্তৰিত এলেকাক চৰকাৰে দিয়া প্ৰতিশ্ৰুতিমতে ভূমি, শিক্ষা, স্বাস্থ্য, যাতায়াত আদি মৌলিক সমস্যাসমূহৰ উন্নয়নৰ ব্যবস্থা নকৰাত স্থানান্তৰিত এলেকাৰ ৰাইজে সংগ্ৰাম সমিতি গঠন কৰি আশীদশকত অসমৰ পৰা পুনৰ নেফালৈ ঘূৰি যাবলৈ আন্দোলন কৰে। আনকি চেনিৰাম ৰেগনক সভাপতি আৰু দুণেশ্বৰ মদিক আহ্বানক হিচাপে লৈ গঠন কৰা সংগ্ৰাম সমিতিৰ প্ৰতিনিধি দলে 1977 চনত ক্ৰমে দুনেশ্বৰ মদি, শিবৰাম পেগু, বীৰেন দলে, মাধৱ পাৱ, পকপাং মেদক, দুৰ্গা ৰেগন, নন্দেশ্বৰ ৰেগন, পদ্ম পেগু আদিয়ে দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰীক সাক্ষাত কৰি স্মাৰক পত্ৰত প্ৰদান কৰে। ইপিনে এই সংগ্ৰাম সমিতিৰ আন্দোলনৰ তীব্ৰতা লাভ কৰাৰ সময়তে আৰক্ষীয়ে ক্ৰমে দুৰ্গা ৰেগন, দুনেশ্বৰ মদি, নন্দেশ্বৰ ৰেগন, বিষ্টুৰাম কুম্বাং, নানেশ্বৰ চিৰাম, লংকেশ্বৰ কুম্বাং, সনাতন দলে আদিক গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰে। আৰু সংগ্ৰামী নেতাসকলে 17 দিন লখিমপুৰ জে’লত থাকিব লগা হয়। এই আন্দোলনৰ পৰিণতিতে অৱশেষত 1979 চনত মুৰ্কংচেলেক স্থানান্তৰিত এলেকাক সামৰি জোনাই মহকুমা গঠন কৰে।

অতিথি দুৰ্গা ৰেগনে 1950 চনৰ বৰভূইকঁপে আঞ্চলটোত প্ৰভাৱ পেলোৱা বৰ্ণনা কৰি কয়- ভূমিকম্পত বিধ্বস্ত আঞ্চলটোৰ ৰাইজে ওখ ঠাই বিচাৰি বৰ্তমানৰ জোনাই অঞ্চলৰ বিভিন্ন গাঁৱত থিতাপি লয়। আনকি 1950 চনৰ ভূমিকম্পত বিধ্বস্ত আঞ্চলটোৰ ৰাইজে কল পছলা, মিঠা আলু খাই জীয়াই থাকিব লগা অৱস্থাৰ কথাও উল্লেখ কৰে। অজ্ঞান-আন্ধাৰে আবৰি ৰখা তাহানিৰ জোনাই অঞ্চলৰ জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জন্ম ইতিহাস উল্লেখ কৰি সোণালী জয়ন্তী গৰকা শিক্ষানুষ্ঠানটো শিক্ষাৰ বাটকটীয়া বুলিও মন্তব্য কৰে।

আনহাতে অতিথি দুৰ্গা ৰেগনে 1979 চনত গঠন হোৱা জোনাই মহকুমাৰ সদৰ এলেকাৰ ভূমিপুত্ৰ খিলঞ্জীয়া ৰাইজক ভূমিপট্টা দিয়া সম্পূৰ্ণ কৰি ‘টাউন কমিটী’ গঠন কৰিলেহে উন্নয়নৰ গতি ত্বৰান্বিত হ’ব বুলি গুৰুত্ব পূৰ্ণ মন্তব্য কৰে। ইপিনে শেহতীয়াকৈ ৰাজ্য চৰকাৰে শদিয়া আৰু জোনাই মুৰ্কংচেলেক জনজাতি আবেষ্টনি এলেকাত গোৰ্খা, আহোম, চুতীয়া, কোঁচ ৰাজবংশী আদি জনগোষ্ঠীক সুৰক্ষীত শ্ৰেণীভুক্ত কৰি ভূমি অধিকাৰ প্ৰদান কৰা কাৰ্যই প্ৰকৃত জনজাতি ৰাইজৰ অধিকৰ খৰ্ব কৰাৰ লগতে জনজাতি আবেষ্টনিক সুৰক্ষিত কৰিব নোৱাৰে বুলি মন্তব্য কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ধৰ্ম নামত বিদেশী নাগৰিকক দেশত নাগৰিকত্ব প্ৰদান কৰা কাৰ্যই বিশেষকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্ব বিপন্ন কৰিব বুলি আশংকা প্ৰকাশ কৰাৰ লগতে ‘কা’ আন্দোলনে স্তিমিত হোৱাক আক্ষেপ প্ৰকাশ কৰি পুনৰ শক্তিশালী ৰূপত এই আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়। মিচিং ভাষা শিক্ষা বিকাশৰ বাবে জনগোষ্ঠীয় স্পষ্ট ভাষা শিক্ষা নীতি যুগত কৰাৰ লগতে মিচিং ভাষা শিক্ষক নিযুক্তি বাবে পৃথক টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে। ইপিনে নৱ প্ৰজন্মক গুণগত শিক্ষা আহৰণ কৰাৰ লগতে সুস্থ প্ৰতিযোগিতা আৰু কৰ্ম সংস্কৃতি গঢ় দিবলৈ ৰাইজলৈ আহ্বান জনায়। জোনাই প্ৰেছ ক্লাৱৰ ‘এই মাহৰ অতিথি’ অন্তৰংগ আলাপত দুৰ্গা ৰেগনৰ সহধৰ্মিণী আৰতী ৰেগনো উপস্থিত থাকে।

You might also like