নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিশেষজ্ঞ থেৰাপিষ্টৰ দলে থিয় কৰাবলৈ চেষ্টা কৰিছে আনন্দ শৰ্মাক

  • বিষ যন্ত্ৰণাত আনন্দ শৰ্মাৰ উঠিছে জ্বৰ
  • তেজ আৰু প্ৰস্বাৱৰ ইনফেকছনত ভুক্ত

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: এতিয়াও যেন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ঘটনাত ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ স্বাস্থ্য সংকটমুক্ত নহয়। চিকিৎসকৰ পৰা জানিব পৰা অনুসৰি আনন্দ শৰ্মাৰ সুস্থ হ’বলৈ লাগিব দীৰ্ঘ সময় ৷ সকলো এতিয়া থেৰাপি ওপৰতে নিৰ্ভৰশীল বুলি ক’ব পাৰি ৷ আজি বিশেষজ্ঞ থেৰাপিষ্টৰ দলে পুৱা আনন্দ শৰ্মাক ঠিয় হ’বলৈ যত্ন কৰাৰ লগতে খোজ দিবলৈ যত্ন কৰিছিল যদিও এতিয়াও ভৰিৰে ভাৰসাম্য ৰক্ষা কৰিব পৰা নাই । ইপিনে তেওঁ তেজ আৰু প্ৰস্বাৱৰ ইনফেকছনত ভুক্তভোগী হৈছে ৷ বিয়লিৰ পৰা বিষ যন্ত্ৰণাত আনন্দ শৰ্মাৰ জ্বৰ উঠিব ধৰিছে বুলিও চিকিৎসকে জানিবলৈ দিছে। কালিৰ পৰা আনন্দ শৰ্মাক কেৱল পনীয়া খাদ্য গ্ৰহণ কৰিবলৈ দিয়া হৈছে। হাস্পতালৰ পৰা কেতিয়া চুটী দিয়া হ’ব বা আনন্দ শৰ্মা সম্পূৰ্ণ সুস্থ হ’বলৈ কিমান দিন লাগিব এই বিষয়ে চিকিৎসকে কোনো নিৰ্ধাৰণ কৰা নাই ।

 

প্ৰতিবেদন | লাহোৱালৰ পৰা কাঞ্চনজ্যোতি গোহাঁই

You might also like