নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত অৱস্থান যোৰহাটত

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ: সমগ্ৰ ৰাজ্যখনতে সম্প্ৰতি সাংবাদিক নিগ্ৰহৰ ঘটনা নিতৌ বৃদ্ধি পাব ধৰিছে । এনে ঘটনাৰ বাবে সংবাদ জগতৰ লগত জড়িত সাংবাদিকসকলে সংশয় আৰু আতংকৰ মাজত জীৱন যাপন কৰিবলগীয়া হৈছে । এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ যি ভূমিকা সেয়াও হতাশজনক আখ্যা দি আজি যোৰহাট জিলা সাংবাদিক সন্থা আৰু যোৰহাট জিলা -মেডিয়া এচ’চিয়েশ্যনৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

সাংবাদিক বিৰাজ বৰুৱাই আত ধৰা কাৰ্যসূচীত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সমিটিৰ সাধাৰণ সম্পাদক ৰাতুল বৰা , জিলা সভাপতি ৰিজু শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য জিতু কলিতাই অংশগ্ৰহণ কৰে । পশ্চিম যোৰহাট প্ৰেছ ক্লাৱৰ সভিপতি ৰমেন শইকীয়াও উপস্থিত থাকে।

  ইফালে সাংবাদিকসকলৰ নিৰাপত্তা প্ৰদানৰ হেতু অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ ও যোৰহাটৰ উপাযুক্তৰ যোগেদি প্ৰেৰণ কৰে।

You might also like