নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি বিজেপিত যোগদান কৰিলে তিৱা স্বায়ত্ব পৰিসদৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী বাবুল পাটৰে

তিৱা স্বায়ত্ব শাসিত পৰিসদৰ নিৰ্বাচনৰ পূৰ্বে মধ্য অসমৰ কংগ্ৰেছী ৰাজনীতিত মোক্ষম আঘাত

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ “কংগ্ৰেছ সভাপতি ৰিপুন বৰাই দলীয় নেতা কৰ্মীৰ মতামতক গুৰুত্ব নিদিয়ে, কংগ্ৰেছ শীৰ্ষ নেতৃত্বৰ মাজত এতিয়া কেৱল খোৱা কামোৰা, প্ৰকীৰতাৰ্থত দলৰ বাবে কাম কৰা মানুহৰ অভাৱ ঘটিছে কংগ্ৰেছত।”-কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এই মন্তব্য সদ্য কংগ্ৰেছ ত্যাগী নেতা বাবুল পাটৰৰ।

উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ স্বেচ্ছাচাৰী মনোভাৱৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি কালি মধ্য অসমৰ কংগ্ৰেছী ৰাজনীতিত অন্যতম শক্তিশালী যুৱ নেতা তথা তিৱা স্বায়ত্ব পৰিসদৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য বাবুল পাতৰে গুৱাহাটীত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিজেপি দলত যোগদান কৰাৰ ইচ্ছা ব্যক্ত কৰাৰ পিছতে কালি দলৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে ।

লগতে পঢ়কঃ আজৱ পৰম্পৰাঃ ২১ বছৰলৈ যুৱতী ভাৰ্জিন হৈ থকাটো বাঞ্ছনীয় এই দেশত, পালন কৰে উৎসৱ

উল্লেখ্য যে এই সময়ছোৱাত প্ৰাক্তন কংগ্ৰেছ নেতাজনক সংগ দিয়ে জাগীৰোড সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুছ হাজৰিকা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।

মন্ত্ৰী পিয়ুছ হাজৰিকাই কয় যে যুৱ নেতা বাবুল পাতৰৰ যোগদানে দল তোক অধিক শক্তিশালী কৰিব। আনহাতে আজি মৰিগাঁৱৰ নেলীত অনুষ্ঠিত কৰা এক সংবাদ মেলত বাবুল পাটৰে কৈ যে তেওঁ কংগ্ৰেছ দলৰ অৰাজকতাত অতিষ্ঠ হৈ বিজেপি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি যোগদান কৰিছে। বিশেষকৈ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাত তেওঁ অতিশয় মোহিত আৰু মন্ত্ৰী পিয়ুছ হাজৰিকাই সমষ্টি উন্নয়নৰ বাবে লোৱা প্ৰদক্ষেপ সমূহৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি এই দলটোত যোগদান কৰিছে।

You might also like