নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হ’ল সীমান্ত ক্ৰীড়া মহোৎসৱ ২৩

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী: আজিৰ পৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সীমান্ত ক্ৰীড়া মহোৎসৱ’২৩। আজি পুৱা ১০ বজাত পতাকা উত্তোলনৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিক এই প্ৰতিযোগিতাখনৰ শুভাৰম্ভ ঘটে। উল্লেখ্য যে, অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৯খন জিলাত জিলা পৰ্য্যায়ত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা সৰ্বমুঠ ৭২৫ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। ইয়াতে উল্লেখনীয় এয়াও যে, দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ, কাছাৰ আৰু কৰিমগঞ্জ -এই ৯ খন জিলাত অনুষ্ঠিত হৈ যোৱা জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহত মুঠ ৮ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যুৱক-যুৱতীসকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিয়ে আয়োজন কৰা এই ক্ৰীড়া মহোৎসৱে এইবেলি দ্বিতীয়টো বছৰত ভৰি দিলে। প্ৰতিযোগিতাখনত প্ৰতিযোগী সকলে ১০০/২০০/৮০০/১৫০০ মিটাৰৰ দৌৰ, ৪x১০০ মিটাৰ বিলে দৌৰ, হাইজাম্প, লং জাম্প, শ্বটপুট, জেভেলিন থ্ৰো, দিছকাচ থ্ৰো, ফুটবল আৰু কাবাডি খেলৰ প্ৰতিযোগিতাত অংশ ল’ব।

আজি বিয়লি ৪-৩০টা বজাত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে। সীমান্ত ক্ৰীড়া মহোৎসৱ’২৩ৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত হোৱা সেই উদ্বোধনী কাৰ্য্যসূচীত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে এন.আই.আৰ.ডি. আৰু পঞ্চায়তিৰাজৰ সঞ্চালক ডঃ আৰ. মুৰুগেশনে। এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে দিল্লীৰ “হান্স কালচাৰেল চেন্টাৰ”ৰ অপাৰেচনাল হেড বিকাশ বাৰ্মা আৰু অসম আৰক্ষীৰ ডিএছপি তথা অৰ্জুন বঁটা বিজয়িনী নয়নমনি শইকীয়াও। “মাৰ্চ পাষ্ট”ৰ পিছত অতিথিসকলৰ বন্তি প্ৰজ্জ্বলনেৰে আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ মূল কাৰ্য্যসূচী আৰম্ভ হয়। অন্তত শিখা পৰিভ্ৰমণ কাৰ্য্যসূচীৰ আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে সীমান্ত ক্ৰীড়া মহোৎসৱ’২৩ ৰ তিনিদিনীয়া কাৰ্য্যসূচীৰ আজিৰ প্ৰথম দিনৰ কাৰ্য্যসূচীৰ সমাপ্তি ঘটে।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like