নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত অভিযানঃ ২৪ ঘণ্টাত ৮ কোটি টকাৰ হেৰ’ইন জব্দ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: আৰক্ষীৰ কঠোৰ অভিযানৰ পাছতো কার্বি আংলং জিলাৰ মাজেৰে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ তৎপৰতা অব্যাহত আছে৷ ইয়াৰ মাজতে ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে এলানি সফল অভিযান চলাই বিগত ২৪ ঘণ্টাত কার্বি আংলং জিলাৰ বোকাজান আৰক্ষীয়ে প্রায় আঠ কোটি টকাৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰাৰ বিপৰীতে চাৰিটাকৈ দুর্ধর্ষ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে শুকুৰবাৰে দিনৰ প্রায় এঘাৰ বজাত জিলাখনৰ খটখটী আৰক্ষীয়ে এক গোপন সূত্রৰ ভিত্তিত অভিযান চলাই এ এছ–০৯ ই–৯৬৭৭ নম্বৰৰ এল্ট’খনৰ পৰা পাঁচটা বাকচত লুকুৱাই অনা প্রায় ৬৪ গ্রাম হেৰ’ইন জব্দ কৰাৰ লগতে আমছ টকিব নামৰ ড্রাগ্ছ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয়৷ জব্দ হোৱা ড্রাগ্ছখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য কমেও দহ লাখ টকা বুলি অনুমান কৰা হৈছে৷

ইয়াৰ পাছতে যোৱানিশা পুনৰ অসম–নাগালেণ্ড সীমান্তৱর্তী লাহৰীজানত আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে৷ এই সন্দর্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, এক গোপন সূত্রে আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত সীমান্তৱর্তী লাহৰীজানত টহলদাৰী চকীৰ ভাৰপ্রাপ্ত বিষয়া লুতফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লাহৰীজান টহলদাৰী চকীৰ সন্মুুখত তালাচী অভিযান আৰম্ভ কৰে৷

আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে নিশা প্রায় ৯ বজাত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এম এন–০৬ বি–১৩৪১ নম্বৰৰ যাত্রীবাহী বাছখনত তালাচী চলাই ২৭টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৩৩৯.১৬ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ হোৱা হেৰ’ইনখিনি এটা বেগত ভৰাই অনা হৈছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

এই সন্দর্ভত আৰক্ষীয়ে এটা ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৃত সৰবৰাহকাৰীটো মণিপুৰৰ বিষ্ণুপুৰ নিৱাসী আজাদ খান (২৩) বুলি চিনাক্ত কৰা হৈছে৷ জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য কমেও আঢ়ৈ কোটি টকা বুলি অনুমান কৰা হৈছে৷ ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে আৰক্ষীৰ এনে তৎপৰতা অব্যাহত থকাৰ সময়তে শনিবাৰে পুনৰ বোকাজান আৰক্ষীয়ে অভিযান চলাই পুনৰ কেইবাকোটি টকাৰ হেৰ’ইনসহ দুই দুর্ধর্ষ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ঘটনাৰ বিৱৰণী অনুসৰি, এক নির্ভৰযোগ্য সূত্রে আজি আৰক্ষীয়ে মণিপুৰৰ পৰা বুজন পৰিমাণৰ ড্রাগ্ছ সৰবৰাহ কৰি থকাৰ নিশ্চিত তথ্য লাভ কৰে৷ উক্ত তথ্যৰ ভিত্তিত আৰক্ষীয়ে খটখটী, ডিলাই আৰু বৰপথাৰ আৰক্ষী থানা এলেকাৰ মাজত কেইবাটাও স্থানত তালাচী অভিযান আৰম্ভ কৰে৷ এনে সময়তে আজি দিনৰ প্রায় এঘাৰ বজাত ডিমাপুৰৰ দিশৰ পৰা অহা এন এল–০৭ এইচ–৭১১০ নম্বৰৰ ব্রেজা বাহনখনে খটখটী আৰক্ষীৰ তালাচী অতিক্রম কৰি পলাই সাৰিবলৈ সক্ষম হয়৷

খটখটী আৰক্ষীৰ তালাচী অতিক্রম কৰি বৰপথাৰ অভিমুখে বিলাসী বাহনখনে পলায়ন কৰাৰ পৰিপ্রেক্ষিতত বৰপথাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া ধ্রুৱজ্যোতি বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বাহনখন বৰপথাৰ থানাৰ অন্তর্গত চিলনীজান এলেকাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয়৷ স্থানীয় লোকৰ উপস্থিতিত বাহনখনত তন্ন তন্নকৈ তালাচী চলোৱাত বাহনখনৰ দুৱাৰৰ পিছফালৰ এটা অংশত জ্বালাই কৰাৰ চিন আৰক্ষীয়ে প্রত্যক্ষ কৰে৷ বাহনখনৰ জ্বালাই কৰা অংশটো ভাঙি চাবোনৰ বাকচত ভৰাই কৌশলেৰে লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে ৬৯৮ গ্রাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ এই সন্দর্ভত আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ দুটা দুর্ধর্ষ সদস্যক গ্রেপ্তাৰ কৰিবলৈও সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুটা মণিপুৰৰ সেনাপতি নিৱাসী বিকাশ থাপা (২৮) আৰু অমন দাহাল (২৬) বুলি চিনাক্ত কৰা হৈছে৷

প্রাথমিক জেৰাত দুই ধৃত ড্রাগ্ছ সৰবৰাহকাৰীয়ে জব্দ হোৱা হেৰ’ইনখিনি জাগীৰোডলৈ নি থকা হৈছিল বুলি স্বীকাৰ কৰিছে বুলি আৰক্ষী সূত্রে প্রকাশ৷ উল্লেখ্য যে জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য কমেও পাঁচ কোটি টকা বুলি অনুমান কৰা হৈছে৷

You might also like