নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ অক্টোবৰত ডাঃ নভনীল বৰুৱাই মোক ফোন কৰিছিলঃ ভাস্কৰজ্যোতি মহন্ত

দিছপুৰ থানাত দ্বিতীয় দিনাও মাৰাথন জেৰাৰ সন্মুখীন ডাঃ নভনীল বৰুৱা

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ:  নিশাৰ সান্ধ্য আইন ভংগ কৰি মাতাল মডেল ৰাজকন্যা বৰুৱাই জি এছ ৰোডত সংঘটিত কৰা ভয়ংকৰ দুর্ঘটনাৰ প্রসংগত সাঙোৰ খাই পৰিছে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ নাম৷ অভিযুক্ত মডেল ৰাজকন্যাক অনৈতিকভাৱে চিকিৎসালয়ত সুৰক্ষা দি ইতিমধ্যে আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱা জি এন আৰ চিৰ চিকিৎসক ডাঃ নভনীল বৰুৱাই শেহতীয়াকৈ উক্ত ঘটনা সন্দর্ভত আৰক্ষী সঞ্চালকপ্রধানৰ সৈতে ১১ মিনিট সময় ফোনযোগে বার্তালাপ কৰা বুলি আৰক্ষীৰ ওচৰত দিয়া জবানবন্দীৰ পাছতেই সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷

এই প্রতিক্রিয়াৰ মাজতে শনিবাৰে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত ডাঃ নভনীল বৰুৱাৰ ভাষ্যক সঁচা বুলি মন্তব্য কৰি নিজৰ স্পষ্টীকৰণ দাঙি ধৰে৷ সেয়াই নহয়, ৰাজকন্যাৰ দুর্ঘটনাৰ গোচৰৰ ক্ষেত্রত যে আৰক্ষীয়ে চৰম গাফিলতি কৰিছিল, তাকো শনিবাৰে স্বীকাৰ কৰিলে আৰক্ষীৰ শীর্ষ বিষয়াজনে৷

ডি জি পি মহন্তৰ মন্তব্য– ৰাজকন্যাৰ গোচৰত আৰম্ভণিৰ পৰাই এটাৰ পাছত এটা ভুল কৰি গৈছিল দিছপুৰ আৰক্ষীয়ে৷ নভনীল বৰুৱাৰ ফোন সন্দর্ভত তেওঁ কয়– চাৰি অক্টোবৰত চিকিৎসক বৰুৱাই মোলৈ এটা মেছেজ প্রেৰণ কৰিছিল৷ কিন্তু সেই মেছেজ কিবা কামৰ বাবে চোৱা নাছিলোঁ৷ পাছত কথা পতা হ’ল৷ তেতিয়া চিকিৎসক বৰুৱাই মোক ক’লে যে এই ছোৱালীজনী (ৰাজকন্যা) জি এন আৰ চিত চিকিৎসাধীন হৈছে আৰু মোৰ তত্ত্বাৱধানতে চিকিৎসা চলি আছে৷ আপোনালোকে তেওঁক এৰেষ্ট কৰিব নেকি? তেতিয়া মই স্পষ্ট ভাষাত কওঁ– হয়, তেওঁক এৰেষ্ট কৰা হ’ব৷ আৰক্ষীৰ কিছু নিম্নবর্গৰ লোকৰ ভুলৰ বাবেই তেওঁ (ৰাজকন্যা) ওলাই যাব পাৰিলে৷ গতিকে আমি তেওঁক এৰেষ্ট কৰিবলৈ গৈ আছোঁ৷ চিকিৎসক বৰুৱাই তেতিয়া মোক ক’লে– ছোৱালীজনীৰ আত্মহত্যাৰ প্রৱণতা আছে৷ গতিকে আপোনালোকে এৰেষ্ট কৰিলেও এইক্ষেত্রত কিছু সাৱধান হ’ব৷

উল্লেখ্য যে জি এন আৰ চিত চিকিৎসাধীন হোৱা ৰাজকন্যাই চিকিৎসক নভনীল বৰুৱাক হোৱাট্ছএপ মেছেজযোগে এইবুলি উল্লেখ কৰিছিল যে যদি তেওঁক আই চি ইউলৈ ছিফ্ট কৰা নহয়, তেন্তে জি এন আৰ চিৰ ওপৰ মহলৰ পৰা জঁপিয়াই আত্মহত্যা কৰিব৷ চিকিৎসক বৰুৱাই ইতিমধ্যে এই কথা দিছপুৰ আৰক্ষীক অৱগত কৰিছে৷

ইফালে ঘটনা সন্দর্ভত আৰক্ষীয়ে কৰা ভুলৰ কথা স্বীকাৰ কৰি আৰক্ষী সঞ্চালকপ্রধান মহন্তই পুনৰ কয়– এক অক্টোবৰৰ নিশা সংঘটিত ঘটনাৰ পাছত দুই অক্টোবৰৰ দিনা মহানগৰ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াক ফোন কৰি মই এই ভুলৰ বাবে তেওঁক ভর্ৎসনা কৰিছোঁ৷ তেওঁক এইবুলিও স্পষ্ট কৰি দিছিলোঁ যে এই দুর্ঘটনাৰ দ্বাৰা এজন লোকক গুৰুতৰভাৱে আহত কৰাৰ বাবে অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব লাগে৷ আনকি এজাহাৰত কি ধাৰা সন্নিৱিষ্ট কৰিব লাগে, তাক উল্লেখ কৰা হৈছিল৷ কিন্তু এনেদৰে পৰামর্শ দিয়াৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্রহণ নকৰাত মই নির্দেশ দিয়া বিষয়াজনক কৈফিয়ৎ তলব কৰা হ’ল৷ আনকি তলৰ পর্যায়ত যি ভুলৰ বাবে এইধৰণৰ ঘটনা ঘটিল, তাৰ বাবে শাস্তিমূলক ব্যৱস্থা ইতিমধ্যে গ্রহণ কৰা হৈছে৷

আৰক্ষী সঞ্চালকপ্রধানজনে ইয়াকো স্পষ্ট কৰে যে আৰক্ষীৰ নিম্ন পর্যায়ত বহু সময়ত হোৱা ভুলৰ বাবে দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যাবলৈ সক্ষম হয়৷ ইফালে আজি দ্বিতীয় দিনাৰ বাবে জি এন আৰ চিৰ চিকিৎসক নভনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে দীঘলীয়া সময় জেৰা কৰে৷ শুকুৰবাৰে প্রায় ১২ ঘণ্টা ধৰি জেৰা কৰা চিকিৎসক বৰুৱাক পাছত জি এম চি এইচত স্বাস্থ্য পৰীক্ষা কৰোৱাই ঘৰলৈ যাব দিয়া হৈছে৷ শনিবাৰে পুনৰ ৰান এণ্ড হিট গোচৰ সন্দর্ভত জেৰা কৰে জি এন আৰ চিৰ চিকিৎসকগৰাকীক৷ দ্বিতীয় দিনাও প্রায় ১০ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হোৱা ডাঃ বৰুৱাক শনিবাৰে ঘৰলৈ যাব দিয়া হয় যদিও পুনৰ আৰক্ষীয়ে বিচাৰিলে থানলৈ আহিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে৷

You might also like