নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ১ বজাত বন্ধ হ’ব লাগিব দোকান, ব্যৱসায়ীক প্ৰতিষ্ঠান

নিয়মীয়া বাৰ্তা, ১২ মে’: ৰাজ্যখনত দ্বিতীয় পর্যায়ৰ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে অসম চৰকাৰে বুধবাৰে নতুন এছঅ’পি জাৰি কৰে৷ এই নির্দেশনাৱলীসমূহ ১৬, মে ২০২১ তাৰিখৰ পৰা পুনৰ নির্দেশ নিদিয়া
পর্যন্ত বলবৎ থাকিব।

চহৰ অঞ্চলত আৰু চহৰ / নগৰ সমিতিৰ সীমাৰ পৰা ৫ কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান-পোহাৰ দিনৰ ১-০০ বজাত বন্ধ হব। এই অঞ্চল সমূহত দিনৰ ২-০০ বজাৰ পৰা পুৱা ৫-০০ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ।

আনহাতে গ্রাম্য অঞ্চলত দিনৰ ২-০০ বজালৈকে দোকান-পোহাৰ খুলিব পাৰিব। এই অঞ্চলসমূহত সন্ধ্যা ৬-০০ বজাৰ পৰা পুৱা ৫-০০ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ।

ইপিনে সকলো সাপ্তাহিক বজাৰ / হাট অহা ১৫ দিনৰ বাবে সম্পূর্ণ ৰূপে বন্ধ থাকিব।

You might also like