জে’ললৈ ছাত্র মুক্তিৰ তিনিচুকীয়া জিলাৰ সম্পাদক
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ বিভিন্ন ইছ্যুৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়াই তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত প্রতিবাদ সাব্যস্তৰে পৰিচয় দাঙি ধৰা ছাত্র মুক্তি সংগ্রাম সমিতিৰ তিনিচুকীয়া জিলাৰ সম্পাদক উমানন্দ মুদৈ মৰাণসহ দুজন যুৱককবৰডুমচাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি শুকুৰবাৰে ৰঙাঘৰলৈ নিক্ষেপ কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, কালি নিশা বৰডুমচাৰ মাধৱপুৰ বজাৰত সুৰাপান কৰি এজন যুৱকে অভব্য আচৰণ কৰাৰ এক খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুই যুৱকক আটক কৰি আনে৷ সুৰাসক্ত যুৱকজন পেঙেৰী থানাৰ অন্তর্গত তৰণি গাঁও নিৱাসী প্রয়াত লবিন মৰাণৰ পুত্র তথা ছাত্র মুক্তি সংগ্রাম সমিতিৰ তিনিচুকীয়া জিলাৰ সম্পাদক উমানন্দ মুদৈ মৰাণ আৰু আনজন যুৱক থমন মৰাণৰ পুত্র জিতুল মৰাণ৷
আৰক্ষীৰ ভাষ্য মতে, ছাত্র নেতাজনে অত্যন্ত সুৰামত্ত হৈ মাধৱপুৰ বজাৰ নিৱাসী বিপুল শর্মাৰ পিৰালিত প্রস্রাৱ কৰিবলৈ উদ্যত হওঁতেই শর্মা দম্পতীয়ে বাধা প্রদান কৰাত উভতি ধৰে৷ থানাৰ পৰা চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত আৰক্ষীৰ বাহনতে বমি কৰে বুলিও আৰক্ষী সূত্রত প্রকাশ৷ তেনে দুষ্কার্যৰ প্রতিবাদ কৰাত শর্মা পত্নী অনিমা শর্মাৰ প্রতি ক্ষুব্ধ হৈ ছাত্র নেতাজনে নিজৰ পদমর্যাদাৰ কথা উল্লেখ কৰি বিভিন্ন অশ্লীল বাক্যবাণেৰে গালি–গালাজ কৰাতে সীমাবদ্ধ নাথাকি গতা মাৰি শাৰীৰিকভাৱেও অপদস্থ কৰে৷ এই অভিযোগ অনিমা শর্মাৰ৷ ঘটনা সন্দর্ভত অনিমা শর্মাই এজাহাৰ দাখিল কৰাত বৰডুমচা থানাই ছাত্র নেতা উমানন্দৰ লগতে ঘটনাটোৰ ভিডি’ ৰেকর্ডিং কৰি থকা যুৱক জিতুলকো আটক কৰি ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/২৯৪/৩৫৪/৫০৬/৩৪ ধাৰাৰ অধীনত ৫৫/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্রেপ্তাৰ কৰে৷ আজি ধৃত যুৱকদ্বয়ক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷