নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীলৈ উৎসর্গিত ৭ নতুন প্রতিৰক্ষা কোম্পানী

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ বিজয়া দশমীৰ দিনাই ৭টা নতুন প্রতিৰক্ষা কোম্পানী দেশবাসীক উৎসর্গিত কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রতিৰক্ষা মন্ত্রালয়ে আয়োজন কৰা ডি আৰ ডি অ’ চৌহদৰ এক কার্যসূচীত প্রধানমন্ত্রী মোদীয়ে ৭টা নতুন প্রতিৰক্ষা কোম্পানী মুকলি কৰি কয়– ভাৰতে নতুন প্রস্তাৱ লোৱা মানেই নতুন ভৱিষ্যৎ গঢ়া৷

প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্রতিৰক্ষা মন্ত্রালয়ৰ শীর্ষ বিষয়াৰ উপস্থিতিত ৭ কোম্পানী মুকলি কৰি প্রধানমন্ত্রীগৰাকীয়ে কয়– প্রতিৰক্ষা খণ্ডত আজি ৭টা নতুন কোম্পানীৰ অন্তর্ভুক্তিয়ে সক্ষম ভাৰত গঢ়াৰ পূর্ণতা কৰিব৷ মই আশা কৰোঁ যে এই কোম্পানীকেইটাই দেশৰ শক্তিৰ আধাৰ হৈ উঠিব৷ মুকলি কৰা ৭টা কোম্পানী হৈছে–মিউনিচন ইণ্ডিয়া লিমিটেড (এম আই এল), আর্মড ভেহিক’ল্ছ নিগম লিমিটেড (অভনি), এডভান্সড ৱেপন্ছ এণ্ড একুইপমেণ্ট ইণ্ডিয়া লিমিটেড (এ ডব্লিউ ই ইণ্ডিয়া), ট্রুপ কমফ’টছ লিমিটেড (টি চি এল), য়ন্ত্র ইণ্ডিয়া লিমিটেড (ৱাই আই এল), ইণ্ডিয়া অপটেল লিমিটেড (আই অ’ এল) আৰু গ্লিডার্ছ ইণ্ডিয়া লিমিটেড (জি আই এল)৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে এই ৭ কোম্পানীয়ে গৱেষণা আৰু উদ্ভাৱনক প্রাধান্য দি তেওঁলোকৰ কর্মসংস্কৃতি গঢ়ি তুলিব বুলি আশা ব্যক্ত কৰে প্রধানমন্ত্রীগৰাকীয়্৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে ভৱিষ্যতৰ প্রযুক্তিক এই কোম্পানীকেইটাই নেতৃত্ব দিব লাগিব, গৱেষকক সুযোগ দিব লাগিব৷ ষ্টার্ট আপৰ সৈতে সমন্বয় ৰক্ষা কৰিব৷

You might also like