নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কচুৱাত দুজন ভুৱা দন্ত চিকিৎসকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ বুধবাৰে নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ–আৰক্ষী অধীক্ষক দিপ্তী মালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কচুৱাত অভিযান চলাই দুজন ভূৱা দন্ত চিকিৎসকক গ্রেপ্তাৰ কৰে৷ ভূৱা চিকিৎসক দুজন হ’ল বৰপেটা জিলাৰ গুইৰলাৰ নৰুল ইছলাম(৪৩) আৰু পাকাবেতবাৰি পামৰ আজমত আলী (২৩) ৷ বর্তমান কচুৱা তিনি আলিৰ বাসিন্দা ধৃত এই দুই দন্ত চিকিৎসকে নিজকে দন্ত চিকিৎসক বুলি পৰিচয় দি কচুৱাৰ বিভিন্ন বজাৰত দন্ত চিকিৎসা কৰি আহিছিল৷ কচুৱা আদর্শ চিকিৎসালয়, লুটুমাৰী প্রাথমিক স্বাস্থ্য কেন্দ্র আৰু শিঙিমাৰী ৰাজ্যিক চিকিৎসালয় থকাৰ পিছতো এই দুজন চিকিৎসকে বৰপেটাৰ পৰা আহি কচুৱাত বাহৰ পাতি দন্ত চিকিৎসা চলাই আহিছিল৷

স্থানীয় ৰাইজে অভিযোগ কৰা মতে চিকিৎসক নুৰুল ইছলামে জকুটা গাঁৱৰ মজিবুৰ ৰহমান আৰু চিতলমাৰী গাঁৱৰ আব্দুল চাত্তাৰৰ ভুল চিকিৎসা কৰিছিল৷ ভুক্তভূগী এই দুইজন লোকে আৰক্ষী প্রশাসন আৰু স্বাস্থ্য বিভাগৰ কাষ চাপিও ন্যায় পোৱা নাছিল৷ ইয়াৰ পিছতো চিকিৎসক দুজনে শিঙিমাৰী, ভকচুং , এডেনবাৰী, কচুৱা তিনিআলি , লুতুমাৰী বজাৰত বেনাৰ পোষ্টাৰ আৰি দাঁতৰ চিকিৎসা কৰি আহিছিল৷ শেহতীয়াভাৱে কচুৱা তিনিআলিৰ এটা ঘৰত চেম্বাৰ খুলি ভূৱা চিকিৎসক নুৰুল ইছলামে দদাত উঘলা, নতুনকৈ দাঁত লগোৱা আদি কাম কৰি আহিছে৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ভূৱা চিকিৎসক নুৰুল ইছলামৰ লগতে আজমত আলীক আজি অভিযান চলাই গ্রেপ্তাৰ কৰে৷

You might also like