নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজলগাঁৱত সংবাদ মেলঃ কোকৰাঝাৰৰ সংঘৰ্ষৰ ন্যায়িক তদন্ত দাবী এবছুৰ

নিয়মীয়া বাৰ্তা,২০ ছেপ্টেম্বৰ: যোৱা শনিবাৰৰ পুৱতিনিশা কোকৰাঝাৰ জিলাৰ ভূটান সীমান্তৱৰ্তী লুংছুং বনাঞ্চলত আৰক্ষী আৰু সদ্য আত্মপ্ৰকাশ কৰা ইউ এল বি নামৰ অখ্যাত উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত দুজন ব্যক্তি নিহত হোৱা ঘটনা সংক্ৰান্তত এবছুৰ কেন্দ্ৰীয় সমিতিয়ে আজি এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত এবছুই সংঘৰ্ষৰ নামত পুনৰ বড়ো ভূমিত দুজনকৈ চফল ডেকা নিহত হোৱাৰ ঘটনাটোৰ তীব্ৰ গৰিহণা দিয়ে। চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা এবছু কাৰ্যালয় চৌহদত অনুষ্ঠিত সংবাদ মেলখন সম্বোধন কৰি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োই কয় যে বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ক্ৰমান্বয়ে বড়ো ভূমিলৈ শান্তি ঘূৰি আহিছে। চুক্তি অনুসৰি গ্ৰহণ কৰা উন্নয়নৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হোৱাৰ পথত। তেনে সময়তে এক প্ৰতিক্ৰিয়াশীল চক্ৰই পুনৰ বড়ো ভূমি অশান্ত কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে।

এবছুৰ লগতে এন ডি এফ বিৰ চাৰিওটা গোটে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পাছত এক সুবিধাবাদী তথা প্ৰতিক্ৰিয়াশীল চক্ৰই একাংশ যুৱকক উচতনি দি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰাৰ লগতে এবছু আৰু বৰ্তমানৰ বিটিআৰ চৰকাৰ খনক শলঠেকত পেলাবলৈ বিভিন্ন ধৰণে কূট কৌশল প্ৰয়োগ কৰিছে। মাজতে এন এল এফ বি নামৰ সংগঠনটোৰ কিছু সংখ্যক সদস্য জংঘললৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত বিটিআৰৰ উন্নয়নৰ স্বাৰ্থত পুনৰ মূল সুঁতিলৈ উভতি অহিছে। তাৰ  পাছত পুনৰবাৰ ইউ এল বি নাম লৈ একাংশ যুৱকে বিটিআৰ চুক্তি নস্যাৎ কৰি স্বাধীন বড়োলেণ্ডৰ দাবী উত্থাপন কৰি পুনৰ আত্মগোপণ কৰাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। লগতে অক্টোবৰ মাহত অসমত বোমা বিস্ফোৰণ, ভুৱা সংঘৰ্ষৰ নামত এজন ইউ এল বি সদস্য হত্যা কৰিলে আৰক্ষীক আক্ৰমণ কৰি ২০ জনক হত্যা কৰিব বুলি হুংকাৰ দি সংবাদ মাধ্যমলৈ বিবৃতি আৰু ভিডিঅ’ প্ৰেৰণ কৰিছিল। তাৰ ঠিক ২৪ ঘন্টাৰ ভিতৰত কোকৰাঝাৰত আৰক্ষী আৰু সন্দেহযুক্ত ইউ এল বিৰ মাজত হোৱা সংঘৰ্ষত দুজন বড়ো যুৱক নিহত হোৱাৰ ঘটনাই বিটিআৰ অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে।

আজিৰ সংবাদ মেলত এবছু সভাপতি দীপেন বড়োই কোকৰাঝাৰ আৰক্ষী, নিহতৰ পৰিয়ালৰ সদস্যৰ লগতে স্থায়ী ৰাইজৰ ভাষ্যত অমিল থকা বুলি জনায়। যাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই ঘটনাৰ প্ৰকৃত তথ্য উদ্ঘাটন কৰিবলৈ ন্যায়িক তদন্তৰ দাবী জনাইছে। এবছুই অসম চৰকাৰৰ মুখ্য মন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা ড৹ হিমন্ত বিশ্ব শৰ্মাক নিৰপেক্ষ তদন্তৰ স্বাৰ্থত সংঘৰ্ষৰ ন্যায়িক তদন্ত কৰাৰ লগতে নিহত প্ৰাক্তন এনডিএফবি সদস্যদ্বয় ক্ৰমে জনক ব্ৰহ্ম আৰু জৌংছাৰ মুছাহাৰীৰ পৰিয়ালক উপযুক্ত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। এবছুই ভৱিষ্যতে বড়ো ভূমিত সশস্ত্ৰ সংগঠনৰ জন্ম হোৱাটো কোনো পৰিস্থিতিত কামনা নকৰে বুলি সংবাদ মেলত মন্তব্য কৰাৰ লগতে সকলো পক্ষকে বিটিআৰৰ চুক্তি এশ শতাংশ ৰূপায়ণ লগতে অঞ্চলটোৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক তথা অৰ্থনৈতিক দিশত উন্নয়নৰ স্বাৰ্থত উগ্ৰপন্থা ত্যাগ কৰি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ]

যিদৰে ভুৱা সংঘৰ্ষৰ নামত বড়ো ভূমিত যুৱক হত্যা সহজ ভাৱে মানি নলয়, একেদৰে কাৰোবাৰ উচতনিত ভোল গৈ নাইবা প্ৰলোভিত হৈ উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়া কাৰ্য্যক এবছুই ভৱিষ্যতে সহজ ভাৱে মানি নলয় বুলি সভাপতি দীপেন বড়োই সংবাদ মেল খনত মন্তব্য কৰে। কোকৰাঝাৰৰ ঘটনাৰ পাছত যিসকলে সামাজিক মাধ্যমৰ জৰিয়তে নিখিল বড়ো ছাত্ৰ সন্থাক সমালোচনা কৰিছে, সেই সকলে বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বে বিটিএডিত প্ৰিয়া বসুমতাৰী,কোকৰাঝাৰৰ বালাজান বজাৰত ৬ নিৰীহ ব্যক্তিৰ হত্যাকাণ্ডৰ সময়ত ন্যায় বিচাৰি কাৰ কাৰ ওচৰলৈ গৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে। লগতে সেই সময়ত এতিয়া সমালোচনাত সক্ৰিয় হৈ পৰা সকলে মৌনতা অৱলম্বন কৰিছিল বুলিও মন্তব্য কৰে। শনিবাৰৰ পুৱতিনিশা কোকৰাঝাৰত সংঘটিত ঘটনাৰ চৰকাৰ প্ৰশাসনৰ ওচৰত ন্যায়িক তদন্ত দাবী কৰাৰ সমান্তৰাল ভাৱে এবছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে নিজাববীয়াকৈ ক্ষেত্ৰভিত্তিক অনুসন্ধান চলাব বুলি জানিবলৈ দিয়ে। আজিৰ সংবাদ মেলত এবছু সভাপতি দীপেন বড়োৰ লগতে উপ সভাপতি খৌৰৌমদা ওৱাৰী,সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীৰ উপৰিও অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।।

You might also like