নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ইতিহাস আৰু উল্টাপুৰাণ

একালৰ বিশাল মহাভাৰতীয় সাংস্কৃতিক সাম্রাজ্যৰ অন্তর্গত গান্ধাৰ প্রভৃতি অঞ্চলসমূহক সামৰি লোৱা বর্তমান আফগানিস্তান নামেৰে পৰিচিত দেশখনলৈ পুনৰায় মধ্যযুগীয় শাসন ব্যৱস্থা উভতি অহা দেখি বিভিন্ন দেশৰ এচাম লোকে বন্য উল্লাস প্রকাশ কৰিছে৷ এনে এচাম ধর্মোন্মাদ মানুহৰ বাবে আফগানিস্তানৰ শেহতীয়া ঘটনাপ্রৱাহে নতুন আশাৰ বার্তা বহন কৰিছে৷ এয়া যেন ৰক্ষণশীল ইছলাম ধর্মাৱলম্বীসকলৰ বাবে এক অভাৱনীয় বিজয় আনকি আমাৰ অসম ৰাজ্যৰ কিছুসংখ্যক ধর্মান্ধ লোকে তালিবানক সমর্থন কৰি মুকলিকৈ মত প্রকাশ কৰা দেখা গৈছে৷ এই বিজয়োল্লাসে একাংশ দেশৰ এক বিশেষ মহলক বাৰুকৈয়ে স্পর্শ কৰা পৰিলক্ষিত হৈছে৷ এনে দেশসমূহৰ ভিতৰত আমাৰ প্রতিৱেশী বাংলাদেশো অন্যতম৷ আফগানিস্তানত তালিবানৰ ‘সাফল্য’ই বাংলাদেশৰ মৌলবাদী শিবিৰকো উদ্দীপনা যোগাইছে৷ ইয়াৰ প্রতিফলন বাংলাদেশী গণ–মাধ্যমসমূহত সুস্পষ্ট হৈ উঠিছে৷ ফলত ভাৰতবিদ্বেষ আৰু হিন্দুবিদ্বেষত নতুনকৈ ইন্ধনৰ সংযোগ ঘটিছে৷ মুঠৰ ওপৰত দেশখনত মৌলবাদী মহল অভূতপূর্বভাৱে তৎপৰ হৈ উঠাৰ উমান পোৱা গৈছে৷ এই পক্ষটোৱে ভাৰতক সততে এখন ‘ধর্মনিৰপেক্ষতাৰ মুখা পিন্ধা দেশ’ ৰূপে অভিহিত কৰি আহিছে৷ কেৱল সেয়ে নহয়, ই ভাৰতৰ সমগ্র ইতিহাসকে নতুন ৰূপত প্রণয়ন কৰি সর্বসাধাৰণক সাংঘাতিক ধৰণে বিভ্রান্ত কৰিবৰ অপপ্রয়াস অব্যাহত ৰাখিছে৷ প্রায় দুবছৰ পূর্বে ভাৰতৰ সর্বোচ্চ ন্যায়ালয়ে অযোধ্যাৰ বহু পুৰণি ৰাম–জনমভূমি–বাব মছজিদ গোচৰ সন্দর্ভত ৰাম–মন্দিৰ নির্মাণৰ সপক্ষে ৰায়দান কৰাৰ পাছৰে পৰা ইছলামিক মৌলবাদী চক্র ভাৰত ৰাষ্ট্রৰ প্রতি অত্যন্ত ক্ষুব্ধ হৈ আছে৷ এই শিবিৰটোৱে বিগত বহু কালজুৰি প্রচাৰ চলাই আহিছে যে অযোধ্যাৰ পাছত এইবাৰ হিন্দুত্ববাদী পক্ষই কাশীৰ এটা বিশেষ মছজিদ ধ্বংস কৰি তাৰ স্থানত এটা শিৱ মন্দিৰ নির্মাণৰ আঁচনি কৰিছে৷ এই প্রসংগতে পূর্বোক্ত কাশীৰ মছজিদটো নির্মাণৰ নেপথ্যৰ কাহিনী বাংলাদেশী মৌলবাদী শিবিৰৰ প্রবক্তাজনে অতি মনোগ্রাহী ৰূপত দাঙি ধৰিছে৷ তাৰ পূর্বে তেওঁ বিতর্কিত মোগল বাদশ্বাহ ঔৰংজেবৰ দ্বাৰা সংঘটিত প্রতিটো নিদাৰুণ অপৰাধক সম্পূর্ণ ভিত্তিহীন বুলি ঘোষণা কৰি লৈছে৷ তেওঁৰ মতে সিংহাসনৰ লোভত ‘মহামতি’ ঔৰংজেবে পিতৃ ছাহজাহানক বন্দী কৰি ৰখাৰ কথা চূড়ান্ত মিথ্যাচাৰৰ নিদর্শন৷ তেওঁ সিংহাসনৰ প্রতিদ্বন্দ্বী চাৰিজন সহোদৰক প্রাণে মৰাৰ কথাও সমূলি মিছা৷ কিয়নো বাদশ্বাহ ঔৰংজেব আছিল এজন প্রকৃত মুছলমান৷ এতেকে তেওঁ ন্যায় প্রদানৰ প্রতি গভীৰভাৱে দায়বদ্ধ আছিল৷ তেনে এজন মহান নৃপতিক কলংক দিবৰ উদ্দেশ্যেহে ভাৰতৰ ইতিহাসকাৰসকলে ইমান দিনে কুৎসা ৰটনা কৰি আহিছে৷ প্রকৃততে জাহাঁপনা ঔৰংজেব ইমানেই মহদাশয় আছিল যে তেওঁ নিজৰ বাবে ৰাজকোষৰ এটা পাতিপইচাও ব্যয় নকৰিছিল৷ টুপী চিলাই আৰু কোৰানৰ প্রতিলিপি প্রস্তুত কৰিহে ঔৰংজেবে তেওঁৰ দৈনন্দিন প্রয়োজনসমূহ পূৰণ কৰিছিল৷
এতিয়া ক’বলৈ ওলাইছোঁ, কাশীৰ ব্রাহ্মণ বসতিপ্রধান এলেকা এটাত হিন্দুৰ পৃষ্ঠপোষকতাত এটা মছজিদ নির্মাণ হোৱা কথাটোৰ লগত ঔৰংজেবৰ নাম কিদৰে জড়িত হৈ পৰিছিল৷ বাংলাদেশী কোনো এক গণ–মাধ্যমযোগে প্রচাৰ হোৱা এই কাহিনীটো হুবহু তলত লিপিবদ্ধ কৰা হৈছে ঃ
ঔৰংজেব দিল্লীৰ ৰাজপাটত থকাৰ সময়ত কাশীৰ শাসনকর্তা আছিল জনৈক শ্বেৰ খাঁ৷ শ্বেৰ খাঁৰ প্রাসাদ যি স্থানত অৱস্থিত আছিল, তাৰ আশে–পাশে ভট্টাচার্য উপাধিধাৰী এজন ব্রাহ্মণে বাস কৰিছিল৷ ব্রাহ্মণৰ এজনী অনিন্দ্যসুন্দৰী জীয়াৰী আছিল৷ তাইৰ নাম আছিল শকুন্তলা৷ নৱযৌৱনা ৰূপৱতী ব্রাহ্মণ–কন্যা শকুন্তলাৰ ওপৰত কাশীৰ শাসক শ্বেৰ খাঁৰ লোলুপ দৃষ্টি পৰিছিল৷ এদিন তেওঁ শকুন্তলাৰ পিতৃক নিজ গৃহলৈ মতাই আনি আদেশ দিলে যে এসপ্তাহৰ ভিতৰত ব্রাহ্মণে নিজ দুহিতাক কন্যাৰ ৰূপত সজাই–পৰাই তেওঁৰ হাতত অর্পণ কৰিব লাগিব৷ শ্বেৰ খাঁৰ কথা শুনি ব্রাহ্মণৰ অৱস্থা মূৰত স্বৰগ পৰা মানুহৰ দৰে হ’ল৷ তেওঁৰ খাৱন–শোৱন নোহোৱা হ’ল৷ দুদিনমান ঘৰতে আমন–জিমনকৈ বহি থকা দেখি জীয়েক শকুন্তলাই তেওঁক সুধিলে – পিতা তুমি নিশ্চয় কিবা এক ডাঙৰ বিপদত পৰিছাঁ৷ কোৱাঁ মই তোমাক কিদৰে সহায় কৰিব পাৰোঁ? অসহায় পিতাকে সকলো কথা জীয়েকক বিৱৰি ক’লে৷ পিতাকৰ কথা শুনি শকুন্তলাই এই বুলি প্রবোধ দিলে – পিতা তুমি শ্বেৰ খাঁৰ ওচৰলৈ গৈ তাক কোৱাঁ যে আমি দুখীয়া মানুহ, গতিকে নিজ কন্যাক বধূ বেশেৰে সজাবলৈ এসপ্তাহৰ ঠাইত দুসপ্তাহ সময়ৰ প্রয়োজন৷ ব্রাহ্মণেও জীয়েকৰ কথা মতে শ্বেৰ খাঁৰ ওচৰলৈ গৈ এসপ্তাহ সময় বঢ়াই বিচাৰিলে৷ শ্বেৰ খাঁ সেই কথাত সন্মত হ’ল৷ ভাবিলে, এনে এটি নাৰী–ৰত্ন নিজাকৈ লাভ কৰিবলৈ আন এক সপ্তাহ অপেক্ষা কৰিলেইবা, তাতে ক্ষতি কি?
এনেতে এদিন হঠাৎ শকুন্তলা ঘৰৰ পৰা অন্তর্ধান হ’ল৷ তাই ক’লৈ গ’ল কোনেও ক’ব নোৱাৰিলে৷ আচলতে শকুন্তলাই পুৰুষৰ বেশত এটা ঘোঁৰাত উঠি ৰাজধানী দিল্লীলৈ ঢ়াপলি মেলিলে৷ প্রতি শুকুৰবাৰে আলমপনা ঔৰংজেবে জুস্মাৰ নামাজৰ পাছত সর্বসাধাৰণ প্রজাবর্গৰ অভাৱ–ভিযোগ শুনাৰ এটা প্রথা আছিল৷ সেইদিনাও বাদশ্বাহে বিভিন্নজনৰ দৰখাস্তবিলাক নিজ হাতেৰে গ্রহণ কৰিছিল৷ সেই সময়ত মছজিদৰ বাহিৰত শকুন্তলাও তেওঁৰ সাক্ষাতৰ বাবে অপেক্ষাৰতা৷ কিন্তু শকুন্তলাৰ দৰখাস্তখন গ্রহণৰ পূর্বে বাদশ্বাহে তেওঁৰ সোঁ–হাতখন এখন কাপোৰেৰে মেৰিয়াই ল’লে৷ তাকে দেখি শকুন্তলাই বাদশ্বাহক সুধিলে– জাহাঁপনা, দৰখাস্ত গ্রহণত আপোনাৰ এই বৈষম্যৰ কাৰণ কি? তাৰ উত্তৰত ঔৰংজেবে ক’লে – ‘তুমিযে পুৰুষৰ বেশত অহা এগৰাকী নাৰীহে, সেইটো মই আগেই বুজিব পাৰিছিলোঁ৷ পৰনাৰীৰ অংগ স্পর্শ কৰাটো এজন প্রকৃত মুছলমানৰ বাবে মহাপাপ৷ সেয়েহে তোমাৰ দৰখাস্তখন লোৱাৰ আগে মোৰ হাতখন কাপোৰেৰে মেৰিয়াই লৈছিলোঁ৷ বাৰু এতিয়া কোৱাঁচোন, তোমাৰ সমস্যাটো কি?’ বাদশ্বাহৰ সহানুভূতিৰ উমান পাই শকুন্তলাই তাইৰ জীৱনলৈ আচম্বিতে নামি অহা বিপদটোৰ কথা ভাঙি–পাতি ক’লে৷ সকলো শুনি পাছৰ কেইদিনত তাই কি কৰিব লাগিব, তাৰ দিহা দি ঔৰংজেবে ক’লে – মা এতিয়া তুমি কাশীৰ ঘৰলৈ উলটি যোৱাঁ৷ বাদশ্বাহৰ মুখত ‘মা’ সম্বোধন শুনি শকুন্তলা অভিভূত হৈ পৰিল৷
অৱশেষত সেই বিশেষ দিনটো আহি পালে৷ কাশীবাসী ব্রাহ্মণে নিজ কন্যাক বধূ বেশেৰে সজাই শ্বেৰ খাঁৰ প্রাসাদলৈ লৈ গ’ল৷ সমুখত শকুন্তলাক বোৱাৰীৰ ৰূপত দেখি শ্বেৰ খাঁ আনন্দত উত্রাৱল হৈ পৰিল৷ হর্ষোন্মাদ শ্বেৰ খাঁই তাত উপস্থিত থকা ভিক্ষাৰী–ফকীৰবোৰলৈ কিছুমান স্বর্ণমুদ্রা দলিয়াই দিলে৷ এজনৰ বাদে আনসকলে সেই মুদ্রাবিলাক এটা এটাকৈ বুটলি ল’লে৷ সেই বিশেষ ফকীৰজনে জনালে যে শ্বেৰ খাঁই নিজ হাতেৰে দান কৰিলেহে তেওঁ মুদ্রা গ্রহণ কৰিব, অন্যথা নকৰে৷ সুখৰ সাগৰত বুৰ গৈ থকা শ্বেৰ খাঁ সেই কথাত সন্মত হৈ ফকীৰৰ কাষলৈ আগবাঢ়িল৷ ঠিক সেই মুহূর্তত বিশেষ ফকীৰজনে ছদ্মবেশ ত্যাগ কৰি নিজৰ মুখমণ্ডল অনাবৃত কৰিলে৷ শ্বেৰ খাঁই দেখিলে – ফকীৰবেশী লোকজন আন কোনো নহয়, স্বয়ং আলমণিৰ ঔৰংজেব বাদশ্বাহ ঔৰংজেবে শকুন্তলাৰ পিনে চাই ক’লে – মা তুমি এতিয়া নির্ভয়ে পিতাৰাৰ লগত ঘৰলৈ যোৱাঁ, মই এই পাপিষ্ঠটোৰ উচিত বিচাৰ কৰি আছোঁ৷ ঘৰলৈ ওভতাৰ বাটত শকুন্তলাই দেউতাকক সুধিলে – পিতা তুমি মোক দিনটোত কেইবাৰ ‘মা’ বুলি মাতাঁ? জাহাঁপনাই এই পর্যন্ত মোক মুঠতে ষোলবাৰ ‘মা’ সম্বোধন কৰিলে
ইপিনে বাদশ্বাহে শ্বেৰ খাঁৰ চৌহদলৈ তেজাল চাই চাৰিটা ঘোঁৰা আনিবলৈ আদেশ দিলে৷ শ্বেৰ খাঁক ধৰাশায়ী কৰি দুখন হাত আৰু দুটা ভৰি প্রতিটো ঘোঁৰাৰ একোটাকৈ পিছঠেঙত বান্ধি দিয়া হ’ল৷ চাৰিটা তেজীঘোঁৰাৰ আঁজোৰত কাশীৰ মুছলমান শাসনকজনৰ দেহ ছিন্ন–ভিন্ন হৈ গ’ল – ভীমৰ হাতত জৰাসন্ধৰ যি গতি হৈছিল, ঠিক তেনে
বাদশ্বাহৰ এই ন্যায়–বিচাৰ দেখি কেৱল শকুন্তলাৰ পিতৃৰে নহয়, সমগ্র কাশীবাসী হিন্দু সমাজৰ তেওঁৰ প্রতি শ্রদ্ধাত শিৰ নত হ’ল৷ তেওঁলোকে ভাবি নাপালে, কিভাৱে এই মহানুভৱ সম্রাটগৰাকীৰ প্রতি অন্তৰৰ কৃতজ্ঞতা জ্ঞাপন কৰা যায় শকুন্তলাৰ পিতৃয়ে দিল্লীশ্বৰক তেওঁৰ ভগা পঁজাত এবাৰ ভৰি থ’বলৈ মিনতি জনালে৷ বাদশ্বাহে তেওঁৰ অনুৰোধ ৰক্ষা কৰি শকুন্তলাৰ পর্ণকুটীৰত পদার্পণ কৰিলেগৈ৷ ঠিক সেই মুহূর্ততে বাদশ্বাহৰ নামাজ পঢ়িবৰ হৈছিল৷ কিন্তু ব্রাহ্মণৰ গৃহত যে ৰাজযোগ্য আসনৰ অভাৱ৷ সেয়ে খৰখেদাকৈ ঘৰৰ আগচোতালত এডোখৰ খেজুৰ পাত পাৰি দিয়া হ’ল৷ তাতে বহি শ্বাহেনশ্বাহে নামাজ কৰিলে৷ সেই নামাজৰ স্মৃতি যুগমীয়া কৰিবলৈ কাশীৰ হিন্দুসকলৰ দ্বাৰাই তাত নির্মিত হ’ল এটি মছজিদ৷ সেই মছজিদ বাৰাণসী চহৰত আজিও বিদ্যমান৷
প্রিয় পাঠক, এই স্তম্ভত ইয়াৰ আগলৈকে মই কোনো কাহিনীৰ অৱতাৰণা কৰা নাছিলোঁ৷ কিন্তু সাম্প্রতিক কালত পূর্বোক্ত কাহিনীটোৱে এক বিশেষ তাৎপর্য বহন কৰা বুলি ভাবিবলৈ আমি বাধ্য হৈছোঁ৷ কিয়নো এই কাহিনীটোৰ জৰিয়তে ভাৰতৰ ইতিহাসৰ এজন খলনায়কক মহানায়কৰ ৰূপ দিবলৈ প্রয়াস কৰা হৈছে৷ ইয়াৰ নেপথ্যত থকা অভিপ্রায় সম্বন্ধেও সংশয়ৰ থল প্রচুৰ আছে৷ ভাৰতীয় সনাতন ধর্মৰ অন্যতম প্রধান পীঠস্থান কাশীত মছজিদ স্থাপন–প্রক্রিয়াত অতি চাতুর্যৰে উক্ত কাহিনীৰ মাধ্যমে হিন্দু সমাজক জড়িত কৰোৱা হৈছে৷ কিন্তু স্বাভাৱিকতে এই কাহিনীৰ বিশ্বাসযোগ্যতা সন্দর্ভত প্রশ্ণৰ উদয় হ’ব৷ ঔৰংজেব সম্বন্ধে এনে কাহিনী আমি আৰু অনেক পঢ়িবলৈ পাঁও৷ তেনে এটা কাহিনী প্রসিদ্ধ নেপালী সাহিত্যিক শিৱকুমাৰ ৰাইৰ সাহিত্য একাডেমিৰ বঁটাপ্রাপ্ত চুটিগল্প সংকলন ‘খৰস্রোতা’তো (অসমীয়া অনুবাদ ড০ জয়ন্ত কৃষ্ণ শর্মাৰ) সন্নিৱিষ্ট হৈছে৷ যিটো গল্প এক জনপ্রিয় কিম্বদন্তী আধাৰিত বুলি লেখকে উল্লেখ কৰিছে৷ আজিৰ শিতানত আমি দাঙি ধৰা কাহিনীটোত এটা কিম্বদন্তী বুলিহে আমি পতিয়ন গৈছোঁ৷ লক্ষণীয়ভাৱে দুয়োটা কিম্বদন্তীতে বাদশ্বাহ ঔৰংজেবৰ নৃশংসতা ফুটি উঠিছে৷ ওপৰত বর্ণিত কাহিনীটোত যিদৰে শ্বেৰ খাঁৰ দেহ চাৰিটা ঘোঁৰাৰে টনাই চিৰাছিৰ কৰোৱা হৈছিল, শিৱকুমাৰ ৰাইৰ গল্পটোতো ঔৰংজেবে তেওঁৰ নিজ দুহিতাৰ প্রিয়তম প্রেমিক উকীল খাঁক জীৱন্তে তপত পানীত সিজাই হত্যা কৰিছিল৷ একেদৰে ইছলামলৈ ধর্মান্তৰিত হ’বলৈ অস্বীকাৰ কৰা দুজন শিখ ভ্রাতৃক ইটাৰে গাঁথি জীৱন্তে সমাধিস্থ কৰা বুলি কথিত আছে৷ সি যি নহওক, কিম্বদন্তী কিম্বদন্তীয়েই৷ তাৰ পৰা ঐতিহাসিক সত্য উদ্ধাৰৰ প্রয়াস সকলো সময়তে সম্ভৱপৰ বুলি ভবাৰ একো যুক্তি নাই৷
আজিৰ কাহিনীটো সন্দর্ভত আমি ইমানকে ক’ব পাৰোঁ যে ইয়াত বর্ণিত ঔৰংজেবৰ নাৰীৰ পৱিত্রতা ৰক্ষাৰ মহান আদর্শ বর্তমান ইছলামীয় মৌলবাদী সংগঠনসমূহৰ ক্ষেত্রত প্রযোজ্য হোৱাৰ একো সাক্ষ্য আমাৰ সন্মুখত নাই৷ তালিবানেই হওক কিম্বা আইছিছেই হওক, এই সংগঠনবিলাকৰ দৃষ্টিত নাৰী কেৱল ভোগৰ সামগ্রী৷ নাৰীৰ মর্যাদা সন্দর্ভত ইছলাম ধর্মৰ প্রকৃত স্থিতি কি, সেই বিষয়ত আমি আজিও বিভ্রান্ত৷ কিয়নো একেটা বিষয়ত কিম্বদন্তীৰ ঔৰংজেব আৰু আজিৰ তালিবানৰ অৱস্থান এশ আশী ডিগ্রী বিপৰীত৷

You might also like