নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় সমষ্টিৰ উপ–নির্বাচন

শীঘ্রে অনুষ্ঠিত হ’ব ৰাজ্যখনৰ ছটা বিধানসভা সমষ্টিৰ উপ–নির্বাচন৷ পঞ্চদশ অসম বিধানসভাৰ নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ পাছতেই এজন এজনকৈ তিনিজন বিৰোধী পক্ষৰ বিধায়কে পদত্যাগ কৰিছে৷ কংগ্রেছৰ ৰূপজ্যোতি কুর্মী, সুশান্ত বৰগোহাঁই আৰু এ আই ইউ ডি এফৰ ফণীধৰ তালুকদাৰে দলীয় সদস্য পদৰ লগতে বিধায়ক পদ ত্যাগ কৰাৰ ফলত ক্রমে মৰিয়নি, থাওৰা আৰু ভৱানীপুৰ সমষ্টিত উপ–নির্বাচন অৱশ্যম্ভাৱী হৈ উঠিছে৷ ইফালে কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰাৰ পাছত প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতিনিধিত্ব কৰা মাজুলী সমষ্টিৰ উপ–নির্বাচনো একে সময়তে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ তামুলপুৰৰ ইউ পি পি এলৰ বিধায়ক লেহৰাম বড়ো আৰু গোসাঁইগাঁৱৰ বি পি এফৰ বিধায়ক মাজেন্দ্র নার্জাৰীৰ আকস্মিক বিয়োগৰ ফলত সমষ্টি দুটাত অনুষ্ঠিত হ’ব উপ–নির্বাচন৷ সাংবিধানিক বিধি অনুসৰি কোনো বিধায়কৰ মৃত্যু হ’লে অথবা কোনো বিধায়কে পদত্যাগ কৰিলে ছমাহৰ ভিতৰত উপ–নির্বাচন অনুষ্ঠিত হ’ব লাগে৷ ৰাজ্যখনৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব লগা ছটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ দিন নির্বাচন আয়োগে ঘোষণা কৰাৰ পূর্বে সমষ্টিকেইটাত নির্বাচনী তৎপৰতা আৰম্ভ হৈছে৷ বিজেপিৰ প্রদেশ সভাপতি ভৱেশ কলিতাই ইতিমধ্যে ঘোষণা কৰিছে যে উপ–নির্বাচন অনুষ্ঠিত হ’ব লগা ছটা বিধানসভা সমষ্টিৰ ভিতৰত চাৰিটাত বিজেপিৰ আৰু দুটা সমষ্টিত ইউ পি পি এলৰ প্রার্থী যুঁজত নামিব৷ মাজুলী, মৰিয়নি, থাওৰা আৰু ভৱানীপুৰত বিজেপিৰ প্রার্থী থিয় হোৱাৰ বিপৰীতে সহযোগী ইউ পি পি এলৰ প্রার্থী দিয়া হ’ব তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত৷ কংগ্রেছত্যাগী প্রাক্তন বিধায়ক ৰূপজ্যোতি কুর্মী, সুশান্ত বৰগোহাঁই আৰু এ আই ইউ ডি এফত্যাগী ফণীধৰ তালুকদাৰে ক্রমে মৰিয়নি, থাওৰা আৰু ভৱানীপুৰত প্রার্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে৷ প্রাক্তন মুখ্যমন্ত্রী সোণোৱালে প্রতিনিধিত্ব কৰা মাজুলীত বিজেপিৰ প্রার্থী কোন হ’ব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ সমাগত ছটা বিধানসভা সমষ্টিৰ নির্বাচন নিশ্চিতভাৱে শাসকীয় পক্ষৰ বাবেই নহয়, পদত্যাগী তিনি বিধায়কৰ বাবে নিতান্তই গুৰুত্বপূর্ণ হ’ব৷ কিয়নো পদত্যাগী তিনিওজন বিধায়কে চাৰি মাহৰ ভিতৰত নির্বাচনী যুঁজত নামিব৷ এইক্ষেত্রত সমষ্টিকেইটাৰ সর্বসাধাৰণ ভোটদাতাই গ্রহণ কৰা ভূমিকা নিশ্চিতভাৱে লক্ষণীয় হ’ব৷
নির্বাচন আয়োগে উপ–নির্বাচনৰ দিন ঘোষণা কৰাৰ পূর্বে ইতিমধ্যে সমষ্টিকেইটাত শাসক–বিৰোধী নেতাসকলৰ বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে৷ সমষ্টিকেইটাত বিভিন্ন আঁচনি মুকলিৰ লগতে আধাৰশিলা নির্মাণৰ উজান উঠিছে৷ একেদৰেই বিজেপি নেতৃত্বাধীন মিত্রজোঁটক উপ–নির্বাচনত প্রতিহত কৰাৰ বাবে বিৰোধী শিবিৰৰ নেতাসকলৰ মাজতো ব্যস্ততা দেখা গৈছে৷ কিন্তু শাসকীয় পক্ষৰ বিৰুদ্ধে উপ–নির্বাচনত যুঁজ দিয়াৰ বাবে বিৰোধী পক্ষই প্রয়োজনীয় শক্তি আহৰণ কৰাৰ জোখাৰে সফল হোৱা পৰিলক্ষিত হোৱা নাই৷ ২০২১ৰ বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ বাবে কংগ্রেছে এ আই ইউ ডি এফৰ স’তে মিত্রতা কৰিও সফল হ’ব নোৱাৰিলে৷ ফলত কংগ্রেছে এ আই ইউ ডি এফৰ সংগ ত্যাগ কৰিছে৷ একেদৰে কংগ্রেছৰ সংগ ত্যাগ কৰি এক নিৰাপদ দূৰত্বত অৱস্থান কৰিছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলটো৷ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে কংগ্রেছৰ স’তে নির্বাচনী মিত্রতা কৰি উমৈহতীয়া প্রার্থী থিয় কৰোৱাৰ প্রস্তাৱ দিছিল যদিও কংগ্রেছে অখিল গগৈৰ প্রস্তাৱ মানিবলৈ ৰাজী হোৱা নাই৷ ইতিমধ্যে অখিল গগৈৰ থাওৰাত ৰাইজৰ দলৰ প্রার্থী ৰূপে ধৈর্য কোঁৱৰৰ নাম ঘোষণা কৰিছে৷ যোৱা বিধানসভা নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ চি পি এম আৰু চি পি আই দলে উপ–নির্বাচনত কি স্থিতি গ্রহণ কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ এনে পৰিস্থিতিত বিধানসভাৰ সাধাৰণ নির্বাচনৰ লেখীয়া বহুধাবিভক্ত বিৰোধীৰ শিবিৰৰ ভোট বিভাজনৰ সুযোগ লৈ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে উপ–নির্বাচনত সাফল্য লাভ কৰাৰ সম্ভাৱনা প্রকট হৈছে৷

You might also like