নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লংকাত ৪০০ কিঃগ্রাঃ গাঞ্জা জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ মাজেৰে গাঞ্জাৰ সৰবৰাহ অব্যাহত আছে৷ কিছুদিন পূর্বে হোজাই জিলাৰ মোৰাঝাৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এখন ড্রাক আৰক্ষীয়ে জব্দ কৰাৰ পাছত যোৱানিশা লংকাত পুনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ লংকাৰ ৰংমহলাৰ ৫৪নং ৰাষ্ট্রীয় ঘাইপথত ৰখাই থোৱা অৱস্থাত এখন কণ্টেইনাৰ বাহনৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি৷ কণ্টেনাৰখনত ৪০টা বেগত গাঞ্জাখিনি উদ্ধাৰ হয়৷ প্রতিটো বেগত ১০ কিঃগ্রাঃ ওজনৰ মুঠ ৪০০ কিঃগ্রাঃ গাঞ্জা আছিল৷ প্লাইব’ড কঢ়িয়াই অনা গাড়ীখনৰ হুদত লুকোৱাই আনিছিল গাঞ্জাখিনি৷ লগে লগে লংকা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাসহ কণ্টেনাৰখন৷ বাহনখনৰ পঞ্জীয়ন নম্বৰ এইচ আৰ ৩৮ কিউ ৮৪৭৫৷ ঘটনা সংক্রান্তত লংকা আৰক্ষীয়ে ১২৭/২১নম্বৰত এক গোচৰ ৰুজু কৰি এনডিপিএছ আইনৰ ২২ (চি) ধাৰাত বাহনখনৰ চালক তথা গৰাকী সতীশ শর্মাক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছে৷ গাঞ্জা সৰবৰাহৰ মূল চক্রৰ সন্ধান উলিয়াবলৈ গ্রেপ্তাৰ কৰা সতীশ শর্মাক মাৰাথন জেৰা চলাবলৈ আৰক্ষীৰ জিম্মাত বিচৰা হ’ব বুলি জানিব দিছে লংকা থানাৰ ভাৰপ্রাপ্ত বিষয়া পৰিদর্শক বিশ্বজ্যোতি শর্মাই৷ গাড়ীখনৰ গৰাকী তথা চালক হাৰিয়ানাৰ সতীশ শর্মাই গাঞ্জাখিনিৰ সন্দর্ভত অজ্ঞতা প্রকাশ কৰিছে৷ নগাঁৱৰ এটা গুদামত প্লাইব’ড বোজাই কৰাৰ সময়ত গাড়ীৰ ভিতৰত শুই থকা বুলি জানিব দিয়ে সতীশ শর্মাই৷ অৱশ্যে আৰক্ষীৰ জেৰাতহে ঘটনাৰ লগত জড়িত লোকৰ পৰিচয় পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like