নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলা উচ্চতৰ মাধ্যমিকত স্বাস্থ্য শিবিৰ অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পন কাৰ্যসূচীৰ অংশস্বৰূপে আজি টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত “শুশ্ৰুষা সেতু” শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।

১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ–কিশোৰী সকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে আজি টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।

এই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে কলাইগাওঁ সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োৱে। উদ্বোধনী অনুষ্ঠানত বি টি চিৰ খালিংদুৱাৰৰ এম চি এল এ অৰ্জুন দৈমাৰী, ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰি, অতিৰিক্ত জিলা আয়ুক্ত তথা ভেৰগাঁৱৰ মহকুমাধিপাতি ৰিংখং মুছাহাৰী, অতিৰিক্ত জিলা আয়ুক্ত চৰফ্ৰাজ হক, সহকাৰী আয়ুক্ত ক্ৰান্তি দেৱী, জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালক ডাঃ কুমুদ চন্দ্ৰ দাস, বিদ্যালয় পৰিদৰ্শক ভবেন দেউৰী, জিলা সমাজ কল্যাণ বিষয়া ধীৰাজ তালুকদাৰ, ওদালগুৰি স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডঃ প্ৰবীণা দেৱী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া বাছিল টপ্প আদি উপস্থিত থাকে।

এই স্বাস্থ্য শিবিৰত শিশু ৰোগ বিশেষজ্ঞ ডঃ অমিত সিং, ডঃ উপাসনা দেউৰী, ডঃ নৰেন বৰুৱা, মেডিচিন বিশেষজ্ঞ ডঃ কৃনাশু দাস, ডঃ ইমতিয়াজ হুছেইন, ডঃ এম দি শাজাৱাৰ, ডঃ নিৰজ দাস, শল্য চিকিৎসক ডঃ সৌৰভ ভূঞা, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডঃ মহিবুল ৰহমান, ডঃ মিঠুন সৰকাৰ, ডঃ বিষ্ণু প্ৰসাদ ৰাভা, নাক, কাণ, ডিঙিৰ বিশেষজ্ঞ ডঃ উৎপল শৰ্মা, ডঃ হিৰণ্য গয়াৰী, চকু ৰোগ বিশেষজ্ঞ ডঃ ধীৰাজ সিং ছানচৱান, ডঃ তশ্ৰিফা নাজনিন, মানসিক ৰোগ বিশেষজ্ঞ ডঃ অজয় শৰ্মা, অস্থি ৰোগ বিশেষজ্ঞ ডঃ আশীষ শৰ্মা, ডঃ কলতন মহন্ত, ডঃ লক্ষণ বড়ো, দন্ত ৰোগ বিশেষজ্ঞ ডঃ মৃন্ময় কুমাৰ নাথ, ডঃ নিশংক মিলন নাথ আদিৰ লগতে আন কেইবাগৰাকীও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰে ।

এই শিবিৰত ৪০৮১ গৰাকী শিশু তথা কিশোৰ–কিশোৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য শিবিৰটোত বংশানুক্ৰমিক ৰোগ, যকৃৎ, বৃক্ক, চকু, নাক- কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ পৰীক্ষা তথা বিনামূলীয়া ঔষধ প্ৰদান কৰাৰ লগতে একাংশ শিশু তথা কিশোৰ–কিশোৰীক ৰোগ অনুসৰি উন্নত আৰু বিনামূলীয়া চিকিৎসাৰ বাবে বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ১৭ অক্টোবৰ

You might also like