নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰং সানি পবাৰ সৌন্দৰ্যবৰ্ধন কৰিলে জোনাইৰ স্থানীয় যুৱ সমাজে

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ধেমাজি জিলাৰ একমাত্ৰ জীৱিত অৱস্থাত বৰ্তি থকা পবা সংৰক্ষিত বনাঞ্চলক পৰ্যটনৰ আকৰ্ষণ বিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ইয়াৰ সৌন্দৰ্য বৰ্তাই ৰাখিবলৈ প্ৰচেষ্টা হাতত লৈছে জোনাইৰ কেইগৰাকীমান স্থানীয় যুৱকে।

১৯২৪ চনতে বৃটিছ চৰকাৰে ১০,২২১ হেক্টৰ ভূমিক সামৰি ঘোষণা কৰা পবা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত তিনি মাইল ঘাটৰ গছ-গছনিত চূণ সানি সৌন্দৰ্যবৰ্ধনৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে প্ৰকৃতিপ্ৰমী যুৱকৰ দলটোৱে। উল্লেখ্য যে জোনাইৰ পবা বনাঞ্চলৰ পৰ্যটনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰস্থল হৈছে তিলিমাইল ঘাট৷

চিয়াং নদীৰ দাঁতিকাষৰীয়া এই তিনি মাইল ঘাটলৈ অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আহে ক্ষেত্ৰ অধ্যয়নৰ বাবে। ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়নস্থলী হোৱাৰ উপৰি শ শ অভ্যাগতৰ বাবেও ই এক উপযুক্ত বনভোজস্থলীত গঢ় লৈ উঠিছে।  এই স্থানতে পৰ্যটনস্থলী হিচাপে আৰ্কষণ বৃদ্ধি কৰিবলৈ চিয়াং নদীৰ দাঁতিকাষৰীয়া গছসমূহত হাতে হাতে ব্ৰাছ লৈ ৰং সানে জোনাইৰ প্ৰকৃতিপ্ৰমী যুৱককেইজনে৷

কালি যুৱকসকলে গছসমূহত ৰং ঘঁহি সৌন্দৰ্যবৰ্ধন কৰাৰ লগতে পবা নামৰ এখন ফলক তৈয়াৰ কৰি তিনি মাইল ঘাটত স্থাপন কৰে৷ সংবাদকৰ্মী গৌতম পেগু, প্ৰাণজিত দলে, ধেমাজি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, উদীয়মান যুৱক লিম’ কয়ু,অচ্যুত দলেক লৈ গঠিত যুৱকৰ দলটোৱে পবাৰ সৌন্দৰ্য বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে।

You might also like