নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিঃ একেডাল জৰীতে চিপ লৈ আত্মহত্যা প্ৰেমিক-প্ৰেমিকাই

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: এক চাঞ্চল্যকৰ অথচ কৰুণ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত তথা চিয়াজুলী অঞ্চলৰ ২ নং প্ৰতাপগড়ৰ। আজি পুৱাতেই সংঘটিত হোৱা এই ঘটনাত এহাল বিবাহিতা পুৰুষ আৰু মহিলাই পৰকীয়া প্ৰেমত পৰি আত্মহত্যা কৰে ।

জানিব পৰা মতে ২ নং প্ৰতাপগড় গাঁৱৰ নিবাসী নিৰ্মল বৰাৰ পুত্ৰ জিতেন বৰাই (৩২) একে গাঁৱৰে নিজৰ জেঠেৰিয়েক জীৎৰাম শইকীয়াৰ পত্নী বৰ্ণালী শইকীয়া (২২) লগত পৰকীয়া প্ৰেমত পৰি এমাহ পূৰ্বে দুয়ো ঘৰৰ পৰা পলাই গৈছিল। এমাহৰ পিছত কালি ঘৰলৈ ঘূৰি আহিছিল যদিও জিতেনক ঘৰ তথা গাঁৱৰ কোনো লোকে আশ্ৰয় নিদিয়াত গাৱঁৰে নবীন গায়নৰ বাৰীত এজোপা গছত দুয়ো একেডাল ৰচীতে চীপ লৈ আত্মহত্যা কৰে। পুৱা গৰু এৰাল দিবলৈ যোৱা হেম শইকীয়া নামৰ লোক এজনে দুয়োকে গছত ওলমি থকা প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াক খবৰ দিয়াৰ লগতে বগী নদী আৰক্ষীক খবৰ দিয়ে। বগী নদী আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰন্নোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে মৃত দুয়ো প্ৰেমিক প্ৰেমিকা দুটাকৈ সন্তানৰ পিতৃ মাতৃ আছিল বুলি জানিব পৰা গৈছে।

Input: প্ৰেৰক ভূবন গৌতম

You might also like