নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানাহৰ কাহিতামাত অজগৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া তথা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ কাহিতামাত আজি এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়। ছাগলী এটি চিকাৰ কৰাৰ সময়তে পথাৰত কাম কৰি থকা কেইজনমান যুৱকে প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অজগৰডাল । তাৰ পিছতে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ অজগৰডালৰ উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে ।

খবৰৰ পোৱাৰ পিছত কাহিতামাস্থিত বন বিভাগ ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি মানাহৰ ঘন জংঘলত এৰি দিয়াৰ ব্যৱস্থা কৰে।

Input: লৱ কুমাৰ দাস, আনন্দ বজাৰ

You might also like