নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ৰন্ধন গেছৰ চোৰাং ব্যৱসায়: গেলামাল-পাণ দোকানতো বিক্ৰী হয় গেছ চিলিণ্ডাৰ

নিয়মীয়া বাৰ্তা,  ৩ ফেব্ৰুৱাৰী: চৰাইদেউ আৰক্ষী জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি অব্যাহত আছে ৰন্ধন গেছৰ চোৰাং বেহা। যোগান বিভাগৰ ৰহস্যজনক ভূমিকাৰ সুযোগ লৈ চোৰাং ব্যৱসায়ীয়ে ক’লা বজাৰত অত্যধিক মূল্যত অবৈধভাৱে বিক্রী কৰিছে ৰন্ধন গেছৰ চিলিণ্ডাৰ। অভিযোগ মতে চোৰাং ব্যৱসায়ীয়ে গেলামাল দোকানতো ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰাখি বিক্ৰী কৰি গৈছে। প্রাপ্ত তথ্য মতে জিলাখনৰ সদৰ সোণাৰি নগৰৰ লগতে জিলাখনৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সক্ৰিয় হৈ আছে ৰন্ধন গেছৰ চোৰাং ব্যৱসায়ী। গ্ৰাহকৰ পৰা অতি কৌশলেৰে হোমডেলিবাৰীৰৰ নামত গেছৰ কাৰ্ড সংগ্ৰহ কৰি ৰাখে অবৈধ ব্যৱসায়ীসকলে। এই কাৰ্ডসমূহ ব্যৱহাৰ কৰি গেছ এজেঞ্চিৰ পৰা কমিচনৰ বিনিময়ত গ্রাহক নোহোৱাকৈ দালালসকলে এজেঞ্চিৰ পৰা চিলিণ্ডাৰ ক্ৰয় কৰি আনি নিজৰ দোকানত মজুত কৰি বিক্ৰী কৰে। নিয়ম মতে অতি সুৰক্ষিত স্থানত ৰাখি চিলিণ্ডাৰসমূহ বিক্ৰী কৰিব লাগে যদিও জিলাখনত গেলামাল দোকান, পানদোকান আদিত ৰাখি বিক্ৰী কৰা হয়। ৰাজহুৱা স্থান বজাৰ অঞ্চলত এনেদৰে গেছ চিলিণ্ডাৰ মজুত কৰাটো কঠোৰভাবে নিষেধ যদিও যোগান বিভাগ ৰহস্যজনকভাবে নীৰৱ । বিভাগটোক মৌনতাৰ সুযোগ লৈ ১৫০/২০০ টকা অধিক সংগ্ৰহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে চোৰাং ব্যৱসায়ীয়ে। বহু ব্যৱসায়িক এই লুণ্ঠনৰ সুযোগ কৰি দিছে খোদ এজেন্সিৰ মালিকপক্ষই। একাংশ চোৰাং ব্যৱসায়ীয়ে নিজৰ ঘৰতো বৃহৎ পৰিমাণে অবৈধ ৰন্ধনগেছৰ চিলিণ্ডাৰ মজুত কৰি ৰখাৰ অভিযোগ পোৱা গৈছে। এনে অবৈধ ব্যৱসায়ীক নাকী লগাবলৈ জিলা প্রশাসনক দাবী জনাইছে স্থানীয় সচেতন ৰাইজে ।
You might also like