নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত সাত কাৰাবন্দীৰ স্নাতকোত্তৰ ডিগ্রী লাভ

নিয়মীয়া বাৰ্তা,  ৩ ফেব্ৰুৱাৰী:  গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰত শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিছে৷ কেন্দ্রীয় কাৰাগাৰত সাতগৰাকী কাৰাবন্দীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা কেইবাটাও বিষয়ত ডিগ্রী লাভ কৰিবলৈ সক্ষম হৈছে৷ বন্ধুত্বৰ সীমাবদ্ধতাৰ পৰিসীমা ভাঙি সাতগৰাকী কাৰাবন্দী ক্রমে সঞ্জীৱ তালুকদাৰ, মোহিত হোজাই, গোবিন্দ সিংঘাল, খর্গেশ্বৰ বসুমতাৰী, সঞ্জু বৰদলৈ, শংকৰনাৰায়ণ নন্দী আৰু দুদুল দাসে স্নাতকোত্তৰ ছার্টিফিকেট আৰু ডিগ্রী লৈছে৷ কাৰাৰক্ষক কল্যাণ চৌধুৰী আৰু সহযোগী কাৰাধ্যক্ষা পৰিণীতা বৰাই জানিবলৈ দিয়া মতে, আজি খানাপাৰাস্থিত বিশ্ববিদ্যালয় প্রাংগণত অনুষ্ঠিত হোৱা দিক্ষান্ত সমাৰোহত কাৰাবাসী সঞ্জীৱ তালুকদাৰে স্নাতকোত্তৰ মহলাৰ সমাজশাস্ত্র বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ কাৰাবাসী শিক্ষার্থীৰ সফলতাৰ বাবে অসমৰ কাৰাগাৰসমূহৰ মহাপৰিদর্শক বর্ণালী শর্মাই শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য যে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ প্রায় ১০গৰাকী শিক্ষার্থীয়ে বিভিন্ন বিষয়ত অধ্যয়ন কৰি আছে৷

You might also like